IPL 2020: ১২.৫০ কোটি টকাৰ এইজন খেলুৱৈ, ১০৩টা বল খেলাৰ পিছতো লগাব নোৱাৰিলে ছয়

News18 Assam | News18-Assam
Updated:October 23, 2020, 9:18 AM IST
IPL 2020:  ১২.৫০ কোটি টকাৰ এইজন খেলুৱৈ, ১০৩টা বল খেলাৰ পিছতো লগাব নোৱাৰিলে ছয়
বেন ষ্টকছে ৩২ৰাণত চাৰিটা ২টা চাৰিৰ সহায়ত ৩০ৰাণৰ ইনিংছ খেলে।

বেন ষ্টকছে ৩২ৰাণত চাৰিটা ২টা চাৰিৰ সহায়ত ৩০ৰাণৰ ইনিংছ খেলে।

  • Share this:
নতুন দিল্লীঃ ইণ্ডিয়ান প্ৰীমিয়াৰ লীগৰ (IPL 2020) ৪০সংখ্যক মেচ ৰাজস্থান ৰয়েলছ (Rajasthan Royals) আৰু চান ৰাইজাৰ্ছ হায়দৰাবাদৰ (Sunrisers Hyderabad) মাজত হয়। ইয়াত হায়দৰাবাদৰ ডেভিদ ৱাৰ্নাৰে (David Warner) টছ জিকি প্ৰথমে বল কৰাৰ সিদ্ধান্ত লয়। এই মেচত ৰাজস্থানৰ তৰফৰ পৰা ৰবীন উত্থাপা আৰু বেন ষ্টকছে ইনিংছৰ আৰম্ভনি কৰে। এই মেচত ৰাজস্থানৰ ফালৰ পৰা ৰবীন উত্থাপা আৰু বেন ষ্টকছে ইনিংছৰ আৰম্ভনি কৰে। ষ্টকছে ৩২টা বলত ২টা চাৰিৰ সহায়ত ৩০ৰাণৰ ইনিংছ খেলে। এই ইনিংছত বেন ষ্টকছে (Ben Stokes) এটাও ছয় শোধাব নোৱাৰে। ইয়াৰ লগে লগে ইংলেণ্ডৰ এই খেলুৱৈজনে এক লজ্জাজনক ৰেকৰ্ড কৰে।

বেন ষ্টকছে আইপিএল 2020ত এতিয়ালৈকে ৫খন মেচ খেলিছে। এই ৫খন মেচত তেওঁ ২২.০০ গড় হিচাপে ১০৬.৭৯ৰ ষ্ট্ৰাইক ৰেটত ১১০ৰাণ কৰিছে। এই সময়চোৱাত ষ্টকচে ১৪টা চাৰি মাৰিছে। এই পাঁচোখন খেলত ষ্টকছে এতিয়ালৈকে ১০৩টা বল খেলিছে। কিন্তু ইমানবোৰ বল খেলাৰ পিছতো এটাও ছয় মাৰিব পৰা নাই। ইয়াৰ লগে লগে ষ্টকছৰ নাম সেইসমূহ খেলুৱৈৰ সৈতে জৰিত হৈ পৰিছে যিসকলে কোনো ছয় নমৰাকৈ আটাইতকৈ বেছি বল খেলিছে।

এইখন তালিকাত সৰ্বপ্ৰথম নাম মনদীপ সিঙৰ। মনদীপে ২০১৩চনৰ আইপিএলত কোনো ছয় নমৰাকৈ ২২৩টা বল খেলিছিল। ইয়াৰ পিছত দ্বিতীয় স্থানত হনুমা বিহাৰী আছে। তেওঁ ২০১৩ৰ আইপিএলত কোনো ছয় নমৰাকৈ ১৪৩টা বল খেলিছিল। এই লিষ্টৰ তৃতীয় নম্বৰত নিতীন সেনী আছে। তেওঁ ২০১২ৰ আইপিএলত ছয় নমৰাকৈ ১৩৭টা বল খেলিছিল।

ভিভিএছ লক্ষ্মণৰ নামো এই লজ্জাজনক ৰেকৰ্ড কৰা খেলুৱৈসকলৰ মাজত অন্তৰ্ভুক্ত হৈ আছে। লক্ষ্মণে ২০০৮ৰ আইপিএলত এটাও ছয় নমৰাকৈ ১৩৪টা বল খেলিছিল। ইয়াৰ পিছত ভাৰতৰ টেষ্ট স্পেচিয়েলিষ্ট চেতেশ্বৰ পূজাৰাৰ নাম আহে, তেওঁ আইপিএল ২০১৪ত ছয় নমৰাকৈ ১২৪টা বল খেলিছিল।

এই লিষ্টত নিউজিলেণ্ডৰ কেপ্তেইন কেন উইলিয়ামছনো আছে। তেওঁ ২০১৬ৰ আইপিএলত কোনোধৰণৰ ছয় নমৰাকৈ ১১৩টা বল খেলিছিল। ইয়াৰ পিছত শ্ৰীলংকাৰ কিম্বদন্তী খেলুৱৈ কুমাৰ ছাংগাকাৰা আছে যিয়ে ২০১৩চনৰ আইপিএলত ১০৫টা বল বিনা ছয়ত খেলিছিল।

কুমাৰ ছাংগাকাৰাৰ পিছতে এই তালিকাত বেন ষ্টকছৰ নাম আছে। ষ্টকছে আইপিএল ২০২০ত এতিয়ালৈকে কোনোধৰণৰ ছয় নমৰাকৈ ১০৩টা বল খেলিছে। ইয়াৰ পিছত তালিকাত অক্ষত ৰেড্ডীৰ নাম আছে। তেওঁ ২০১৩ৰ আইপিএলত বিনা ছয় কোবাই ১০১টা বল খেলিছিল। আকাশ চোপ্ৰাই ষ্টকছৰ এই ৰেকৰ্ডক লৈ টুইট কৰিছিল। লগতে তেওঁ ট্ৰলাৰ্ছসকলক কৈছিল যে মই এইখন তালিকাত নাই কিয়নো মই ১০০টা বল এটা চিজনত খেলাৰ কাৰণেও যোগ্য নাছিলো।





খেলখনত চান ৰাইজাৰ্ছ হায়দৰাবাদ ৮ উইকেটত জয়ী হয়।
First published: October 23, 2020, 9:18 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading