পৃথ্বী শ্ব' আৰু শিখৰ ধাৱনৰ বিস্ফোৰক বেটিঙত দিশহাৰা চেন্নাইৰ বলাৰ। দিল্লীৰ ৭ উইকেটত জয়লাভ।
পৃথ্বী শ্ব' আৰু শিখৰ ধাৱনৰ বিস্ফোৰক বেটিঙত দিশহাৰা চেন্নাইৰ বলাৰ। দিল্লীৰ ৭ উইকেটত জয়লাভ।
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ 2021-ৰ দ্বিতীয়খন খেলত দিল্লী কেপিটেলছে চেন্নাই চুপাৰ কিংছক একপক্ষীয় ভাৱে পৰাস্ত কৰে। দিল্লীয়ে মাত্ৰ ৩ টা উইকেট হেৰুৱাই ১৮.৪ অভাৰত ১৮৯ ৰাণৰ লক্ষ্য অৰ্জন কৰে। দিল্লীৰ হৈ শিখৰ ধাৱন আৰু পৃথ্বী শ্ব'য়ে অৰ্ধশতক অৰ্জন কৰে। শ্ব'য়ে ৩৮ টা বলত ৭২ ৰাণ কৰে, আনহাতে শিখৰ ধাৱানে ৫৪ টা বলত ৮৫ ৰাণৰ অৰিহণা যোগায়। ধাৱন আৰু শ্ব'য়ে প্ৰথম উইকেটৰ বাবে ৮২ টা বলত ১৩৮ ৰাণ কৰি চেন্নাই চুপাৰ কিংছক খেলৰ পৰা সম্পূৰ্ণৰূপে নক আউট কৰে।
শ্ব' আৰু ধাৱনৰ বিস্ফোৰণ:
পৃথ্বী শ্ব' আৰু শিখৰ ধাৱনে দিল্লীক ধুমুহাৰ গতিত আৰম্ভণি দিয়ে। দুয়োজন বেটছমেনে চেন্নাই চুপাৰ কিংছৰ বলাৰসকলৰ দুৰ্বল লাইনৰ সুযোগ লৈ ছয় আৰু চাৰিৰ বৰষুণ আনি দিয়ে। দুয়োজন বেটছমেনে দলটোৰ স্ক'ৰ ২৮ টা বলত ৫০ ৰাণ অতিক্ৰম কৰিছিল আৰু পাৱাৰপ্লেত ৬৫ ৰাণত উপনীত কৰাইছিল। পৃথ্বী শ্ব'য়ে শিখৰ ধাৱনৰ আগত তেওঁৰ অৰ্ধশতক সম্পূৰ্ণ কৰিছিল আৰু ইয়াৰ বাবে মাত্ৰ ২৭ টা বল লৈছিল। শিখৰ ধাৱনেও ৩৫ টা বলত অৰ্ধশতক অৰ্জন কৰিছিল। দুয়োজন বেটছমেনে ৮২ টা বলত ১৩৮ ৰাণ কৰি চেন্নাই চুপাৰ কিংছক খেলৰ পৰা বাহিৰ কৰি দিছিল।
চেন্নাই চুপাৰ কিংছৰ বলাৰসকলৰ বিষয়ে ক'বলৈ গ'লে, শাৰ্দুল ঠাকুৰে সৰ্বাধিক ২ টা উইকেট দখল কৰিছিল কিন্তু লগতে ৩.৪ অভাৰত ৫৩ ৰাণ ব্যয় কৰে। দীপক চাহাৰ- চেম কৰনো বহুত ব্যয়বহুল বুলি প্ৰমাণিত হয়। ডোৱেন ব্ৰাভোৱে নিশ্চিতভাৱে ৪ অভাৰত ২৮ ৰাণত ১ টা উইকেট লয়।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|