মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »অসমৰ শিক্ষাৰ্থীয়ে মাহে ৫,৪০০ টকাৰ পৰা ৭,৮০০ টকালৈকে পাব, কেনেকৈ পাব চৰকাৰে আগবঢ়োৱা এই ধন? চাওক

অসমৰ শিক্ষাৰ্থীয়ে মাহে ৫,৪০০ টকাৰ পৰা ৭,৮০০ টকালৈকে পাব, কেনেকৈ পাব চৰকাৰে আগবঢ়োৱা এই ধন? চাওক

৩১ অক্টোবৰ আবেদনৰ অন্তিম তাৰিখ

৩১ অক্টোবৰ আবেদনৰ অন্তিম তাৰিখ

৩১ অক্টোবৰ আবেদনৰ অন্তিম তাৰিখ

  • Share this:
অসম তথা উত্তৰ পূৱৰ শিক্ষাৰ্থীৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে এখন বিশেষ আঁচনি। ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ দৰে উত্তৰ পূৱৰ ছাত্ৰ-ছাত্ৰীও যাতে সম ভাবে আগবাঢ়ি যাব পাৰে, সেই লক্ষ্য আগত ৰাখি প্ৰতিমাহে অসম তথা উত্তৰ-পূৱৰ শিক্ষাৰ্থীক ৫৪০০ টকা আৰু ৭,৮০০ টকাকৈ স্ক’লাৰশ্বীপ আগবঢ়াব কেন্দ্ৰীয় চৰকাৰে। ঈষাণ উদয় স্ক’লাৰশ্বীপৰ অধীনত আগবঢ়োৱা হ’ব এই ধনৰাশি।

কেন্দ্ৰীয় চৰকাৰৰ লগতে বিশ্ববিদ্যালয় অনুদান আয়োগে আৰম্ভ কৰা এই স্ক’লাৰশ্বীপ স্নাতক পৰ্যায়ৰ সকলো ছাত্ৰ-ছাত্ৰীৰ বাবেই।  আঁচনিৰ অধীনত সাধাৰণ ডিগ্ৰী পাঠ্যক্ৰম পঢ়ি থকা শিক্ষাৰ্থীলৈ মাহে ৫,৪০০ টকা আগবঢ়োৱা হ’ব। সেইদৰে কাৰিকৰী আৰু বিত্তীমুখী পাঠ্যক্ৰম পঢ়ি থকা সকলৰ বাবে ৭,৮০০ টকাকৈ আগবঢ়োৱা হ’ব।

ঈষাণ-উদয় স্ক’লাৰশ্বীপৰ বাবে বৰ্তমান আবেদন প্ৰক্ৰিয়া চলি আছে। স্ক’লাৰশ্বীপৰ সুবিধা গ্ৰহণ কৰিবলৈ অহা ৩১ অক্টোবৰৰ ভিতৰত ‘ugc.ac.in’, ‘scholarships.gov.in’ত ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে আবেদন কৰিব পাৰিব।

কোন সকল ছাত্ৰ-ছাত্ৰীয়ে আবেদন কৰিব পাৰিব?

  • উত্তৰ-পূৱৰ  শিক্ষাৰ্থীৰ বাবে উপলব্ধ এই আঁচনি। যাতে অন্য ৰাজ্যৰ লগতে তেওঁলোকো সমানে আগবাঢ়ি যাব পাৰে।

  • দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ’ব  লাগিব।

  • কেৱল স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ বাবেহে এই স্ক’লাৰশ্বীপ।

  • স্ক’লাৰশ্বীপৰ সুবিধা লাভ কৰিবলৈ হ’লে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ বাৰ্ষিক আয় ৪.৫ লাখতকৈ কম হ’ব লাগিব।


কেনেদৰে কৰিব আবেদনঃ

  • আবেদনৰ বাবে ugc.ac.in আৰু scholarships.gov.in ৱেবচাইটত নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব। ইয়াৰ বাবে নুিজৰ নাম, ঠিকনা, শ্ৰেণীৰ নাম, বিশ্ববিদ্যালয় তথা মহাবিদ্যালয়ৰ নাম, বেংক ডিটেইলচ, আধাৰ নম্বৰ, ৰাজ্যৰ নাম, মোবাইল নম্বৰ আদি সকলো তথ্য দিব লাগিব।


সৱিশেষ জানিবলৈ  ugc.ac.in আৰু  scholarships.gov.in ত  ভিজিট কৰক।

শেহতীয়া বাতৰি