বুধবাৰে আইপিএলৰ (IPL 2020) ৰ মেচত প্ৰথম বলত পৃথ্বী শ্ব’ৰ উইকেট লোৱাৰ পিছতে ৰাজস্থান ৰয়েলছৰ জফ্ৰা আৰ্চাৰে সতীৰ্থ ৰিয়ানৰ সৈতে বিহু নচা দৃশ্যই সকলোকে আকৰ্ষণ কৰিছে। দেওবাৰে চান ৰাইজাৰ্চ হায়দৰাবাদৰ সৈতে খেল জয় কৰাৰ সময়ত খেলপথাৰত বিহু নাচি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল ৰিয়ান পৰাগে।
আৰ্চাৰৰ বলত শ্ব’ৰ উইকেট পতনৰ পিচতে এই আনন্দৰ দৃশ্য দেখা যায়।
উল্লেখ্য যে, ৰিয়ান পৰাগে দেওবাৰৰ খেলত তেৱাতিয়াৰ সৈতে পাৰ্টনাৰশ্বিপত ৮৫ৰাণ সংগ্ৰহ কৰি দলক জয়ী কৰাইছিল। ৰিয়ানে ২৬টা বলত ৪২ৰাণ সংগ্ৰহ কৰিছিল। আনহাতে তেৱাতিয়াই ২৮টা বলত ৪৫ৰাণ সংগ্ৰহ অপৰাজিত হৈ ৰৈছিল। এই প্ৰদৰ্শনৰ পিছতে বিহু নাচিছিল ৰিয়ানে।
অৱশ্যে উদযাপনৰ মাজতো ৰাজস্থান ৰয়েলছৰ কাৰণে IPL 2020ত স্থিতি সন্তোষজনক নহয়। সাতখন খেলৰ পৰা ছয় পইণ্ট সংগ্ৰহ কৰা দলটোৱে পইণ্ট তালিকাৰ সপ্তম স্থানত আছে।
বুধবাৰে ৰাজস্থান ৰয়েলছক ৪৬ৰাণত পৰাস্ত কৰে দিল্লীয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|