জীয়ৰীক বিয়া দিবলৈ চিন্তা নকৰিব! মাত্ৰ ১২১ টকা জমা কৰিলে বিয়াৰ সময়ত লাভ কৰিব ২৭ লাখ টকা

News18 Assam | News18-Assam
Updated:September 2, 2020, 3:07 PM IST
জীয়ৰীক বিয়া দিবলৈ চিন্তা নকৰিব! মাত্ৰ ১২১ টকা জমা কৰিলে বিয়াৰ সময়ত লাভ কৰিব ২৭ লাখ টকা
Source-Google

এল আই চিয়ে আৰম্ভ কৰিছে এখন নতুন পলিচী। নাম ৰখা হৈছে- কন্যাদান যোজনা।

  • Share this:
দেশৰ চৰকাৰী আৰু আটাইতকৈ ডাঙৰ বীমা প্ৰতিষ্ঠান এল আই চি ৬৫ বছৰীয়া হ’ল। ১ ছেপ্তেম্বৰ, ১৯৫৬ত কেন্দ্ৰীয় চৰকাৰে ৫ কোটি টকা বিনিয়োগ কৰি এই প্ৰতিষ্ঠানৰ আৰম্ভ কৰিছিল। এই শুভক্ষণত এল আই চিয়ে আৰম্ভ কৰিছে এখন নতুন পলিচী।

আপুনি কন্যাৰ বিবাহক লৈ চিন্তিত নেকি? এতিয়া এল আই চিয়ে আৰম্ভ কৰিছে কন্যাদান যোজনা। প্ৰতিদিনাই ১২১ টকাৰ হিচাপত মাহে ৩৬০০ টকা প্ৰিমিয়াম দিলে অন্তৰ্ভুক্ত হ’ব এই আঁচনিৰ অধীনত। আঁচনিৰ অধীনত ইয়াতকৈ অধিক প্ৰিমিয়ামো দিব পাৰিব।

আঁচনিৰ অধীনত প্ৰতিদিনে ১২১ টকাৰ হিচাপত মাহে ৩,৬০০ টকা প্ৰিমিয়াম জমা দিলে ২৫ বছৰত লাভ কৰিব ২৭ লাখ টকা। আৰু যদি পলিচীত অন্তৰ্ভুক্ত হোৱাৰ পিছত মৃত্যুক সাৱটিব লগীয়া হয়, তেন্তে পৰিয়ালে দিব নালাগে প্ৰিমিয়াম আৰু প্ৰতিবছৰে ১ লাখ টকাকৈ লাভ কৰিব। সেইদৰে ২৫ বছৰ সম্পূৰ্ণ হোৱাৰ পিছত পলিচীৰ নমিনিয়ে ২৭ লাখ টকাও লাভ কৰিব।

এই পলিচীৰ অংশীদাৰ হ’বলৈ নূন্যতম ৩০ বছৰ আৰু কন্যাৰ বয়স ১ বছৰ হ’ব লাগিব। এই প্লেন ২৫ বছৰৰৰ বাবে। কিন্তু প্ৰিমিয়াম ২২ বছৰ দিব লাগিব।

পলকতে পলিচীখন-

  • ২৫ বছৰৰ বাবে পলিচী ল’ব পাৰিব।


  • ২২ বছৰ প্ৰিমিয়াম দিব লাগিব।

  • প্ৰতিদিনে ১২১ টকাকৈ মাহে ৩৬০০ টকা দিব লাগিব। ইয়াতকৈ অধিকো দিব পাৰিব।
    -পলিচীৰ মাজতে যদি মৃত্যু হয়, তেন্তে পৰিয়ালে প্ৰিমিয়াম দিব নালাগে। প্ৰতিবছৰে লাভ কৰিব ১ লাখ টকা। সম্পূৰ্ণ হোৱাৰ পিছত নমিনিয়ে ২৭ লাখ টকা লাভ কৰিব।

  • পলিচী কম বা অধিক প্ৰিমিয়ামতো কৰিব পাৰব।

Published by: Himangshu Bhuyan
First published: September 2, 2020, 3:07 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading