কমিব পেট্ৰ’লৰ দাম, চৰকাৰে লৈছে বৃহৎ পদক্ষেপ!

News18-Assam
Updated:November 14, 2019, 7:18 PM IST
কমিব পেট্ৰ’লৰ দাম, চৰকাৰে লৈছে বৃহৎ পদক্ষেপ!
Source-Google

কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ে নতুন 2G ইথানল প্ৰকল্প স্থাপনৰ বাবে ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যনক অনুমতি প্ৰদান কৰিছে

  • Share this:
দেশত হ্ৰাস পাব পেট্ৰ’লৰ দাম। কেন্দ্ৰীয় চৰকাৰে হাতত লৈছে বৃহৎ পদক্ষেপ। ইতিমধ্যে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ে নতুন 2G ইথানল প্ৰকল্প স্থাপনৰ বাবে ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যনক অনুমতি প্ৰদান কৰিছে। প্ৰকল্পটো স্থাপন কৰা হ’ল পানীপথত। এই সন্দৰ্ভত জলবায়ু পৰিৱৰ্তন মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে টুইটাৰ যোগে কয় যে, পৰিবেশ অনুকূল ইন্ধন হিচাপে ইথানল ব্যৱহাৰত গুৰুত্ব প্ৰদানৰ বাবে এই প্ৰকল্পত অনুমোদন জনোৱা হৈছে। এই প্ৰকল্পটো সফল ভাবে কৰিব পাৰিলে দেশত হ্ৰাস পাব পেট্ৰ’লৰ দাম।
আৰু চাওক
পৰৱৰ্তী বাতৰি