IPLৰ প্ৰথম খেলত শ্বাসৰুদ্ধকৰ পৰিসমাপ্তি, অন্তিম বলত জয়লাভ RCBৰ

News18 Assam | News18-Assam
Updated:April 10, 2021, 7:49 AM IST
IPLৰ প্ৰথম খেলত শ্বাসৰুদ্ধকৰ পৰিসমাপ্তি, অন্তিম বলত জয়লাভ RCBৰ
IPLত জয়েৰে অভিযান আৰম্ভ কৰিলে বিৰাট কোহলীৰ RCBয়ে। হৰ্ষল পেটেলৰ চমকপ্ৰদক বলিং আৰু ভিলিয়াৰ্ছৰ ধুমুহাত বিধ্বস্ত মুম্বাই।

IPLত জয়েৰে অভিযান আৰম্ভ কৰিলে বিৰাট কোহলীৰ RCBয়ে। হৰ্ষল পেটেলৰ চমকপ্ৰদক বলিং আৰু ভিলিয়াৰ্ছৰ ধুমুহাত বিধ্বস্ত মুম্বাই।

  • Share this:
জয়েৰে অভিযান আৰম্ভ কৰিছে বিৰাট কোহলীৰ দল RCBয়ে। IPL2021ৰ প্ৰথমখন খেল শুকুৰবাৰে সন্ধিয়া মুম্বাই আৰু বেংগালৰুৰ মাজত অনুষ্ঠিত হয়। টছত জয়ী হৈ বিৰাট কোহলীয়ে ৰোহিত শৰ্মা নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। কিন্তু RCBৰ সুন্দৰ বলিঙৰ বাবে মুম্বাই দলে ২০ অভাৰত ১৫৯ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ক্ৰীছ লিনে ৪৯ ৰান, সূৰ্যকুমাৰে ৩১ আৰু ঈষানে ২৮ ৰান কৰে। হৰ্ষল পেটেলে ২৭ ৰানত ৫টা উইকেট দখল কৰে।

প্ৰত্যুত্তৰত বিৰাট কোহলীৰ ৩৩ ৰান, গ্লেন মেক্সৱেলৰ ৩৯ আৰু ভিলিয়াৰ্ছৰ ৪৮ ৰানৰ সহায়ত RCBয়ে অন্তিম বলত জয়লাভ কৰে। হৰ্ষল পেটেলে অন্তিম বলত ১ ৰান লোৱাৰ সুবাদতেই ২ উইকেটত জয়লাভ কৰে RCBয়ে। হৰ্ষল পেটেলক মেন অৱ দ্য মেচ ঘোষণা কৰা হয়।
Published by: Kokil Sarma
First published: April 10, 2021, 7:49 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি