বিয়া নহয় আমাৰ সেয়া মিলনহে আছিল, ইৰফান খানৰ সৈতে ৩৫বছৰীয়া মিঠা অভিজ্ঞতা সোঁৱৰিলে পত্নী সুতপাই, সমাধিত ৰুব এজোপা শেৱালী

News18 Assam | News18-Assam
Updated:May 1, 2020, 7:41 PM IST
বিয়া নহয় আমাৰ সেয়া মিলনহে আছিল, ইৰফান খানৰ সৈতে ৩৫বছৰীয়া মিঠা অভিজ্ঞতা সোঁৱৰিলে পত্নী সুতপাই, সমাধিত ৰুব এজোপা শেৱালী
জীৱনসংগীৰ সৈতে পৰিয়ালটোক এখন নৌকাৰ সৈতে ৰিজালে ইৰফান খানৰ পত্নীয়ে। তেওঁ ক’লে, সৰু পৰিয়ালটো যেন এখন নাওঁ, দুই পুত্ৰ বাবিল আৰু আয়ানে বঠা মাৰি আগুৱাই নিছে আৰু প্ৰয়াত স্বামীয়ে তেওঁলোকক কৈ গৈছে সেইফালে নহয় এইফালে ঘুৰোৱা।

জীৱনসংগীৰ সৈতে পৰিয়ালটোক এখন নৌকাৰ সৈতে ৰিজালে ইৰফান খানৰ পত্নীয়ে। তেওঁ ক’লে, সৰু পৰিয়ালটো যেন এখন নাওঁ, দুই পুত্ৰ বাবিল আৰু আয়ানে বঠা মাৰি আগুৱাই নিছে আৰু প্ৰয়াত স্বামীয়ে তেওঁলোকক কৈ গৈছে সেইফালে নহয় এইফালে ঘুৰোৱা।

  • Share this:
এজন ব্ৰিলিয়েণ্ট কিন্তু মাটিৰ সৈতে মিলি থকা অভিনেতাৰ সৈতে জীৱনৰ ৩৫টা বছৰ কটোৱা মানুহগৰাকীয়ে তেওঁৰ বিয়োগত কৰা অনুভৱৰ এক মৰ্মস্পৰ্শী প্ৰকাশ। সমগ্ৰ বিশ্বৰ কোটি কোটি অনুৰাগীয়ে ইৰফান খানৰ মৃত্যুত শোকাহত হৈ থকাৰ সময়ত এক ইতিবাচক  আৱেগিক বিবৃতিৰে মন জয় কৰিছে ইৰফান পত্নী সুতপাই। ইৰফানৰ অনুপস্থিতি প্ৰকৃততে বহুত কিবা কিবি দিলে বুলি উল্লেখ কৰি তেওঁ কয়, ‘মোৰ কেৱল এটা কথাতে বেয়া লাগি থাকিব যে তেওঁ মোক অত্যাধিক নষ্ট কৰিলে। প্ৰতিটো দিশ সঠিক হোৱাৰ প্ৰতি মন দিয়া মানুহজনৰ কাৰণে মোৰ সাধাৰণ কথাবোৰে আশ্বস্ত কৰিব নোৱাৰে। প্ৰতিটো বিষয়ত এক ছন্দ তেওঁ বিচাৰি উলিয়াইছিল আনকি খহটা আৰু হুলস্থুলীয়া পৰিস্থিতিৰ মাজতো। মই সেই ছন্দৰ সংগীতৰ তালে তালে গাবলৈ আৰু নাচিবলৈ শিকিছো যদিও মোৰ মাত ফটা আৰু নাচত মই একেবাৰে বেয়া।’

জীৱনটোক ‘অভিনয়ৰ মাষ্টাৰক্লাছ’ আখ্যা দি সুতপাই উল্লেখ কৰে অভিনেতাজনৰ মেডিকেল ৰিপ’ৰ্ট তেওঁৰ আগত প্ৰকাশ কৰোতে পৰিচয় দিয়া শক্তিশালী মানসিকতাৰ কথাও।

ইৰফান খানৰ সৈতে জীৱনটোক, ‘ৰোমান্সকৰ, সুন্দৰ, আহ্লাদিত, বেদনাদায়ক আৰু অতি আকৰ্ষণীয়’ আখ্যা দিয়ে পত্নীয়ে। ‘আমাৰ সেইখন বিয়া নাছিল, এয়া এক মিলন আছিল। মই মোৰ সৰু পৰিয়ালটোক এখন নাঁৱত দেখা পাইছো য’ত মোৰ দুই পুত্ৰ বাবিল আৰু আয়ানে বঠা মাৰি আগুৱাই নিছে আৰু ইৰফানে তেওঁলোকক নিৰ্দেশনা দিছে, সেইফালে নহয় এইফালে ঘুৰা।’ জীৱন আৰু চিনেমাৰ মাজত এটাই পাৰ্থক্য ইয়াত কোনো ৰিটেক নাথাকে। তেওঁ কয়।

সুতপা আৰু দুই সন্তানে দিয়া বিবৃতিয়ে বাকৰুদ্ধ আৰু অতি আৱেগিক কৰি তুলিছে অনুৰাগীসকলক। কি বলিউডৰ তাৰকা, কি সাধাৰণ দৰ্শক, অতি সুন্দৰকৈ মনৰ ভাৱ প্ৰকাশ কৰা সুতপা শিকদাৰ আৰু দুই সন্তানক ছচিয়েল মিডিয়াৰ প্ৰতিজন ব্যৱহাৰকাৰীয়ে দিছে অফুৰন্ত মৰম আৰু সমৰ্থন। পত্নী আৰু দুই সন্তানে ইৰফান খানৰ অতি পছন্দৰ শেৱালী ফুল তেওঁৰ সমাধিত ৰুবলৈ সাজু হৈছে। এক বিজয়ী যাত্ৰাৰ অন্তত জিৰণীৰ কাৰণে এই ফুলজোপা উপহাৰ দিব পৰিয়ালে।

উল্লেখযোগ্য যে নেচনেল স্কুল অৱ ড্ৰামাত ইৰফান খানৰ সৈতে সাক্ষাৎ হৈছিল সুতপা শিকদাৰৰ। দীঘলীয়া প্ৰেমৰ সম্পৰ্কৰ মাজেৰে দিল্লীৰ এটি অসমীয়া পৰিয়ালৰ জীয়ৰি সুতপা ইৰফান খানৰ সৈতে বিয়াত বহিছিল ১৯৯৫চনৰ, ফেব্ৰুৱাৰী মাহত।

ডেকাকালত ইৰফান আৰু পত্নী সুতপা বিশেষ মুহূৰ্তত। ফটোঃসুতপা শিকদাৰ ফেচবুক
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading