IPL 2021: আইপিএলত কেএল ৰাহুলৰ বাবেই পঞ্জাৱ কিংছে হাৰিছে ইখনৰ পিছত সিখন খেল! পৰিসংখ্যাই ইয়াৰ প্ৰমাণ।
দুটাকৈ অৰ্ধশতক কৰিও দলক বিজয়ৰ সোৱাদ দিব পৰা নাই ৰাহুলে। ২০১৮ পৰা ৰাহুলে ৫০ৰ অধিক ৰাণ কৰা ১০ খেলত হাৰিছে দল।
দুটাকৈ অৰ্ধশতক কৰিও দলক বিজয়ৰ সোৱাদ দিব পৰা নাই ৰাহুলে। ২০১৮ পৰা ৰাহুলে ৫০ৰ অধিক ৰাণ কৰা ১০ খেলত হাৰিছে দল।
- News18 Assam
- Last Updated: April 19, 2021, 10:23 AM IST
আইপিএলত ৰাণ কৰাৰ ক্ষেত্ৰত এই পৰ্যন্ত শিখৰ ধাৱন আৰু গ্লেন মেক্সৱেলৰ পিছতে কেএল ৰাহুল তৃতীয় স্থানত থাকিলেও, ৰাহুলৰ টীম পঞ্জাৱ কিংছ দুখন খেলত পৰাজিত হৈ তালিকাৰ সপ্তম স্থানতহে আছে। কেএল ৰাহুলে তিনিখন খেলৰ দুখনতেই অৰ্ধশতক কৰিছে যদিও তেওঁৰ দলে মাত্ৰ এখনতহে জয়লাভ কৰিছে, দুখনতেই হাৰিছে।
দিল্লী কেপিটেলছৰ বিৰুদ্ধে পৰাজয়ৰ বাবে কৰোবাত নহয় কৰোবাত জগৰীয়া কে এল ৰাহুল। পৰসংখ্যাই ইয়াৰ প্ৰমাণ দিয়ে।
আইপিএলত কেএল ৰাহুলে অৰ্ধশতক কৰিলেও দল হাৰে
২০১৮ৰ পৰা যদি পৰিসংখ্যা বিশ্লেষণ কৰাহয় তেন্তে দেখা যায় যে যিমান খেলত ৰাহুলে ৫০ বা তাতকৈ অধিক ৰাণ কৰিছে তাৰ ভিতৰত ১০খন খেলত দল পৰাস্ত হৈছে। ৰাহুলৰ পিছতেই এই ৰেকৰ্ড আছে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মনীষ পাণ্ডেৰ নামত । যাৰ নিজা ৫০ ৰাণৰ প্ৰতিটো ইনিংছৰ খেলত দলে হাৰিছে ৭ খনত।
আইপিএলত বিজয়ৰ ৰেকৰ্ড ভাল নহয় ৰাহুলৰ












