চেন্নাই ছুপাৰ কিংছ- ১১৪-৯(২০ অ’ভাৰ)
মুম্বাই ইণ্ডিয়ানছ- ১১৬-০(১২.২ অ’ভাৰ)
মুম্বাইৰ বিধ্বংসী বলিঙৰ সন্মুখত তিষ্ঠিব নোৱাৰিলে চেন্নাই ছুপাৰ কিংছে। ব্যৰ্থ হ’ল সকলো বেটচমেন। ফলত এতিয়া চলিত আই পি এলৰ সংস্কৰণৰ পৰা বিদায় লোৱাৰ দিশে ধোনীৰ চেন্নাই ছুপাৰ কিংছ। সেইদৰে পৰৱৰ্তী আই পি এল ছিজনত হয়টো দেখা নাযাব অধিনায়ক মহেন্দ্ৰ সিং ধোনীক। ধোনীয়ে আই পি এলৰ পৰাও অৱসৰ ল’ব বুলি এতিয়া চলিছে চৰ্চা।
![]()
Source-Google
শুকুৰবাৰে মুম্বাই ইণ্ডিয়ানৰ বিৰুদ্ধে মেচ খনত লজ্জাজনক ভাবে পৰাজয় স্বীকাৰ কৰিলে মহেন্দ্ৰ সিং ধোনীৰ চেন্নাই ছুপাৰ কিংছে। প্ৰথমে বেট ধৰি প্ৰথম তিনি অ’ভাৰতে শীৰ্ষৰ চাৰিটা উইকেট পতন হয় চেন্নাইৰ। শেষত নিৰ্ধাৰিত ২০ অভাৰত মাত্ৰ ১১৪ ৰান কৰিয়েই সামৰে ইনিংছ। চেন্নাইৰ হৈ অধিনায়ক ধোনীয়ে ১৬ ৰানৰ বৰঙণি আগবঢ়ায়।
ইফালে মাত্ৰ ১১৫ ৰানৰ লক্ষ্য আগত ৰাখি ইনিংছ আৰম্ভ কৰা মুম্বাই ইণ্ডিয়ানছে মাত্ৰ ১২.২ অ’ভাৰতে এটাও উইকেট নেহেৰুৱাকৈ নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। মুম্বাইৰ হৈ ঈশান কিষানে ৫০ ৰানৰ বৰঙণি আগবঢ়ায়।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|