Cricket is a game of uncertainty. কলকাতা নাইট ৰাইডাৰ্ছৰ মুখৰ পৰা বিজয় কাঢ়ি লৈ গ'ল মুম্বাই ইণ্ডিয়ানছে!

News18 Assam | News18-Assam
Updated:April 14, 2021, 12:21 AM IST
Cricket is a game of uncertainty. কলকাতা নাইট ৰাইডাৰ্ছৰ মুখৰ পৰা বিজয় কাঢ়ি লৈ গ'ল মুম্বাই ইণ্ডিয়ানছে!
মুম্বাই ইণ্ডিয়ানছৰ চেম্পিয়ন প্ৰদৰ্শনে কে কে আৰৰ মুখৰ পৰা কাঢ়ি নিলে মেচ

মুম্বাই ইণ্ডিয়ানছৰ চেম্পিয়ন প্ৰদৰ্শনে কে কে আৰৰ মুখৰ পৰা কাঢ়ি নিলে মেচ

  • Share this:
১৫ অভাৰলৈ কোনেও ভবা নাছিল যে মুম্বাই খেলখনত জিকিব পাৰিব। কিন্তু ক্ৰিকেট হৈছে অনিশ্চয়তাৰ খেল। সেয়াই হ'ল মঙলবাৰে মুম্বাই আৰু কলকাতাৰ খেলত। এক নিশ্চিত বিজয়ৰ দিশে কলকাতা আগবাঢ়ি গৈ আছিল। ৩০ টা বলত ৩১ ৰানৰ আৱশ্যক। হাতত আছে ৬টাকৈ বহু মূল্যৱান উইকেট। কিন্তু অঘটন।

এক ধুমুহাৰ নাম ৰাছেল। ক্ৰীজত আহিলেই থৰহৰি কম্পমান হয় বিপক্ষ। কিন্তু এইটো দিন ৰাছেলৰ নাছিল। ৰাছেলে খেলিব নোৱাৰিলে এটাও দৰ্শনীয় শ্বট। অন্তিম অভাৰত ৰাছেল আউট। বিপদত দল। ক্ৰীজৰ আনটো মূৰত নীৰৱ দৰ্শক হৈ থাকিল দীনেশ কাৰ্তিক।

মুম্বাই ইণ্ডিয়ানছে দ্বিতীয় খন খেলত কলকাতা নাইট ৰাইডাৰ্ছক ১০ ৰানত পৰাস্ত কৰিলে। প্ৰথমখন খেলত দলটো বাংগালোৰৰ হাতত ২ উইকেটত পৰাজিত হৈছিল।

পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে আই পি এল ২০২১ত এক আচৰিত প্ৰত্যাৱৰ্তন কৰিলে। মুম্বাইয়ে যোৱা ছিজনৰ দুয়োখন খেলতে কেকেআৰক পৰাস্ত কৰিছিল। মুম্বাইয়ে ছিজনৰ প্ৰথমখন মেচত আৰচিবিৰ হাতত ২ উইকেটত পৰাজিত হৈছিল। মুম্বাইয়ে প্ৰথম ইনিংছত ১৫২ ৰাণ সংগ্ৰহ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত কেকেআৰে মাত্ৰ ১৪২ ৰাণ হে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। কেকেআৰে শেষৰ ৩০ টা বলত ৬ টা উইকেট বাকী থকাঅৱস্থাত ৩১ ৰাণ কৰিব লাগিছিল। তাৰ পিছত কেকেআৰ দলে খেলখন জিকিব নোৱাৰিলে।

ক্ৰুণালে নিজৰ বলত ৰাছেলৰ কেচটো শূন্য ৰানত পেলাই দিছিল। বুমৰাহে ১৮ তম অভাৰত ৰাছেলৰ ৫ ৰানত আন এটা কেচ পেলাইছিল।এইবাৰো বলাৰ আছিল ক্ৰুণাল। শেষৰ দুটা অভাৰত জিকিবলৈ কেকেআৰে ১৯ ৰাণ সংগ্ৰহ কৰিব লগা হৈছিল। বুমৰাহে ১৯ তম অভাৰত মাত্ৰ ৪ ৰান দিছিল। অন্তিম অভাৰত ১৫ ৰাণ সংগ্ৰহ কৰিব লাগিছিল। কিন্তু ব'ল্টে মাত্ৰ ৪ ৰান দিছিল আৰু ২ টা উইকেট লৈছিল। কেকেআৰে ৭ উইকেটত ১৪২ ৰাণ কৰিয়েই সামৰিলে।
Published by: Kokil Sarma
First published: April 14, 2021, 12:09 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি