Jio ছিমৰ পৰা AIRTEL বা অন্য নেটৱৰ্কলৈ ফোন কৰোতে কিমান টকাৰ TOP UP ভৰাব লাগিব?

Jioৰ পৰা Jioলৈ ফোন, হোৱাটছএপ বা ফেচটাইমৰ কল বিনামূলীয়া। কেৱল আন নেটৱৰ্কলৈ ফোন কৰোতেহে লাগিব ৬পইছা প্ৰতি মিনিটৰ চাৰ্জ।

News18-Assam
Updated:October 9, 2019, 6:44 PM IST
Jio ছিমৰ পৰা AIRTEL বা অন্য নেটৱৰ্কলৈ ফোন কৰোতে কিমান টকাৰ TOP UP ভৰাব লাগিব?
Jioৰ পৰা Jioলৈ ফোন, হোৱাটছএপ বা ফেচটাইমৰ কল বিনামূলীয়া। কেৱল আন নেটৱৰ্কলৈ ফোন কৰোতেহে লাগিব ৬পইছা প্ৰতি মিনিটৰ চাৰ্জ।
News18-Assam
Updated: October 9, 2019, 6:44 PM IST
Jio ছিমৰ পৰা আন নেটৱৰ্কলৈ কল কৰোতে Jio–ই আপোনাৰ পৰা ৬পইছা প্ৰতি মিনিটত সংগ্ৰহ কৰিব।

Jioৰ গ্ৰাহকে এতিয়াৰে পৰা Out Going কলৰ বাবে প্ৰতি মিনিটত ভৰিব লাগিব ৬ পইচাকৈ
ইণ্টাৰকানেক্ট ইউজেছ চাৰ্জৰ (IUC) নামত লোৱা হ’ব প্ৰতি মিনিটত ৬ পইচাকৈ। TRAIৰ নিয়ম অনুসৰি ৰিলায়েঞ্চ জিঅ’ই সামান্য সালসলনি কৰিছে নিজৰ আঁচনি। এতিয়াৰে পৰা Jioৰ গ্ৰাহকসকলে আন নেটৱৰ্কলৈ কল কৰিলে ভৰিব লাগিব প্ৰতি মিনিটত ৬ পইচাকৈ।

ইণ্টাৰকানেক্ট ইউজেছ চাৰ্জৰ (IUC) নামত লোৱা হ’ব প্ৰতি মিনিটত ৬ পইচাকৈ। অৱশ্যে Jioৰ পৰা Jioলৈ কল কৰিলে ভৰিব নালাগে কোনো চাৰ্জ। কেৱল আন নেটৱৰ্কলৈ Out Going কলৰ ক্ষেত্ৰতহে এই চাৰ্জ ভৰিব লাগিব। ৰিলায়েঞ্চ জিঅ’ৰ বাকী সকলো প্লেন একেই থাকিব।

ৰিলায়েঞ্চ জিঅ’ই ট্ৰাইৰ এই নিয়মৰ কাৰণে গ্ৰাহকক বিনামূলীয়া কলৰ সুবিধা দিবলৈ আন অপাৰেটৰক নিজৰ পৰা IUC আদায় কৰি আহিছিল। যোৱা তিনি বছৰত Jio-ই ১৩,৫০০কোটি টকা NET IUC হিচাপে আন অপাৰেটৰক দি আহিছিল।

আন ম’বাইল অপাৰেটৰ সকলে নিজৰ 4G গ্ৰাহকৰ কাৰণে ভইচ কলৰ টেৰিফ হ্ৰাস কৰাৰ সময়ত নিজৰ ৩৫–৪০কোটি 2G গ্ৰাহকৰ পৰা সৰহকৈ টেৰিফ আদায় কৰি আহিছিল। প্ৰতি মিনিটত ১.৫০টকাকৈ লৈ আহিছে আন অপাৰেটৰ সকলে।

আন নেটৱৰ্ক আৰু ৰিলায়েঞ্চ জিঅ’ৰ টেৰিফৰ পাৰ্থক্যৰ কাৰণে এয়াৰটেল আৰু ভডাফোন–আইডিয়াৰ গ্ৰাহকে জিঅ’ গ্ৰাহকলৈ মিছ কল দি ফোন কৰিবলৈ কৈ আহিছিল। জিঅ’ই নেটৱৰ্কত প্ৰতিদিনে ২৫ৰ পৰা ৩০কোটি মিছ কল প্ৰতি দিনে আহে। অৰ্থাৎ জিঅ’ই আন নেটৱৰ্কলৈ ফোন কৰাৰ ধন আদায় দিব লগীয়া হয়। ইয়াৰ কাৰণে দৈনিক প্ৰায় ৬৫ৰ পৰা ৭৫কোটি মিনিটৰ আউট গয়িং কলৰ কাৰণে প্ৰতি মিনিটত ৬পইছা চাৰ্জ দি আহিছিল জিঅ’ই।

এই IUC top-up ভাউচাৰ জিঅ’ই গ্ৰাহকক প্ৰদান কৰিব।

এই ৬পইছা প্ৰতি মিনিটৰ চাৰ্জ জিঅ’ৰ পৰা জিঅ’লৈ কল কৰোতে, সকলো ইনকামিং কল, জিঅ’ৰ পৰা লেণ্ডলাইন কল, হোৱাটছএপ বা ফেচটাইম বা তেনেধৰনৰ প্লেটফ’ৰ্মৰ পৰা কল কৰোতে দিব নালাগে। ইয়াৰ লগতে গ্ৰাহকে আদায় দিয়া প্ৰতি ১০টকাৰ বিনিময়ত অতিৰিক্ত ১জিবি ডাটা লাভ কৰিব। IUC টপ আপ ভাউচাৰ ১০টকাৰ পৰা উপলব্ধ হ’ব।

এই ৬ পইচা সেই অপাৰেটৰে লাভ কৰিব য’লৈ ইনকামিং কল আহে আৰু যি অপাৰেটৰৰ পৰা আউট গয়িং কল যায় সেই অপাৰেটৰে পৰিশোধ কৰিব লাগে এই ধন।

পূৰ্বে TRAI–এ কৈছিল যে ২০২০ চনৰ ১ জানুৱাৰীৰ পৰা IUC শুল্ক সম্পূৰ্ণৰূপে নাইকীয়া কৰা হ’ব। কিন্তু এতিয়া TRAI–এ নিজৰ সিদ্ধান্তক লৈ পুনৰ বিবেচনা কৰিছে। Jio-ই IUCৰ নামত আন নেটৱৰ্কক এই ৰাজসাহায্য সদায় দিব নোৱাৰে। সেয়েহে IUC শুল্ক নাইকীয়া হোৱালৈ প্ৰতি মিনিটত ৬ পইচাকৈ এই চাৰ্জ ভৰিব লাগিব গ্ৰাহকে। অৱশ্যে এই অতিৰিক্ত চাৰ্জৰ বিনিময়ত গ্ৰাহকে লাভ কৰিব সম পৰিমাণৰ বিনামূলীয়া ব্ৰডবেণ্ড ডাটা।

ইয়াত বাদে Jioৰ সকলো টেৰিফ প্লেন পূৰ্বৰ দৰেই থাকিব। জিঅ’ৰ পৰা জিঅ’লৈ কৰা সকলো ম’বাইল কল, লেণ্ডলাইন কল, সকলো ইনকামিং কল পূৰ্বৰ দৰেই বিনামূলীয়া হৈ থাকিব। সালসলনি কেৱল এটাই, ২০১৯ৰ ১০ অক্টোবৰৰ পিছত আপুনি যেতিয়া ৰিচাৰ্জ কৰিব তেতিয়া আন নেটৱৰ্কলৈ আউট গয়িং কল কৰিবলৈ IUC TopUp Voucher কিনিব লাগিব। যেতিয়া TRAI–এ এই IUC শুল্ক নাইকীয়া কৰিব, তেতিয়াই জিঅ’ই ইয়াক উঠাই ল’ব।

 
আৰু চাওক পৰৱৰ্তী বাতৰি