ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২০। কোভিড১৯ৰ বাবেই গভীৰ অনিশ্চয়তা আৰু উৎকণ্ঠাৰ অৱসান ঘটাই আজিৰে পৰা ইউনাইটেড আৰৱ এমীৰেটছতছত আৰম্ভ হ’ব আই পি এল। কেইমুহূৰ্ত মানৰ পিছতেই বিশ্ব ক্ৰিকেটৰ গ্লেমাৰিয়াছ লীগ আই পি এল ২০২০ৰ উদ্বোধনী খেল অনুষ্ঠিত হ’ব।
ভাৰতীয় সময়মতে সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব খেল। আই পি এল ২০২০ৰ উদ্বোধনী খেলত সমুখ সমৰত দুই হেভীৱেইট দল। মহেন্দ্ৰ সিং ধোনীৰ চেন্নাই ছুপাৰ কিংছ বনাম ৰোহিত শৰ্মাৰ মুম্বাই ইণ্ডিয়ানছ।
![]()
মহেন্দ্ৰ সিং ধোনীৰ দলৰ সাম্ভাব্য খেলুৱৈ সকল ক্ৰমে, মহেন্দ্ৰ সিং ধোনী, শ্বেন ৱাটছন, অম্বতি ৰাইডু, কেডাৰ যাদৱ, ৰবীন্দ্ৰ জাদেজা, ডুৱাইন ব্ৰেভো, পিয়ুষ চাওলা, দীপক চাহৰ, চাৰদুল ঠাকুৰ , এফ ডি প্লেছিছ আৰু ইমৰান তাহিৰ।
আনহাতে ৰোহিত শৰ্মাৰ দলৰ সাম্ভাব্য খেলুৱৈ সকল হ’ল ক্ৰমে ৰোহিত শৰ্মা, হাৰ্ডিক পাণ্ডিয়া, কিউ ডি কুক, সূৰ্য কুমাৰ যাদৱ, ঈশান কিশান, কিৰণ পোলাৰ্ড, ক্ৰুণাল পাণ্ডিয়া, নাথন কুলটেৰ, ৰাহুল চহৰ, ট্ৰেণ্ট বল্ট আৰু যশপ্ৰিট বুমৰাহ।
![]()
এইবাৰ ধোনীৰ দলত নাথাকিব সুৰেশ ৰাইনা আৰু হৰভজন সিং। আনহাতে মুম্বাই ইণ্ডিয়ানছত নাথাকিব লাচিত মালিংগা। উদ্বোধনী অনুষ্ঠান অবিহনে আৰম্ভ হ’ব আই পি এল ২০২০। IPLৰ ইতিহাসত প্ৰথমবাৰলৈ এইবাৰৰ খেলত নাথাকিব চীয়েৰ লীডাৰ্চ। কোৰোণা ভাইৰাছৰ সজাগতাৰ মাজতেই UAEৰ শ্বেইখ জায়েদ ষ্টেডিয়াম সাজু হৈছে আইপিএল ২০২০ৰ প্ৰথমখন খেলৰ বাবে।
আজিৰে পৰা আই পি এলৰ খেল আৰম্ভ হ’ব যদিও সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে ২২ ছেপ্তেম্বৰৰ খেললৈ। সেইদিনাই অসমৰ উদীয়মান অলৰাউণ্ডাৰ ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছৰহৈ অংশ ল’ব চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|