হমমম...নিজকে স্পৰ্শ কৰাটো সঠিক নে?

News18 Assam | News18-Assam
Updated:February 10, 2020, 9:49 AM IST
হমমম...নিজকে স্পৰ্শ কৰাটো সঠিক নে?

  • Share this:
ৰিদ্ধিয়ে (১৪বছৰীয়া, নাম সলনি কৰা হৈছে) নিজৰ জ্যেষ্ঠ ভাতৃৰ ৰূমত এবাৰ এখন মেগাজিন পালে। কৌতুহলপ্ৰৱণতাৰ কাৰণে তাই মেগাজিন খন পঢ়োতে ছবি চাই হঠাৎ উত্তেজনা অনুভৱ কৰিছে। ছবিবোৰ চাই নিজকে স্পৰ্শ কৰি থাকোতে ৰূমত মাতৃ সোমাই আহে। নিজৰ জীয়ৰিৰ এই কাৰ্য চাই হতভম্ব হৈ পৰা মাতৃয়ে গালি–শপনি পাৰি বুজাবলৈ আৰম্ভ কৰে যে এয়া কিমান ভুল কথা! কেনেকৈ শাৰীৰিক বৃদ্ধিত এইবোৰে বাধাৰ সৃষ্টি কৰিব আৰু কেনেকৈ পঢ়া–শুনা আদি সকলো বাধাগ্ৰস্ত হ’ব, মানুহে জানিলে কিমান বেয়া কথা হ’ব সেয়া মাকে তাইক বুজাবলৈ ধৰে। লজ্জিত আৰু ঘৃণিত অনুভৱ কৰি ৰিদ্ধিয়ে মাতৃক ক্ষমা খোজে আৰু সেই কাম কেতিয়াও নকৰাৰ প্ৰতিশ্ৰুতি দিয়ে। অপৰাধবোধ তাইৰ ইমানেই গভীৰ হ’ল যে প্ৰাপ্তবয়স্ক হোৱাৰ পিছতো তাই সেইবোৰ মনলৈ অনা নাছিল।

এয়া হৈছে ভাৰতৰ বেছিভাগ সৰু চহৰৰ সাধাৰণ ঘটনা (সঁচা কথা ক’বলৈ হ’লে ডাঙৰ চহৰতো!) হস্তমৈথুন এক লেতেৰা শব্দ আৰু ইয়াৰ সৈতে বিভিন্ন ভ্ৰান্ত ধাৰণা জৰিত হৈ আছে। সঁচা কথাটো হৈছে হস্তমৈথুনৰ ক্ষেত্ৰত কৈশোৰ কালত শুদ্ধ তথ্য দিয়াটো অতি প্ৰয়োজন। ইয়ে আপোনাৰ শৰীৰটোক সহজভাৱে ল’বলৈ সহায় কৰিব। আপোনাৰ শৰীৰটোৱে কেনে ধৰণৰ স্পৰ্শ ভাল পায় আৰু বেয়া পায় সেই কথাবোৰ জনাৰ ক্ষেত্ৰতো সহায় কৰিব এই শিক্ষাই। ভৱিষ্যতে নিজৰ জীৱন সংগীৰ সৈতে এইবোৰ কথা মুকলিকৈ আলোচনা কৰাৰ ক্ষেত্ৰতো বাট পৰিষ্কাৰ হ’ব।

ভেলেণ্টাইনছ ডে’ৰ উপলক্ষ্যে নিজৰ সৈতে প্ৰেমত পৰাৰ সংকল্প লও আহক!

প্ৰবাদঃ হস্তমৈথুনে স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰে। শাৰীৰিক আৰু মানসিক দুই ধৰণৰে সমস্যা হ’ব পাৰে।

সত্যঃ হস্তমৈথুন স্বাভাৱিক আৰু ইয়াৰ দ্বাৰা স্বাস্থ্যত কোনো কুপ্ৰভাৱ নপৰে। ইয়াৰ দ্বাৰা আপুনি অন্ধ, পাগল বা বুৰ্বক হৈ নপৰে। আপোনাৰ জননাংগৰ ক্ষতি নহয়, মুখত শালমইনা নোলায় আৰু উচ্চতাত প্ৰভাৱ নপৰে। বৰং নিজকে অন্তৰংগভাৱে জানিলে আত্মবিশ্বাস বৃদ্ধিৰহে বাট  মুকলি হয়। হস্তমৈথুনৰ সময়ত আপুনিয়ে নিজৰ শৰীৰটো নিয়ন্ত্ৰণ কৰে গতিকে চৰম সুখ পোৱাৰ বাট মুকলি হয় আৰু সেইকাৰণে এয়া স্বাস্থ্যৰ কাৰণে ভাল পৰিগণিত হৈছে! ইয়াৰ জৰিয়তে অৱসাদ, বিষ, টোপনিহীনতা, গা বেয়া লগা আৰু আনকি গেছৰ সমস্যাও দূৰ হোৱাৰ কথা প্ৰকাশ পাইছে! নিশা আপোনাৰ টোপনি ভাল হ’ব আৰু ইয়াৰ জৰিয়তে পাচন প্ৰণালী ভাল হৈ মুখ আৰু চাল উজ্জ্বল হ’ব।
প্ৰবাদ: হস্তমৈথুনে আপোনাক লেতেৰা চৰিত্ৰৰ কৰে।
সত্য: অকলশৰীয়া যৌনতা হৈছে নিজৰ যৌন শক্তি আৰু আক্যাংক্ষাক বিচাৰি উলিওৱাৰ এক প্ৰাকৃতিক প্ৰক্ৰিয়া। বিশেষকৈ যিসকল কম বয়সীয়া যুৱক–যুৱতীয়ে যৌনতাৰ বিষয়ে বিশেষ নাজানে সেইসকলে কথাবোৰ জনাৰ সুযোগ লাভ কৰে। অধ্যয়নৰ জৰিয়তে প্ৰমাণ হৈছে যে হস্তমৈথুন হৈছে স্বাভাৱিক যৌন বিকাশৰ কাৰণে অভিন্ন প্ৰক্ৰিয়া।

