এটা বাহ সাজিৰ বাবে আঁহ গোটাবলৈ কমেও ৫০০০বাৰ অহা-যোৱা কৰিব লাগে মতা টোকোৰা চৰাই একোটাই।মাইকী টোকোৰাক আকৰ্ষণ কৰিবলৈকে দৃষ্টিনন্দন বাহ সাজে মতা টোকোৰা চৰায়ে।
এটা বাহ সাজিৰ বাবে আঁহ গোটাবলৈ কমেও ৫০০০বাৰ অহা-যোৱা কৰিব লাগে মতা টোকোৰা চৰাই একোটাই।মাইকী টোকোৰাক আকৰ্ষণ কৰিবলৈকে দৃষ্টিনন্দন বাহ সাজে মতা টোকোৰা চৰায়ে।
বিশ্বৰ সু-নিপুন আভিযান্ত্ৰিক চৰাই হিচাপে পৰিচিত টোকোৰা চৰাইৰ এতিয়া প্ৰজননৰ সময় ৷ দৃষ্টিনন্দন বাহ সাজি মতা টোকোৰাই মাইকী টোকোৰাক আকৰ্ষণ কৰে ৷ আমাৰ চকুৰ আগতে থকা চুবুৰীটোত চলে বিশেষ পৰম্পৰা। চুবুৰীৰে কইনা চুবুৰীৰে দৰা। কইনাৰ সংখ্যা বেছি, দৰাৰ সংখ্যা কম। এজন দৰাই পত্নীৰ মৰ্যদা দিব লাগে বহু গৰাকীক। কইনা সৰহ যদিও কিন্তু দৰা যোগ্য, দক্ষ, অভিযন্তা আৰু সুকন্ঠী হোৱাটো খুবেই জৰুৰী। কইনাক সংগী কৰি লোৱাৰ আগতে দৰাই সাজিব লাগিব দৰা কইনা পৃথকে থাকিব পৰা আটোম টোকাৰী ঘৰ। ঘৰ সাজি থকা দৰাক পৰ্যবেক্ষণ কৰি থাকিব বহু গৰাকী কইনাৰ কেইবাযোৰো চকুৱে। ঘৰ সজা শেষ হ'লে আগ্ৰহী কইনাই নিজেই সোমাই চাব ঘৰত। যদিহে মন:পুত নহয় দৰাই কষ্টেৰে সজা সেই ঘৰ, তেনে দৰাক প্ৰত্যাখ্যান কৰি আঁতৰি যাব কইনা।
আপোনাৰ কাষতে থকা এই চুবুৰীটো আপোনৰো চিনাকি। টোকোৰাই চৰাইৰ চুবুৰী। আমাৰ বাৰীৰ তামোল, নাৰিকল গছত মসৃণ দীঘল পাতৰ আঁহেৰে সজা মনোমোহা টোকোৰা চৰাইৰ বাহ। ফাগুনৰ পাছতে বাহ সাজিবলৈ ধৰে টোকোৰা চৰায়ে। মানুহৰ আশ্ৰয়ত থাকি প্ৰকৃতিৰ বায়ু পানী সেৱন কৰি নিৰ্দিষ্ট গছৰ নিৰাপদ উচ্চতাত বাহ সাজি জীৱন-যৌৱন পাৰ কৰা টোকোৰা চৰাই এতিয়া ক্ৰমান্বয়ে বিলুপ্তিৰ পথত। ইহঁতৰ মতা মাইকীৰ চিন ওলাই প্ৰজননৰ সময়ত। টিট টিটকৈ মাতি, অবিৰত ভাৱে বাহ সাজি ব্যস্ত থকা, খাবলৈ-জিৰাবলৈ সময় নথকাটোৱেই হ'ল মতা টোকোৰা। বেচেৰাই অতবোৰ মাইকী টোকোৰাৰ কেৱল এজনীক সংগ সুখ দিবলৈ সজা বাহটোৰ বাবে আঁহ গোটাবলৈ কমেও ৫০০০বাৰ অহা যোৱা কৰিব লাগে।
মানুহৰ মগজুতকৈয়ো অধিক অভিযান্ত্ৰিক কৌশল প্ৰয়োগ কৰি নিৰ্মাণ কৰে এই বাহ। মূল গছৰ পূৱ ফালে সাজে বাহ। ফাগুনৰ পাছতে হোৱা মৌচুমী বতাহত বাহটো সহজে নষ্ট নহ'বলৈকে সাজে এনেদৰে।
মতা টোকোৰাৰ কষ্টৰ সীমা নাই। এগৰাকীক সংগ সুখ দিয়াৰ পাছতে আন এজনীৰ বাবে সাজিব লাগে বাহ। মানুহে সৃষ্টি কৰা কৃত্ৰিম পৃথিৱীক বেয়া পোৱা টোকোৰা চৰাই এতিয়া ক্ৰমান্বয়ে নোহোৱা হ'বলৈ ধৰিছে। ক'ৰবাত দুই এটাহে দেখা যায়।
এটা সময় আছিল গাঁৱৰ তামোলনী বাৰীত আটোমটোকাৰী টোকোৰা চৰাইৰ লানি লানি বাঁহ ৷ বোকাখাতৰ কুৰুৱাবাহীৰ নিকৰী অঞ্চলত দেখা যায় বিলুপ্তিৰ দিশে গতি কৰা থলুৱা প্ৰজাতিৰ টোকোৰা চৰাই ৷ যাৰ ইংৰাজী নাম 'Black Breasted Weaver' । মুলতঃ জেঠ মাহৰ শেষৰ পৰাই টোকোৰা চৰায়ে বাঁহ সজা আৰম্ভ কৰে ৷ এটা বাহ সাজিবৰ বাবে প্ৰায় ১০ দিনৰ পৰা ১৫ দিনৰ দৰকাৰ হয় ৷ তাৰ পাছতেই পূৰ্বে নিৰ্ধাৰিত কৰা মাইকী চৰাইজনীৰ লগত লগত সম্পৰ্ক স্থাপন হয় আৰু পুনৰ আন এজনীক আকৰ্ষিত কৰিবৰ বাবে মতা চৰাইটো আন এটা বাঁহ সজাত ব্যস্ত হৈ পৰে ৷ মাইকী চৰাইজনীয়ে কেৱল বাহৰ ভিতৰত কণী পাৰি উমনি দি পোৱালী জগাই৷ শাওণ মাহৰ শেষৰ ফালে পোৱালী ডাঙৰ কৰি টোকোৰা চৰাইবোৰ আঁতৰি যায় ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|