চলিত আই পি এলত প্ৰায় নিজৰ অভিযান শেষ কৰিলে ৰাজস্থান ৰয়েলছে। কলকাতা নাইট ৰাইডৰ্ছৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ মেচখনত নিৰ্লজ্জ আত্মসমৰ্পণ ৰাজস্থান ৰয়েলছৰ। মেচখনত ৬০ ৰানত জয়লাভ কৰে কলকাতা নাইট ৰাইডৰ্ছে। মেচখনত বেটে বলে ব্যৰ্থ হয় ৰাজস্থান ৰয়েলছ।
সোমবাৰে অনুষ্ঠিত হোৱা গুৰুত্বপূৰ্ণ মেচখনত এক ৰানো সংগ্ৰহ কৰিব নোৱাৰিলে ৰিয়ান পৰাগে। ৭টা বল খেলি শূন্যতে খেলপথাৰ ত্যাগ কৰে ৰিয়ানে। কেৱল ৰিয়ানেই নহয় মেচখনত ৰবীন উত্থাপা, বেন ষ্ট্ৰক, ষ্টিভ ষ্টিথ, সঞ্জু চেমচন আদি সকলো আগশাৰীৰ বেটচমেন ব্যৰ্থ হয়।
মেছখনত প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অ’ভাৰত ৭টা উইকেট হেৰুৱাই ১৯১ ৰান সংগ্ৰহ কৰে কলকাতা নাইট ৰাইডৰ্ছে। কলকাতাৰ হৈ শুভমন গীলে ৩৬, ত্ৰিপাঠীয়ে ৩৯, অধিনায়ক মৰগানে ৬৮ আৰু ৰাছেলে বিস্ফোৰক ২৫ ৰানৰ ইনিংছ খেলে। ১৯১ ৰানৰ লক্ষ্য আগত ৰাখি ইনিংছ আৰম্ভ কৰা ৰাজস্থামে নিৰ্ধাৰিত ২০ অভাৰত মাত্ৰ ১৩১ ৰান সংগ্ৰহ কৰি পৰাজয় স্বীকাৰ কৰে। কলকাতাৰ হৈ পেট চমিনছে বিধ্বংসী বলিঙেৰে ৪টা উইকেট দখল কৰে। ইয়াৰ লগে লগে ৰাজস্থান ৰয়েলছৰ প্লে অফত প্ৰৱেশৰ আশাত চেঁচা পানী পৰিল।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : November 01, 2020, 23:30 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।