মাতৃ দিৱসৰ দিনাই যমজ কন্যাৰ মাতৃ হ’ল লৌহমানৱী ইৰম চানু শৰ্মিলা

২০১৭চনত ব্ৰিটিশ প্ৰেমিকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল মণিপুৰৰ লৌহমানৱীগৰাকী। দেওবাৰে ৪৭বছৰীয়া ইৰমে দুজনী কণমানিক জন্ম দিয়ে।

news18assam
Updated:May 12, 2019, 10:48 PM IST
মাতৃ দিৱসৰ দিনাই যমজ কন্যাৰ মাতৃ হ’ল লৌহমানৱী ইৰম চানু শৰ্মিলা
২০১৭চনত ব্ৰিটিশ প্ৰেমিকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল মণিপুৰৰ লৌহমানৱীগৰাকী। দেওবাৰে ৪৭বছৰীয়া ইৰমে দুজনী কণমানিক জন্ম দিয়ে।
news18assam
Updated: May 12, 2019, 10:48 PM IST
মণিপুৰৰ লৌহমানৱী ইৰম চানু শৰ্মিলাৰ কাৰণে এইবাৰৰ মাতৃদিৱস চিৰস্মৰণীয় হৈ ৰ’ব, কাৰণটো হৈছে তেওঁৰ দুই কন্যাৰ জন্ম। দেওবাৰে বাংগালুৰুৰ এখন হাস্পতালত যমজ কন্যাক জন্ম দিয়ে ইৰমে। সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ বিৰুদ্ধে ১৬বছৰীয়া অনশন ২০১৬চনৰ ৯আগষ্টত অন্ত পেলাইছিল ইৰম শর্মিলাই।

৪৭বছৰীয়া ইৰমে চিজাৰিয়ান অপাৰেছনৰ সহায়ত দুইগৰাকী কন্যাক জন্ম দিয়ে। মালেশ্বৰৰমৰ ক্লাউড নাইন গ্ৰুপ অৱ হাস্পতালত পুৱা প্ৰায় ৯বাজি ২১মিনিটত গৰৱিনী মাতৃ হয় ইৰম।

যমজ কন্যাদুগৰাকীৰ নাম ৰখা হৈছে ক্ৰমে নিক্স সখী আৰু অট’ম তাৰা। দুয়োৰে জন্মৰ মাজৰ ব্যৱধান মাত্ৰ এটা মিনিটৰ। কন্যাদুগৰাকী সুস্থ, সৱল আৰু দুয়োৰে ওজন ক্ৰমে দুই কেজি ১৬গ্ৰাম আৰু দুই কেজি ১৪গ্ৰাম বুলি জানিব পৰা গৈছে।

মাতৃ দিৱসৰ দিনাই অপাৰেছন হোৱা ঘটনাক কাকতালীয় আখ্যা দিছে চিকিৎসকে।

উল্লেখযোগ্য যে ইৰমে ২০১৭চনৰ ১৭আগষ্টত নিজৰ ব্ৰিটিশ প্ৰেমিক ডেছমণ্ড এন্থনী বেলাৰনাইন কুটিনহ’ৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।

উত্তৰ পূৱত সশস্ত্ৰ বাহিনীৰ বিশেষ অধিকাৰ আইন, ১৯৫৮ বাতিল কৰিবলৈ ইৰম চানু শৰ্মিলাই কৰা দীঘলীয়া প্ৰতিবাদৰ এক সুকীয়া অভিলেখ আছে। এই কুখ্যাত আইনে নিৰাপত্তা বাহিনীক কোনো ৱাৰেণ্ট নোহোৱাকৈ যাৰে তাৰে ঘৰ, সম্পত্তিৰ তালাচী চলাই মানুহ গ্ৰেপ্তাৰ কৰাৰ অধিকাৰ প্ৰদান কৰিছে। কেৱল ইমানেই নহয় যদি 'দৃঢ় সন্দেহ' হয় তেনেহ’লে ৰাষ্ট্ৰদ্ৰোহী কাৰ্যত লিপ্ত থকাজনৰ বিৰুদ্ধে প্ৰাণঘাতক ব্যৱস্থা ল’বলৈও ৰাষ্ট্ৰই অধিকাৰ দিছে।

মাত্ৰ ২৮বছৰ বয়সতে ইম্ফলত ১০জনকৈ লোকৰ নৃশংস হত্যাকাণ্ডক লৈ শিঁয়ৰি উঠিছিল চানু আৰু তাৰ পিছতে তেওঁ কঠোৰ অনশনেৰে ইয়াৰ প্ৰতিবাদ কৰিছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি