আই পি এলৰ সফল ক্ৰিকেটাৰ ৰিয়ান পৰাগ। ১৯ ছেপ্তেম্বৰৰ পৰা ‘ইউনাইটেড আৰৱ এমীৰেটছ’ চমুকৈ ইউ এ ইত অনুষ্ঠিত হ’বলগীয়া ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ত্ৰয়োদশ সংস্কৰণৰ বাবে সম্পূৰ্ণ ৰূপে সাজু হৈছে অসমৰ অলৰাউণ্ডাৰ ৰিয়ান পৰাগ। আই পি এল ২০২০ অনুষ্ঠিত হ’ব বুলি নিশ্চিত হোৱাৰ পিছতেই প্ৰতিযোগিতা খনৰ বাবে অধীৰ অপেক্ষাৰে বাট চাইছে ৰিয়ান পৰাগে।
কোভিড১৯ৰ সময়ত গুৱাহাটীৰ বাসগৃহত ব্যয়াম কৰি সময় অতিবাহিত কৰা ৰিয়ানে চলিত মাহতে আই পি এলৰ ৰাজস্থান ৰয়েলছ দলৰ সৈতে যোগ দিব। বিগত বৰ্ষৰ আই পি এলত নিজস্ব প্ৰতিভাৰে সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱা ৰিয়ানকলৈ আশাবাদী অসমৰ ক্ৰিকেটপ্ৰেমী।
আই পি এলৰ ইতিহাসত অৰ্ধশতক অৰ্জন কৰা সৰ্ব কনিষ্ঠ ক্ৰিকেটাৰ হিচাপে পৰিগণিত হোৱা অসমৰ ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছ দলৰ অভিজ্ঞ খেলুৱৈ ষ্টিভ স্মিথ, বেন ষ্ট'কছৰ সৈতে ড্ৰেছিং ৰূম শ্বেয়াৰ কৰি অভিভূত হৈ পৰে। আগন্তুক আই পি এলৰ পূৰ্বে ৰাজস্থান ৰয়েলছ দলটোৱে ডুবাইতে অনুশীলন চলোৱাৰ সম্ভৱনা আছে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : August 02, 2020, 21:32 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|