• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • ডাকঘৰ আৰু LICৰ এই সমূহ আঁচনিয়ে আপোনাক দিব ভৱিষ্যত সুৰক্ষিত কৰাৰ সুবিধা, জানি লওক একেবাৰতে!

ডাকঘৰ আৰু LICৰ এই সমূহ আঁচনিয়ে আপোনাক দিব ভৱিষ্যত সুৰক্ষিত কৰাৰ সুবিধা, জানি লওক একেবাৰতে!

সকলোৱে নিজৰ ভৱিষ্যত সুৰক্ষিত কৰি ৰাথিবলৈ ক'ৰবাত নহয় ক'ৰবাত বিনিয়োগ কৰে | যদিহে আপুনিও নিজৰ লগতে পৰিয়ালৰ ভৱিষ্যত সুৰক্ষিত কৰিব বিচাৰে তেন্তে জানি লওক ডাকঘৰ আৰু LICৰ এইসমূহ স্কীমৰ বিষয়ে-

সকলোৱে নিজৰ ভৱিষ্যত সুৰক্ষিত কৰি ৰাথিবলৈ ক'ৰবাত নহয় ক'ৰবাত বিনিয়োগ কৰে | যদিহে আপুনিও নিজৰ লগতে পৰিয়ালৰ ভৱিষ্যত সুৰক্ষিত কৰিব বিচাৰে তেন্তে জানি লওক ডাকঘৰ আৰু LICৰ এইসমূহ স্কীমৰ বিষয়ে-

সকলোৱে নিজৰ ভৱিষ্যত সুৰক্ষিত কৰি ৰাথিবলৈ ক'ৰবাত নহয় ক'ৰবাত বিনিয়োগ কৰে | যদিহে আপুনিও নিজৰ লগতে পৰিয়ালৰ ভৱিষ্যত সুৰক্ষিত কৰিব বিচাৰে তেন্তে জানি লওক ডাকঘৰ আৰু LICৰ এইসমূহ স্কীমৰ বিষয়ে-

  • Share this:
সাম্প্ৰতিক সময়ত প্ৰতিগৰাকী ব্যক্তিয়ে নিজৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ ক'ৰবাত নহয় ক'ৰবাত ধন জমা কৰাৰ লগতে বিনিয়োগ কৰে।  বিনিয়োগৰ বাবে বহ বিকল্প পথ। যদিহে আপুনিও নিজৰ লগতে আপোনাৰ পৰিয়ালৰ ভৱিষ্যত সুৰক্ষিত কৰি ৰাখিব বিচাৰে, তেন্তে ডাকঘৰ আৰু LICৰ এই আঁচনিবোৰৰ বিষয়ে জানি লোৱাটো অতি প্ৰয়োজন।

যিহেতু, ডাকাঘৰে ৯ খনকৈ সঞ্চয় আঁচনি প্ৰতিবছৰে ৭.৬ শতাংশলৈকে সুতৰ হাৰত প্ৰদান কৰে। তেনেসময়ত LICয়েও কেইবাখনো সঞ্চয় আঁচনি প্ৰদান কৰি আহিছে। জানো আহক এই আঁচনিসমূহৰ বিষয়ে-

পোষ্ট অফিচত চেভিংচ একাউণ্ট, টাইম ডিপ'জিট (TD) একাউণ্টৰ পৰা আদি কৰি এছ চি এছ এছ, পি পি এফ, কে ভি পি, এন এছ চি, এম আই এছ আৰু সুকন্যা সমৃদ্ধি একাউণ্ট খুলিব পাৰে-

  • মাহিলী উপাৰ্জন আঁচনি (MIS)-


মাহিলী উপাৰ্জন আঁচনি (MIS) হৈছে কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰণালয়ৰ অধীনৰ এক বিনিয়োগ আঁচনি। যদিহে আপুনি প্ৰয়োজনীয় ব্যয়ৰ বাবে প্ৰতিমাহে এক নিৰ্দিষ্ট পৰিমাণৰ ধন বিচাৰে, তেন্তে ডাকঘৰৰ মাহিলী উপাৰ্জন আঁচনি হৈছে আপোনাৰ বাবে অতি উত্তম। ডাকাঘৰ মাহিলী উপাৰ্জন আঁচনি (MIS)য়ে ৬.৬ শতাংশ বাৰ্ষিক সুত প্ৰদান কৰে। ডাকাঘৰৰ এই আঁচনি নিম্নতম ১০০০ টকাৰে খুলিব পাৰি। ই আপোনাৰ মুলধন সুৰক্ষিত কৰি ৰখাৰ লগতে, অধিক হাৰত ধন ঘূৰাই পাব আপুনি।

  • জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনি (SCSS) -


এই আঁচনিৰ ম্যাদৰ সমসময়সীমা হৈছে ৫ বছৰ | SCSSৰ ওপৰত চলি থকা সুতৰ পৰিমাণ প্ৰতি বছৰি ৭.৪ শতাংশ | এই একাউণ্টত কেৱল এবাৰহে নিম্নতম ১ হাজাৰ টকাৰ পৰা সৰ্বাধিক ১৫ লাখ টকা পৰ্যন্ত বিনিয়োগ কৰিব পাৰি। SCSSৰ অধীনত, ৬০ বছৰ অথবা তাতকৈ অধিক বয়সৰ ব্যক্তিএজনে একাউণ্ট খুলিব পাৰে।

  • ৫ বছৰৰ ৰেকাৰিং জমা (RD) -


ডাকঘৰত প্ৰতি মাহে নিম্নতম ১০০ টকা থৈ আপুনি RD খুলিব পাৰে। ইয়াৰো ম্যাদ হৈছে ৫ বছৰ। ডাকাঘৰৰ এই ৰেকাৰিঙত বৰ্তমান সুতৰ হাৰ প্ৰতি বছৰে ৫.৮ শতাংশ । একক বা যুটীয়া একাউণ্টতযোগে ১০ বছৰৰ অধিক বয়সৰ নাবালক আৰু মানসিকভাৱে দুৰ্বল ব্যক্তিৰ নামতো খুলিব পাৰি। যদি ইয়াক মাহৰ ১৫ তাৰিখৰ পূৰ্বে খোলা হয়, তেন্তে আপোনাৰ মাহিলী জমা ধন প্ৰতি মাহৰ ১৫ তাৰিখৰ পূৰ্বে জমা কৰিব লাগিব।

  • পোষ্ট অফিচ টাইম  ডিপ'জিট (TD)-


ডাকঘৰত ১ বছৰৰ পৰা ৫ বছৰলৈকে টাইম ডিপ'জিট একাউণ্ট খুলিব পাৰে | এই একাউণ্টৰ সৰ্বাধিক জমাধনৰ পৰিমাণৰ সীমা নাই যদিও নিম্নতম ১ হাজাৰ টকাৰে খুলিব।  ডাকঘৰৰ টিডিৰ ওপৰত বৰ্তমান প্ৰতি বছৰে ৫.৫ শতাংশৰ পৰা ৬.৭ শতাংশলৈ সুতৰ প্ৰদান কৰা হয়।

ইপিনে ভাৰতীয় জীৱন বীমা নিগম (LIC)ৰ পলিচিসমূহো কিন্তু  সকলোৰে মাজত অতি জনপ্ৰিয়। LICএ বিভিন্ন বীমা আৰু বিনিয়োগৰ বিকল্প প্ৰদান কৰে।

LICৰ নতুন বীমা বচাত পৰিকল্পনা -

এয়া হৈছে টকা ঘূৰাই দিয়াৰ এক পৰিকল্পনা। ইয়াক ম্যাদ উকলাৰ সময়ত এটা লয়েলটিৰ (যদিহে আছে) সৈতে একক প্ৰিমিয়াম ঘূৰাই দিয়া হয়। এই আঁচনিখনে বিনিয়োগকাৰীৰ নগদ প্ৰয়োজনীয়তাৰো যত্ন লয়, সেয়েহে আছে ঋণৰ সুবিধাও | এই আঁচনিত ম্যাদৰ সময়সীমা ৯,১২ আৰু ১৫ বছৰ বিকল্প হিচাপে আছে। এই আঁচনিৰ ম্যাদ উকলাৰ পূৰ্বে পাঁচ বছৰৰ ভিতৰত যদিহে বিনিয়োগকাৰীৰ মৃত্যু হয়, তেন্তে জমা ৰাশি পৰিশোধ কৰা হয়। অন্যহাতে, পলিচি খোলাৰ পাঁচ বছৰ পাচত যদি বিনিয়োগকাৰীৰ মৃত্যু হয়, তেন্তে তেওঁক সকলো ধন সংযোজনৰ মাজেৰে জমাধন পৰিশোধ কৰা হয়।  নতুন বীমা সঞ্চয় আঁচনিত বিনিয়োগকাৰীসকলৰ বাবে ন্যুনতম বয়স হৈছে ১৫ বছৰ আৰু সৰ্বাধিক বয়স হৈছে ৫০ বছৰ।

  • New Jeevan Shanti Deferred Annuity Plan-


অৱসৰৰ পাচত পেঞ্চনৰ বাবে LICয়ে এই আঁচনিখন আগবঢ়াইছে। ই হৈছে এক কোনো লিংক নথকা, কোনো অংশ নথকা, ব্যক্তিগত, একক প্ৰিমিয়াম, স্থগিত বাৰ্ষিকী পৰিকল্পনা। LICয়ে জাৰি কৰা তথ্য অনুসৰি এই আঁচনিৰ বাৰ্ষিক দৰ আঁচনিৰ আৰম্ভণিতে নিশ্চিত কৰা হয়। আপুনি আপোনাৰ সুবিধা অনুসৰি বাৰ্ষিক, অৰ্ধ-বাৰ্ষিক, তিনিমহীয়া বা মাহিলী আধাৰত পৰিশোধ কৰিব পাৰে। এই পৰিকল্পনাত ন্যুনতম বাৰ্ষিকী হৈছে প্ৰতি বছৰে ১২,০০০ টকা।

  • LICৰ শিশুৰ বাবে মানি বেক আঁচনি (LIC New Children's Money Back Plan) -


শিশুৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ডিজাইন কৰা জীৱন বীমা নিগমে এই আঁচনিৰ প্ৰস্তুত কৰিছে। এই বীমা ০ৰ পৰা ১২ বছৰৰ শিশুৰ ক্ষেত্ৰতহে প্ৰযোজ্য । ইয়াৰ বাবে সৰ্বনিম্ন বীমা ৰাশি হৈছে ১০হাজাৰ  টকা। এই নতুন আঁচনিৰ ম্যাদ হৈছে ২৫ বছৰ | ইয়াৰ অধীনত শিশুৰ ১৮ বছৰ, ২০ বছৰ আৰু ২২ বছৰ বয়সত LICয়ে  জমাধনৰ ২০-২০% পৰিশোধ কৰে।
Published by:Himangshu Bhuyan
First published: