আই পি এল ২০১৯: ৰিয়ান পৰাগ সম্বন্ধীয় ৯ টা আকৰ্ষণীয় কথা

এতিয়া বিশ্বজুৰি চৰ্চাত অসমৰ ৰিয়ান । আই পি এলৰ ১২তম সংস্কৰণত ৰাজস্থান ৰয়েলছৰ হৈ চমকপ্ৰদ প্ৰদৰ্শন কৰাৰ পিছত এতিয়া বিশ্ব ক্ৰিকেটত ব্যাপক ভাবে চৰ্চিত হৈছে ৰিয়ান পৰাগৰ নাম । ক্ৰিকেটত খলকনি তোলা ৰিয়ান পৰাগ কোন ! ৰিয়ান পৰাগ সম্বন্ধীয় ৯ টা আকৰ্ষণীয় কথা

news18assam
Updated:May 8, 2019, 7:08 PM IST
আই পি এল ২০১৯: ৰিয়ান পৰাগ সম্বন্ধীয় ৯ টা আকৰ্ষণীয় কথা
এতিয়া বিশ্বজুৰি চৰ্চাত অসমৰ ৰিয়ান । আই পি এলৰ ১২তম সংস্কৰণত ৰাজস্থান ৰয়েলছৰ হৈ চমকপ্ৰদ প্ৰদৰ্শন কৰাৰ পিছত এতিয়া বিশ্ব ক্ৰিকেটত ব্যাপক ভাবে চৰ্চিত হৈছে ৰিয়ান পৰাগৰ নাম । ক্ৰিকেটত খলকনি তোলা ৰিয়ান পৰাগ কোন ! ৰিয়ান পৰাগ সম্বন্ধীয় ৯ টা আকৰ্ষণীয় কথা
news18assam
Updated: May 8, 2019, 7:08 PM IST
১.জন্ম আৰু খেলৰ কৌশল–
১০ ডিচেম্বৰ ২০০৭ ত জন্ম লাভ কৰা ৰিয়ানৰ ঘৰ গুৱাহাটীত । ঘৰুৱা ক্ৰিকেটত অসমক প্ৰতিনিধিত্ব কৰা ৰিয়ান সোঁহতীয়া বেটচমেন আৰু লেগ স্পীন বলাৰ ।
২.খেলৰ লগত জড়িত ৰিয়ানৰ পৰিয়াল–

ৰিয়ানৰ দেউতাক পৰাগ দাস এগৰাকী প্ৰাক্তন প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ যি ঘৰুৱা ক্ৰিকেটত অসম আৰু ৰেলৱে’ দলক প্ৰতিনিধিত্ব কৰিছিল। মাতৃ মিঠু বৰুৱা এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাঁতোৰবিদ । মাতৃ মিঠু বৰুৱাই এটা সময়ত ৫০ মিটাৰ ফ্ৰী স্টাইল সাঁতোৰত ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছিল । তেখেতে এছিয়ান চেম্পিয়নশ্বিপ আৰু ছাফ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল ।
৩.য়ুথ টেষ্ট ক্ৰিকেটত ৰিয়ানৰ ৰেকৰ্ড–
ৰিয়ানে ২০১৭ চনত ইংলেণ্ডত য়ুথ টেষ্ট ক্ৰিকেটত নিজৰ কেৰিয়াৰ আৰম্ভ কৰে । অভিষেক মেচত দুয়োটা ইনিংছতে অৰ্ধ শতক কৰিছিল ৰিয়ানে । দ্বিতীয় ইনিংছত ৰিয়ানে অৰ্ধ শতক কৰিছিল মাত্ৰ ৩৩ টা বলতেই ,যিটো আছিল য়ুথ টেষ্ট ক্ৰিকেটৰ ইতিহাসত দ্বিতীয় বিস্ফোৰক অৰ্ধ শতক । য়ুথ টেষ্ট ক্ৰিকেটৰ ইতিহাসত বিস্ফোৰক অৰ্ধ শতকৰ ৰেকৰ্ড আছে বিৰাট কোহলীৰ নামত । ২০০৭ চনত শ্ৰীলংকাৰ বিৰুদ্ধে মাত্ৰ ৩২ টা বলত অৰ্ধ শতক কৰিছিল কোহলীয়ে ।
৪.১৯–অনুৰ্ধ বিশ্বকাপত জাতীয় দলৰ সদস্য–

২০১৮ চনত নিউজিলেণ্ডত অনুষ্ঠিত হোৱা ১৯–অনুৰ্ধ বিশ্বকাপত জাতীয় দলৰ সদস্য আছিল অসমৰ ৰিয়ান । ৪ খন মেচত অংশলৈ ৰিয়ানে ১৭ ৰাণ সংগ্ৰহ কৰাৰ লগতে দখল কৰিছিল ৩ টা উইকেট ।
৫.টি২০ত অভিষেক–
২০১৭ চনৰ জানুৱাৰীত ৰিয়ানে অসমৰ হৈ ঝাৰখণ্ডৰ বিৰুদ্ধে খেলিছিল । টি২০ত অভিষেকৰ সময়ত ৰিয়ানৰ বয়স আছিল ১৫ বছৰ ৮০ দিন ।
৬. প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অভিষেক–
১৬ বছৰতে ৰিয়ানে ২০১৭ চনত হায়দৰাবাদৰ বিৰুদ্ধে প্ৰথম খন প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলত অংশ লৈছিল । ২১ শতিকাত জন্ম গ্ৰহন কৰা ৰিয়ান প্ৰথম ভাৰতীয় প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ ।
৭.ৰিয়ানৰ ডাঙৰ ছিক্স
ৰিয়ান আছিল ২০১৭ চনত ১৯–অনুৰ্ধ এদিনীয়া ক্ৰিকেট টুৰ্ণামেন্টত সৰ্বাধিক ৰান সংগ্ৰহ কৰা সকলৰ এজন । এটা শতক আৰু দুটা অৰ্ধ–শতকেৰে টুৰ্ণামেন্টত ২০৭ ৰান সংগ্ৰহ কৰিছিল । ব্ৰাবৰ্ণ ষ্টেডিয়ামত অনুষ্ঠিত টুৰ্ণামেন্টৰ এখন খেলত ৰিয়ানে দৰ্শন নলকন্দেৰ বলত এটা ছিক্সাৰ কোবাই বল ষ্টেডিয়ামৰ বাহিৰত পেলাইছিল ।
৮. আই পি এলত অভিষেক–
২০১৯ চনৰ আই পি এলত ১০ লাখ টকাৰ দৰত ৰাজস্থান ৰয়েলচৰ হৈ খেলিছিল ৰিয়ান পৰাগে । চেন্নাই ছুপাৰকিংছৰ বিৰুদ্ধে খেলা আই পি এলত অভিষেকৰ সময়ত ৰিয়ানৰ বয়স আছিল মাত্ৰ ১৭ বছৰ । ৰিয়ান আছিল আই পি এল খেলা তৃতীয় কনিষ্ঠ ক্ৰিকেটাৰ ।
৯. জ্যেষ্ঠ ক্ৰিকেটাৰৰ সৈতে ৰিয়ান–
৯ বছৰ বয়সতে ৰিয়ানে দুই ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক সৌৰভ গাংগুলী আৰু এম এছ ধোনিৰ সাক্ষাৎ লাভ কৰিছিল। ২০১৭ চনৰ গুৱাহাটীত অনুষ্ঠিত হোৱা পাকিস্তানৰ বিৰুদ্ধে খেলত সৌৰভ গাংগুলী আৰু এম এছ ধোনিৰ সৈতে ফ’টো উঠাৰ সুবিধা পাইছিল। ১২ বছৰ পিছত ৰিয়ানে নিজৰ অভিষেক মেচত ধোনিৰ বিৰুদ্ধে বল কৰাৰো সুযোগ পাইছিল । খেলৰ শেষত ৰিয়ানে লাভ কৰিছিল ধোনিৰ পৰা বহু আৱশ্যকীয় পৰামৰ্শ ।

 

 

 
আৰু চাওক পৰৱৰ্তী বাতৰি