মৰ্মান্তিক! নিশা লাভ কৰিলে পিতৃৰ বিয়োগৰ খবৰ, পিছদিনা মেচত কৰিবলগীয়া হ’ল অ’পেনিং

News18 Assam | News18-Assam
Updated:October 25, 2020, 9:22 PM IST
মৰ্মান্তিক! নিশা লাভ কৰিলে পিতৃৰ বিয়োগৰ খবৰ, পিছদিনা মেচত কৰিবলগীয়া হ’ল অ’পেনিং
কিংছ ইলেভেন পঞ্জাৱৰ ক্ৰিকেটাৰ মনদ্বীপৰ দেউতাকে শুকুৰবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰিলে।

কিংছ ইলেভেন পঞ্জাৱৰ ক্ৰিকেটাৰ মনদ্বীপৰ দেউতাকে শুকুৰবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰিলে।

  • Share this:
আই পি এল ২০২০ৰ ৪৩ নম্বৰৰ মেচত শনিবাৰে কিংছ ইলেভেন পঞ্জাৱৰ মনদ্বীপ সিঙে যদিও বিশেষ খেল প্ৰদৰ্শন কৰিব নোৱাৰিলে তথাপিও সকলোকৱে একেমুখে কৰিলে প্ৰশংসা। পুৱা পিতৃৰ অন্তিত সত্‍কাৰ কৰি বিয়লি ভাগলৈ মনদ্বীপে দলৰ হৈ ইনিংছ আৰম্ভ কৰিবলগীয়া হ’ল।

২৮ বছৰীয়া মনদ্বীপৰ দেউতাকে শুকুৰবাৰে শেষ নিশ্বাস ত্যাগ কৰে। এফালে পিতৃৰ বিয়োগৰ খবৰ আনফালে দলৰ দায়িত্ব। মনদ্বীপৰ দেউতাৰ হৰদ্বীপ সিঙে দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত যোৱা শুকুৰবাৰে শেষ নিশ্বাস ত্যাগ কৰে।



মেছখনত মনদ্বীপে ১৪টা বলত ১৭ ৰানৰ ইনিংছ খেলে। মনদ্বীপে কে এল ৰাহুলৰ সৈতে দলৰ বাবে ৬ অ’ভাৰত ৩৭ ৰান সংগ্ৰহ কৰে।
Published by: Himangshu Bhuyan
First published: October 25, 2020, 9:22 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading