আগন্তুক ১৯ ছেপ্টেম্বৰ বা ২০ ছেপ্টেম্বৰৰ পৰা পুনৰ আৰম্ভ হ'ব পাৰে IPL 2021ৰ বাকী থকা খেলসমূহ। ১০ অক্টোবৰত হ'ব পাৰে চুড়ান্ত খেল।
ICC T20 বিশ্ব কাপ (ICC T20 World Cup)ৰ আগে আগে আইপিএলৰ খেল সমাপ্ত কৰাৰ লক্ষ্যৰে এই সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে বিচিচিআই (BCCI)য়ে। ICC T20 বিশ্ব কাপৰ অতি কমেও ২ সপ্তাহ পূৰ্বে আইপিএল সমাপ্ত কৰাৰ চেষ্টা কৰা হ'ব। Sports Todayৰ এক বাতৰিত এই কথা প্ৰকাশ।
IPL 2021ৰ ৩১খন খেল বাকী থকা অৱস্থাত কোৰোণাৰ সংক্ৰমণৰ বাবে মে'ৰ আৰম্ভণিতে খেল বন্ধ কৰা হৈছিল যদিও বাতিল কৰা নাছিল। এতিয়া বিচিচিআইয়ে ২১ দিনত ৩১ খন খেলৰ আয়োজন কৰাৰ এক নিখুত পৰিকল্পনা তৈয়াৰ কৰি আছে বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে খেলুৱৈসকলক 'বাবল টু বাবল' (bubble to bubble) ব্যৱস্থাৰে আৰৱলৈ নিয়া হ'ব আৰু তিনিদিন কোৱাৰেণ্টাইনত ৰখা হ'ব।
কিন্তু বিচিচিআইৰ সন্মুখত আছে হিমালয়সম প্ৰত্যাহ্বান। কাৰণ ১৪ ছেপ্টেম্বৰতহে শেষ হ'ব ভাৰত-ইংলেণ্ডৰ ছিৰিজ। কেৰিবিয়ান প্ৰিমিয়াৰ লীগ শেষ হ'ব ১৯ ছেপ্টেম্বৰত। ইয়াৰ মাজতে বাকী দেশসমূহৰ সৈতে বুজাপৰা আৰম্ভ কৰিছে বিচিচিআইয়ে।
এই পৰ্যন্ত খেলৰ স্থান নিশ্চিত হোৱা নাই যদিও ইউএইতেই হোৱাৰ সম্ভাৱনা অধিক। ২০২০ চনতো UAEত আইপিএলৰ খেল হৈছিল।