গেছৰ চৌকা সন্দৰ্ভত আকৌ এবাৰ আৰম্ভ হৈছে আলোচনা। গেছ ষ্ট’ভ সম্পৰ্কে বিজ্ঞান সম্পূৰ্ণ স্পষ্ট যে ই আপোনাৰ ঘৰৰ ভিতৰত থকা বায়ু প্ৰদূষণৰ এক প্ৰধান উৎস। গেছ ষ্ট’ভৰ বাবে প্ৰদূষণ, হাঁপানী আদি স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে। গেছ ষ্ট’ভটো অন কৰাৰ লগতে চুইচ অফ কৰাৰ সময়তো পৰিৱেশ প্ৰদূষিত হয়। কোৱা হয় যে বাহনসমূহৰ পৰা ওলোৱা গেছতকৈ চৌকাৰ ফলত অধিক প্ৰদূষণ হয়। আমেৰিকাত গেছৰ চৌকা নিষিদ্ধ কৰাৰ আলোচনা চলি আছে।
গেছ ষ্টোভে এইসমূহ সমস্যাৰ সৃষ্টি কৰিব পাৰে
আপোনালোকক জনাওঁ যে গেছৰ চৌকাত ৰন্ধা-বঢ়া কৰিলে বৈদ্যুতিক চৌকাতকৈ বায়ুমণ্ডলত ডেৰ-দুগুণ বেছি কণা উৎপন্ন হয়। ইয়াৰ বাবেই শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ উপৰিও বিষাক্ত গেছে হৃদৰোগ আৰু কৰ্কট ৰোগৰ লগত জড়িত সমস্যাও সৃষ্টি কৰিব পাৰে। ব্লুমবাৰ্গৰ সৈতে হোৱা কথা-বতৰাত অলাভজনক গৱেষণা প্ৰতিষ্ঠান পি এছ ই হেল্থী এনাৰ্জীৰ জ্যেষ্ঠ বিজ্ঞানী ড্ৰু মিচানোভিচে কয় যে, “ঘৰত বায়ু প্ৰদূষণৰ উৎস হিচাপে গেছ ষ্ট’ভে মুখ্য ভূমিকা পালন কৰে।”
গেছ ষ্ট’ভৰ প্ৰতি মানুহ আকৰ্ষিত হয়
শেহতীয়াকৈ আমেৰিকাৰ এটা সংস্থাই প্ৰস্তাৱ দিছিল যে অতি সোনকালে আমেৰিকাত গেছৰ চৌকা নিষিদ্ধ কৰা হ’ব। কাৰণ ইয়েই বায়ু প্ৰদূষণৰ মূল কাৰণ। আমেৰিকাত শিশুৰ হাঁপানীৰ মূল কাৰণ হৈছে গেছৰ চৌকা। বষ্টন বিশ্ববিদ্যালয়ৰ অধ্যাপক জনাথন লেভিয়ে কয় যে, প্ৰচাৰৰ জৰিয়তে গেছ ষ্ট’ভে অধিক জনপ্ৰিয়তা লাভ কৰিছে। গেছ ষ্টোভ বনোৱা কোম্পানীয়ে ইয়াক প্ৰাকৃতিক সামগ্ৰী হিচাপে উপস্থাপন কৰি বিক্ৰী কৰে। একে সময়তে টেলিভিছন, বাতৰি কাকতৰ পৰা ছ’চিয়েল মিডিয়ালৈকে গেছ ষ্ট’ভৰ বিজ্ঞাপন ব্যাপকভাৱে দিয়া হয় যাতে সাধাৰণ মানুহে ইয়াৰ প্ৰতি আকৰ্ষিত হয় আৰু গেছ ষ্ট’ভ ক্ৰয় কৰে।
গেছ ষ্ট’ভৰ পৰা ওলাই অহা মিথেন গেছ
ইয়াৰ বাহিৰেও তেওঁ কয় যে বাহিৰৰ প্ৰদূষণৰ লগতে আমি ঘৰৰ ভিতৰৰ প্ৰদূষণৰ প্ৰতি মানুহক সজাগ কৰিব লাগিব। গেছ ষ্ট’ভৰ পৰা হোৱা প্ৰদূষণৰ এটা প্ৰকাৰ হ’ল মিথেন, যিটো প্ৰাকৃতিক গেছৰ মূল উপাদান। যদিও মিথেনে মানুহৰ স্বাস্থ্যৰ প্ৰতি প্ৰত্যক্ষ ভাবুকিৰ সৃষ্টি নকৰে। ২০২২ চনত এনভাইৰ’মেণ্টেল ছায়েন্স এণ্ড টেকন’লজি নামৰ আলোচনীখনত প্ৰকাশিত এক অধ্যয়ন অনুসৰি সমগ্ৰ কেলিফৰ্ণিয়াত গৱেষকসকলে যেতিয়া ৫৩টা ষ্ট’ভৰ ওপৰত অধ্যয়ন কৰিছিল, তেতিয়া তেওঁলোকে দেখিছিল যে ইয়াৰে এটাৰ বাহিৰে বাকী সকলোবোৰতে মিথেন গেছ লিক হৈ আছে।
জনাথন লেভিয়ে কয়, "মই ভাবো বহুতে প্ৰদূষণ বুলি ক'লে ডাঙৰ ডাঙৰ ঔদ্যোগিক কাৰখানা বা ডাঙৰ ঘাইপথ বা বিদ্যুৎ কেন্দ্ৰৰ কথা মনত পেলায়।'' ইয়াৰ উপৰিও তেওঁ কয়, "অতি কম লোকেহে ভাবে যে প্ৰদূষণৰ উৎস আমাৰ ঘৰ বা কাৰ্যালয়ও হ’ব পাৰে, য’ত আমি দিনটোৰ বেছিভাগ সময় কটাওঁ।" শেহতীয়াকৈ আমেৰিকান কনজিউমাৰ প্ৰডাক্ট ছেফটিয়ে (চিপিএছচি) কয় যে ৰন্ধা-বঢ়াৰ বাবে ব্যৱহাৰ কৰা গেছ ষ্ট’ভৰ বাবে প্ৰদূষণ হয়।"
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|