ধন্যবাদ ধুমুহা! ১ ৰানত বিজয়ী হোৱাৰ পিছত কিয় ধুমুহাক ধন্যবাদ দিলে কোহলীয়ে?

News18 Assam | News18-Assam
Updated:April 28, 2021, 9:51 AM IST
ধন্যবাদ ধুমুহা! ১ ৰানত বিজয়ী হোৱাৰ পিছত কিয় ধুমুহাক ধন্যবাদ দিলে কোহলীয়ে?
আৰচিবিয়ে নিৰ্ধাৰিত অভাৰত এ বি ডি ভিলিয়ৰ্ছৰ অপৰাজিত ৭৫ ৰাণৰ সহায়ত ১৭১ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত দিল্লীয়ে নিৰ্ধাৰিত অভাৰত মাত্ৰ ১৭০ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

আৰচিবিয়ে নিৰ্ধাৰিত অভাৰত এ বি ডি ভিলিয়ৰ্ছৰ অপৰাজিত ৭৫ ৰাণৰ সহায়ত ১৭১ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত দিল্লীয়ে নিৰ্ধাৰিত অভাৰত মাত্ৰ ১৭০ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

  • Share this:
বিৰাট কোহলীৰ নেতৃত্বত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে (আৰচিবি) দিল্লী কেপিটেলছৰ (দিল্লী ৰাজধানী) বিৰুদ্ধে এক ৰাণৰ ৰোমাঞ্চকৰ জয় পঞ্জীয়ন কৰে। প্ৰথম ইনিংছত আৰচিবিয়ে নিৰ্ধাৰিত অভাৰত এ বি ডি ভিলিয়ৰ্ছৰ অপৰাজিত ৭৫ ৰাণৰ সহায়ত ১৭১ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত দিল্লীয়ে নিৰ্ধাৰিত অভাৰত মাত্ৰ ১৭০ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

এক ৰোমাঞ্চকৰ জয়ৰ পিছত, কোহলীয়ে প্ৰকাশ কৰে যে দিল্লীৰ অধিনায়ক ঋষভ পন্ত আৰু চিমৰন হেটমেয়াৰৰ বেটিঙে এবাৰ তেওঁলোকক পৰাজিত কৰিছিল। পণ্টে অপৰাজিত ৫৮ ৰাণ কৰিছিল আৰু হেটমেয়াৰে ২৫ টা বলত অপৰাজিত ৫৩ ৰাণ কৰিছিল। তেওঁ বালিৰ ধুমুহাকো ধন্যবাদ বুলি কৈছিল।

কোহলীয়ে এটা সময়ত কৈছিল যে এনে লাগিছিল যে খেলখন আমাৰ হাতৰ পৰা ওলাই আহিছে। কিন্তু মহম্মদ চিৰাজে শেষ অভাৰত আত্মবিশ্বাস দিছিল আৰু আমি ভাবিছিলো যে তেওঁ পেচাৰ আৰু ভাল বলিঙেৰে অভাৰটো পৰিচালনা কৰিব। কোহলীয়ে কয় যে যদি আৰচিবিৰ দলে বেয়া ফিল্ডিং নকৰিলেহেতেন তেন্তে খেলখন এনেদৰে আগ নাবাঢ়িলহেতেন। দৰাচলতে, আৰচিবিয়ে খেলখনত কিছুমান কেচ আৰু ৰাণ আউটৰ সুযোগ হেৰুৱাইছিল, যাৰ ফলত খেলখন শেষলৈ ৰোমাঞ্চকৰ হৈছিল।

কোহলীয়ে খেলৰ পূৰ্বৰ বালিৰ ধুমুহাকো ধন্যবাদ জনাইছিল কিয়নো ধুমুহাৰ ফলত নিশা  শুকান বলৰে বল কৰিব পাৰিছিল, ফিল্ড শুকান হৈ আছিল, যাৰ ফলত খেলখনত পাৰ্থক্য আহিছিল।
Published by: Kokil Sarma
First published: April 28, 2021, 9:51 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি