ডুবাইঃ IPL -ৰ ফাইনেল শেষ ৷ নিউ নর্মেলত সংযুক্ত আৰব আমিৰশাহীত অনুষ্ঠিত হয় আঢ়ৈমাহ জোৰা খেলৰ। চাওক কোন কোন ক্ৰিকেটৰ আৰু দলে কিমান টকা তথা কি কি পুৰষ্কাৰ পালে।
চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে ২০ কোটি টকা জিকে।
ৰাণাৰ্ছ আপ হৈ ১২.৫ কোটি টকা জিকে শ্রেয়াস আইয়াৰৰ দিল্লী কেপিটেলছে৷
আইপিএলৰ যুৱ ক্রিকেটাৰৰ পুৰষ্কাৰ পায় দেৱদূত পডিক্কলে। আইপিএলত অভিষেক ঘটাইয়ে হাফ চেঞ্চুৰিৰে আৰম্ভ কৰিছিল। মুঠ সংগ্রহ ৪৭৩ ৰাণ। সর্বোচ্চ সংগ্রহ ৭৪ ৰাণ।
টুর্নামেন্টের শ্ৰেষ্ঠ ষ্ট্ৰাইকাৰৰ পুৰষ্কাৰ পালে কাইৰান পোলাৰ্ডে।
সকলোতকৈ অধিক ছয় কোবোৱাৰ কাৰণে পুৰষ্কাৰ পালে মুম্বাইৰ ইশান কিশানে। আইপিএল ২০২০ত ৩০ টা ছয় মাৰিছিল ইশান কিশানে।
পাৱাৰ প্লে-ৰ শ্ৰেষ্ঠ ক্রিকেটাৰ হ’ল মুম্বাইৰ ট্ৰেণ্ট বোল্ট। পাৱাৰ প্লেত কৰা শ্ৰেষ্ঠ বলিঙৰ কাৰণে তেওঁ এই পুৰষ্কাৰ পায়।
পাৰ্পল কাপ জয় কৰে কাগিছো ৰাবাদাই। আইপিএল ২০২০ত এবছৰত ৩০টা উইকেট দখ কৰে তেওঁ।
অৰেঞ্জ কাপৰ গৰাকী হয় লোকেশ ৰাহুল। আইপিএল ২০২০ত ১৪ খন মেচ খেলি ৰাহুলে ৬৭০ ৰাণ কৰে।
সকলোতকৈ কার্যকৰী ক্রিকেটাৰ পুৰষ্কাৰ পায় জোফ্রা আর্চাৰে। ১৪ খন মেচত ২০টা উইকেট লয় আৰ্চাৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|