Record: ইংলেণ্ডৰ ছুইং সম্ৰাট, বিধ্বংসী পেচ বলাৰ জেমছ এণ্ডাৰছনে ৰচিলে অভিলেখ...

News18 Assam | News18-Assam
Updated:June 10, 2021, 6:46 PM IST
Record: ইংলেণ্ডৰ ছুইং সম্ৰাট, বিধ্বংসী পেচ বলাৰ জেমছ এণ্ডাৰছনে ৰচিলে অভিলেখ...
জেমছ এণ্ডাৰছনে বাৰ্মিংহামত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলি থকাৰ সময়ত, তেওঁ প্ৰাক্তন অধিনায়ক এলিয়েষ্টাৰ কুকক অতিক্ৰম কৰে। বাৰ্মিংহাম টেষ্ট জেমছ এণ্ডাৰছনৰ ১৬২ তম টেষ্ট মেচ।

জেমছ এণ্ডাৰছনে বাৰ্মিংহামত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলি থকাৰ সময়ত, তেওঁ প্ৰাক্তন অধিনায়ক এলিয়েষ্টাৰ কুকক অতিক্ৰম কৰে। বাৰ্মিংহাম টেষ্ট জেমছ এণ্ডাৰছনৰ ১৬২ তম টেষ্ট মেচ।

  • Share this:
ইংলেণ্ডৰ পেচাৰ জেমছ এণ্ডাৰছন (James Anderson), যিয়ে তেওঁৰ চুইঙৰ দ্বাৰা ভাল বেটছমেনসকলক বশ কৰে, আজি ইতিহাস সৃষ্টি কৰিছে। বৃহস্পতিবাৰে ইংলেণ্ডৰ হৈ সোঁহতীয়া পেচাৰজন সৰ্বোচ্চ টেষ্ট খেলা খেলুৱৈৰূপে পৰিগণিত হয়। জেমছ এণ্ডাৰছনে বাৰ্মিংহামত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলি থকাৰ সময়ত, তেওঁ প্ৰাক্তন অধিনায়ক এলিয়েষ্টাৰ কুকক অতিক্ৰম কৰে। বাৰ্মিংহাম টেষ্ট জেমছ এণ্ডাৰছনৰ ১৬২ তম টেষ্ট মেচ।
বাৰ্মিংহামত খেল আৰম্ভ হোৱাৰ আগতে জেমছ এণ্ডাৰছনক পুৰস্কৃত কৰা হয়। তেওঁৰ সহযোগী পেচাৰ ষ্টুৱাৰ্ট ব্ৰডে তেওঁৰ বাবে এটা ভাষণ প্ৰস্তুত কৰিছিল। জেমছ এণ্ডাৰছনে মাত্ৰ ১৯ বছৰ বয়সত টেষ্ট অভিষেক কৰিছিল আৰু এতিয়া ১৬২ টেষ্টৰ সীমাত উপনীত হৈছে।

জেমছ এণ্ডাৰছনে এই ৰেকৰ্ড স্থাপন কৰি কি কয়

জেমছ এণ্ডাৰছনে তেওঁৰ কৃতিত্বৰ ওপৰত কয় যে তেওঁ কেতিয়াও ভবা নাছিল যে তেওঁৰ কেৰিয়াৰ ইমান দীঘল হ'ব। এণ্ডাৰছনে কৈছিল, 'যোৱা ১৮ বছৰৰ এই যাত্ৰাটো আশ্চৰ্যজনক আছিল। মোৰ আজিও মোৰ প্ৰথম খেলখন মনত আছে। মই বিশ্বাসেই কৰিব পৰা নাই যে আজি মই এই স্থানত আছো। তেওঁৰ নামত ৬১৬ টা টেষ্ট উইকেট আছে আৰু এই ফৰ্মেটত সৰ্বাধিক উইকেট সংগ্ৰহকাৰী। এণ্ডাৰছনে ৩০ টা ইনিংছত ৫টা উইকেট দখল কৰিছে।

জেমছ এণ্ডাৰছনে এতিয়া আটাইতকৈ বেছি টেষ্ট মেচ খেলা খেলুৱৈৰ তালিকাত ৭ম স্থানত আছে। এণ্ডাৰছনৰ ভাৰতৰ বিৰুদ্ধে পাঁচখন খেলৰ টেষ্ট শৃংখলাত আৰু তিনিজন প্ৰাক্তন খেলুৱৈক পৰাস্ত কৰাৰ সুযোগ আছে। যদি জেমছ এণ্ডাৰছনে ভাৰতৰ বিৰুদ্ধে পাঁচোখন টেষ্ট খেলে, তেন্তে তেওঁ ৰাহুল দ্ৰাবিড়, শিৱনাৰায়ণ চন্দ্ৰপল আৰু জাক কালিছক অতিক্ৰম কৰিব। ৰাহুল দ্ৰাবিড় আৰু চন্দ্ৰপলে ১৬৪ খন টেষ্ট খেলিছে আৰু জেক কালিছে ১৬৬ খন টেষ্ট খেলিছে।
Published by: Kokil Sarma
First published: June 10, 2021, 6:46 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি