এই চহৰখনত নাই পানী, IT কোম্পানীয়ে কৰ্মচাৰীসকলক ক’লে– ঘৰৰ পৰা কৰা কাম

যিটো এলেকাৰ কৰ্মচাৰীসকলক এই নিৰ্দেশ দিয়া হৈছে তাত আছে ১২টা IT কোম্পানী আৰু এই কোম্পানীসমূহত কৰ্মৰত প্ৰায় ৫ হাজাৰতকৈও অধিক কৰ্মচাৰী। এইসকল কৰ্মচাৰীৰ বাবে প্ৰতিদিনে প্ৰয়োজন ১০০০ হাজাৰ লিটাৰ পানী।

news18assam
Updated:June 13, 2019, 6:29 PM IST
এই চহৰখনত নাই পানী, IT কোম্পানীয়ে কৰ্মচাৰীসকলক ক’লে– ঘৰৰ পৰা কৰা কাম
যিটো এলেকাৰ কৰ্মচাৰীসকলক এই নিৰ্দেশ দিয়া হৈছে তাত আছে ১২টা IT কোম্পানী আৰু এই কোম্পানীসমূহত কৰ্মৰত প্ৰায় ৫ হাজাৰতকৈও অধিক কৰ্মচাৰী। এইসকল কৰ্মচাৰীৰ বাবে প্ৰতিদিনে প্ৰয়োজন ১০০০ হাজাৰ লিটাৰ পানী।
news18assam
Updated: June 13, 2019, 6:29 PM IST
গৰমৰ প্ৰকোপ বৃদ্ধি হোৱাৰ লগে লগে পানীৰ অভাৱো বৃদ্ধি হৈ গৈ আছে। পানীৰ অভাৱৰ বাবে চেন্নাইৰ অ’ল্ড মহাবলীপুৰ এলেকাস্থিত আইটি কোম্পানীসমূহে কৰ্মাচাৰীসকলক ঘৰতে বহি কাম কৰাৰ সুবিধা প্ৰদান কৰিছে। আইটি কোম্পানীসমূহে ক’লে যে কৰ্মচাৰীৰ সুবিধা অনুসৰি উপলব্ধ নাই পানী। লগতে ক’লে যে আগন্তুক ১০০ দিনলৈ কোম্পানীসমূহ পানীৰ অভাৱত ভুগিব। চহৰখনত প্ৰায় ২০০ দিনলৈ হোৱা নাই বৰষুণ, যাৰ বাবে পানীৰ সমস্যা বৃদ্ধি হৈ গৈ আছে।

এই এলেকাটোত ১২টা IT কোম্পানী আছে আৰু এই কোম্পানীসমূহত কৰ্মৰত প্ৰায় ৫ হাজাৰতকৈও অধিক কৰ্মচাৰী। এইসকল কৰ্মচাৰীৰ বাবে প্ৰতিদিনে প্ৰয়োজন ১০০০ হাজাৰ লিটাৰ পানী। OMRত ৬০০টা IT কোম্পানী আছে। এই কোম্পানীসমূহত পানীৰ অভাৱ পূৰণ কৰিবলৈ টেংকাৰেৰে পানী অনা হয়। ৪ বছৰ পূৰ্বে যেতিয়া পানী টেংকাৰ এছ’ছিয়েচনৰ প্ৰতিবাদ হৈছিল, সেই সময়তো কৰ্মচাৰীসকলক ঘৰৰ পৰা কাম কৰিবলৈ কোৱা হৈছিল।

শলিংগনল্লুৰ এলেকাৰ এলকাৰ এলকটত ফ’ৰ্ড বিজনেছ ছাৰ্ভিচে কৰ্মচাৰীসকলক খোৱা পানী কৰ্মচাৰীসকলক ঘৰৰ পৰা আনিবলৈ কোৱা হৈছে। Based Water Management Startup Green Environmentৰ CEO আৰু কো–ফাউণ্ডাৰ বৰুণ শ্ৰীধৰণৰ মতে কোম্পানীয়ে প্ৰয়োজন অনুসৰি ৫৫ শতাংশ ট্ৰীটেড ৱাটাৰ ব্যৱহাৰ কৰি আছে।

পানীৰ সংকটত ভুগিছে চেন্নাইৰ বহু অঞ্চল। ছিপকোট আইটি পাৰ্কতো ইয়াৰ বেয়া প্ৰভাৱ পৰিছে। ইয়াত ৪৬টা আইটি কোম্পানী আছে। এই কোম্পানীসমূহত পানীৰ অভাৱ পূৰণ কৰিবলৈ ১৭টা কুঁৱাৰ পৰা পানী উলিওৱা হয়। বৰ্তমান কুঁৱাৰ পৰা মাত্ৰ ১০ লাখ লিটাৰ পানীহে ওলাই আছে।
আৰু চাওক পৰৱৰ্তী বাতৰি