ডাকঘৰৰ এই স্কীমৰ অধীনত মাত্ৰ ৫০ টকা জমা কৰি লাভ কৰক ৪.৩ লাখ টকা

পোষ্ট অফিচৰ ৰেকাৰিং সাধাৰণতে ৫ বছৰৰ বাবে হয়। কিন্তু আবেদন কৰি ৫-৫ বছৰলৈ বৃদ্ধি কৰিব পাৰি।
পোষ্ট অফিচৰ ৰেকাৰিং সাধাৰণতে ৫ বছৰৰ বাবে হয়। কিন্তু আবেদন কৰি ৫-৫ বছৰলৈ বৃদ্ধি কৰিব পাৰি।
- News18 Assam
- Last Updated: July 23, 2020, 1:35 PM IST
ৰেকাৰিং ডিপ’জিত স্মল চেভিংচৰ ক্ষেত্ৰত সকলোতকৈ লাভজনক। জানো আহক ৰেকাৰিং ডিপ’জিতৰ সম্পৰ্কত গুৰুত্বপূৰ্ণ কিছু তথ্য-
- আৰ ডিত নূন্যতম ১০০ টকা মাহে জমা কৰিব লাগিব। টকা জমাৰ ওপৰত নিৰ্ধাৰিত সুতৰ হাৰ লাভ কৰিব। প্ৰতিদিনে কম পৰিমাণে টকা জমা কৰি আপুনি এই স্কীমৰ সহায়ত ডাঙৰ ফাণ্ড জমা কৰিব পাৰিব।
- পোষ্ট অফিচৰ ৰেকাৰিং সাধাৰণতে ৫ বছৰৰ বাবে হয়। কিন্তু আবেদন কৰি ৫-৫ বছৰলৈ বৃদ্ধি কৰিব পাৰি।
- টকা জমা দিয়াৰ বাবে পোষ্ট অফিচ বা বেংক যোৱাও বাধ্যতামূলক নহয়। আপুনি অনলাইনৰ জৰিয়তে টকা জমাব কৰিব পাৰে।
- নূন্যতম ১০০ টকা প্ৰতিমাহে জমা কৰিব লাগিব। ইয়াৰ ওপৰত যিমান টকা জমা কৰে, তাৰ কোনো নিৰ্ধাৰিত সীমা নাই।
- আপুনি প্ৰতিদিনে ৫০ টকা জমা কৰিলে মাহে ১৫০০ টকা হয়। আৰ ডিত ৫.৮ শতাংশ ‘Quarterly’ চক্ৰবৃদ্ধি সুত দিয়া হয়। এই হিচাপত ৫ বছৰত ১.০৫ লাখ টকা হ’ব। ১০ বছৰত হ’ব ২.৭৫ লাখ টকা আৰু ১৫ বছৰত হ’ব ৪.৩ লাখ টকা।
- আৰ ডিত চিংগলৰ লগতে জইণ্ট একাউণ্টো খুলিব পাৰি।