গাড়ী চলাওতে লগত নিবই লাগিব নেকি লাইচেন্স, ইঞ্চুৰেন্সৰ অৰিজিনেল কপি? কি আছে বিকল্প ব্যৱস্থা

কেন্দ্ৰীয় পথ পৰিবহণ বিভাগে জাৰি কৰিছে নতুন নিৰ্দেশনা

News18-Assam
Updated:September 6, 2019, 4:40 PM IST
গাড়ী চলাওতে লগত নিবই লাগিব নেকি লাইচেন্স, ইঞ্চুৰেন্সৰ অৰিজিনেল কপি? কি আছে বিকল্প ব্যৱস্থা
Source-Google
News18-Assam
Updated: September 6, 2019, 4:40 PM IST
দেশত বলবৎ কৰা হ’ল ট্ৰেফিক আইন। নতুন ট্ৰেফিক আইন বলবৎ কৰাৰ ফলত এতিয়া ট্ৰেফিক আইন উলংঘন কৰা মানেই গুৰুতৰ শাস্তিৰ সন্মুখীন হোৱা! কিন্তু এতিয়া বাইক বা গাড়ী চলাওতে লগত লাইচেন্স, ইঞ্চুৰেন্স আৰু ৰেজিষ্ট্ৰেচনৰ অৰিজিনেল কপি লগত লৈ যোৱাতো বাধ্যতামূলক নেকি? নে ডিজিটেল প্ৰুফ দেখুৱালেও মান্তি হ’ব আৰক্ষী!


কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰণালয়ে জাৰি কৰিছে নতুন নিৰ্দেশনা। বাহন চলাওতে লাইচেন্স, ইঞ্চুৰেন্স আৰু ৰেজিষ্ট্ৰেচনৰ  ডিজিটেল কপিও বৈধ হ’ব। অৱশ্যে ডিজিটেল কপি সমূহ Digilocker অথবা mParivahan mobile app ত আপলোড কৰি থব লাগিব। এনে ব্যৱস্থাৰ ফলত স্কেন কৰি আৰক্ষীৰ আগত দাঙি ধৰিব পৰা হ’ব সকলো নথি পত্ৰ সঠিক ৰূপত থকাৰ প্ৰমাণ!
আৰু চাওক পৰৱৰ্তী বাতৰি