২০০ তম মেচত চেন্নাইক জয় উপহাৰ দিলে অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে। ১০ ৰান কৰিয়েই বিদায় ল'লে গেইলে।
২০০ তম মেচত চেন্নাইক জয় উপহাৰ দিলে অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে। ১০ ৰান কৰিয়েই বিদায় ল'লে গেইলে।
পেচাৰ দীপক চাহাৰৰ উজ্জ্বল বলিঙৰ বাবে শুকুৰবাৰে আই পি এল-২০২১ খেলখনত চেন্নাই চুপাৰ কিংছে পঞ্জাৱ কিংছক (পিবিকেএছ বনাম চিএছকে) ৬ উইকেটত পৰাস্ত কৰে। ইয়াৰ লগে লগে মহেন্দ্ৰ সিং ধোনীয়ে (এম এছ ধোনী) দলটোৰ অধিনায়ক ৰূপে লীগৰ ১৪ তম ছিজনত প্ৰথমটো জয় পঞ্জীয়ন কৰে৷ পঞ্জাৱে ২০ অভাৰত ৮ টা উইকেট হেৰুৱাই ১০৭ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়, যাৰ ভিতৰত শ্বাহৰুখ খানে ৪৭ ৰাণৰ অৱদান আগবঢ়ায়৷ তাৰ পিছত তিনিবাৰৰ চেম্পিয়ন চেন্নাইয়ে ১৫.৪ অভাৰত চাৰিটা উইকেট হেৰুৱাই লক্ষ্য প্ৰাপ্ত কৰে।
১০৭ ৰাণৰ সহজ লক্ষ্যৰ পিছে পিছে চেন্নাইৰ প্ৰথমটো উইকেট দলৰ ২৪ ৰাণত পৰি যায়, যেতিয়া ৰিতুৰাজ গায়কোৱাণ্ড (৫) দীপক হুডাৰ হাতত অৰ্শদীপ সিঙে ধৰা পেলায়। ফাফ ডুপ্লেচি আৰু মইন আলীয়ে তেতিয়া ইনিংছটো আগুৱাই লৈ গৈছিল আৰু দ্বিতীয় উইকেটৰ বাবে ৬৬ ৰাণ যোগ কৰিছিল। মঈনে অৰ্ধশতক হেৰুৱাই ছিল আৰু ৪৬ ৰাণৰ ব্যক্তিগত স্ক'ৰক মুৰুগান অশ্বিনৰ চিকাৰ হৈছিল। তেওঁ তেওঁৰ ৩১ টা বলৰ ইনিংছত ৭ টা চাৰি আৰু এটা ছয় মাৰিছিল। এইখন আছিল ধোনীৰ ২০০তম মেচ। জয়েৰে ২০০তম মেচ স্মৰণীয় কৰি ৰাখিলে কেপ্টেইন ধোনীয়ে
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|