নিজকে আনন্দ দিয়াটো হৈছে নিজকে ভালপোৱাৰ অন্যতম প্ৰকাশভংগী। ইয়ে আপোনাৰ মানসিক আৰু শাৰীৰিক পৰিতৃপ্তি দিয়াৰ লগতে পৰৱৰ্তী জীৱনৰ সংগীৰ সৈতে যৌন সম্পৰ্ক সুস্থ কৰি ৰখাত সহায় কৰে। গতিকে কোনো ধৰণৰ লজ্জাবোধ নকৰাকৈ নিজৰ শৰীৰটোৰ বিষয়ে জানি লওক!
প্ৰবাদ: অতিমাত্ৰা হস্তমৈথুন বেয়া!
সত্য: হস্তমৈথুন হৈছে আপুনি কৰিব পৰা আটাইতকৈ নিৰাপদ যৌন সম্পৰ্ক। ইয়াৰ জৰিয়তে আপুনি গৰ্ভৱতীও নহয় বা যৌন সংক্ৰমিত ৰোগতো আক্ৰান্ত নহয়। ইয়াৰ দ্বাৰা আপুনি নিজৰ শৰীৰৰ বিষয়ে জানিব পাৰে আৰু সুখ লাভ কৰে। প্ৰতিজন ব্যক্তি পৃথক হোৱাৰ কাৰণে কিমান কম আৰু কিমান বেছি সেয়া সঠিককৈ নিৰ্ধাৰণ কৰিব পৰা নাযায়।কোৱা হয় যে এটা দিনত কেবাবাৰো হস্তমৈথুন কৰিলে বিদ্যালয়, সহঃ পাঠ্যক্ৰমৰ লগতে জীৱনৰ অন্যান্য বিনোদনৰ বিষয়সমূহ যেনে টিভি চোৱা, পচন্দৰ আইচ ক্ৰীম খোৱা আদি কাৰ্যত ব্যাঘাত জন্মায়। হস্তমৈথুন আপোনাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কেন্দ্ৰবিন্দু  হৈ পৰিলে জীৱন যাত্ৰাত প্ৰভাৱ পৰিব পাৰে সেয়ে আপুনি নিজৰ কোনো ভাল বন্ধু বা বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো ভাল।

প্ৰবাদ: যিসমূহ কিশোৰে হস্তমৈথুন কৰে তেওঁলোক যৌন অসুস্থতাৰ বলি হয়।
সত্য: বয়সন্ধিঃ কালত আৰু প্ৰাপ্তবয়স্ক কালতো সকলোৱে স্ব সুখ প্ৰাপ্ত কৰে। সংবেদনশীলতাৰ জৰিয়তে মানুহে নিজৰ শৰীৰটোৰ বিষয়ে জানিবলৈ সুযোগ লাভ কৰে। কিশোৰসকলক শিকোৱা উচিত যে হস্তমৈথুন হৈছে এক ব্যক্তিগত ক্ৰিয়া। নিজৰ শোৱনীকোঠাত গোপনে এই কাৰ্য কৰা উচিত, যাতে শৰীৰটোৱে ভাল অনুভৱ কৰে।

গৱেষণাত প্ৰকাশ পাইছে যে জনা শুনা অভিভাৱকে উচিত বয়সত সন্তানক শিক্ষা দিয়াৰ ফলত বিভিন্ন সমস্যাৰ পৰা মুক্ত হৈ থকা যায়। এই শিক্ষাৰ জৰিয়তে যৌন সংক্ৰমিত ৰোগ, গৰ্ভনিৰোধক আৰু নিৰাপদ যৌন সম্পৰ্ক আদিৰ বিষয়েও কম বয়সীয়া সকলক জ্ঞাত কৰিব পাৰি।

গতিকে মানুহে মুকলিকৈ কথা পাতিবলৈ হেহোঁ–নেহোঁ কৰিলেও কোনোৱে হস্তমৈথুন কৰাৰ কাৰণে লজ্জিত হোৱা অনুচিত। ইয়াৰ জৰিয়তে বৰং নিজৰ শৰীৰটো ভালকৈ জানিবহে পাৰিব!

(লেখিকা সুৰভী ৰস্তোগী বিশ্বৰ বিভিন্ন কোম্পানী যেনে Deloitte Consulting, Coca Cola India Inc., GE Capital Europe আৰু Infosys আদিত মানৱ সম্পদ বিভাগত কাম কৰাৰ অভিজ্ঞতাৰে পুষ্ট। বৰ্তমান নিজৰ সন্তানক সময় দিয়াৰ কাৰণে কৰ্মবিৰতি লোৱা সুৰভী RedWombৰ এগৰাকী মানসিক সুস্বাস্থ্য সম্পৰ্কীয় লেখা–মেলা কৰা লেখিকা।)

 

 
আৰু চাওক
পৰৱৰ্তী বাতৰি