চিন্তা নকৰিব! কন্যাক বিয়া দিবলৈ আৰু চিন্তা নাই। এইখন আঁচনিত ধন জমা কৰি কন্যাৰ বিয়াৰ সময়ত লাভ কৰক ২৭ লাখ পৰ্যন্ত টকা। দেশৰ চৰকাৰী আৰু আটাইতকৈ ডাঙৰ বীমা প্ৰতিষ্ঠান এল আই চিয়ে আৰম্ভ কৰিছে এখন নতুন পলিচী। ‘কন্যাদান যোজনাৰ’ অধীনত প্ৰতিদিনে ১২১ টকাকৈ জমা কৰিলে কন্যাৰ বিয়াৰ সময়ত লাভ কৰিব ২৭ লাখ পৰ্যন্ত টকা।
![]()
ফাইল ফটো
প্ৰতিদিনাই ১২১ টকাৰ হিচাপত মাহে ৩৬০০ টকা প্ৰিমিয়াম দিলে অন্তৰ্ভুক্ত হ’ব এই আঁচনিৰ অধীনত। আৰু ১৫ বছৰত লাভ কৰিব ২৭ লাখ টকা। আঁচনিৰ অধীনত ইয়াতকৈ অধিক প্ৰিমিয়ামো দিব পাৰিব।
যদি পলিচীত অন্তৰ্ভুক্ত হোৱাৰ পিছত মৃত্যুক সাৱটিব লগীয়া হয়, তেন্তে পৰিয়ালে দিব নালাগে প্ৰিমিয়াম আৰু প্ৰতিবছৰে ১ লাখ টকাকৈ লাভ কৰিব। সেইদৰে ২৫ বছৰ সম্পূৰ্ণ হোৱাৰ পিছত পলিচীৰ নমিনিয়ে ২৭ লাখ টকাও লাভ কৰিব। এই পলিচীৰ অংশীদাৰ হ’বলৈ নূন্যতম ৩০ বছৰ আৰু কন্যাৰ বয়স ১ বছৰ হ’ব লাগিব। এই প্লেন ২৫ বছৰৰৰ বাবে। কিন্তু প্ৰিমিয়াম ২২ বছৰ দিব লাগিব।
পলকতে পলিচীখন-
- ২৫ বছৰৰ বাবে পলিচী ল’ব পাৰিব।
- ২২ বছৰ প্ৰিমিয়াম দিব লাগিব।
- প্ৰতিদিনে ১২১ টকাকৈ মাহে ৩৬০০ টকা দিব লাগিব। ইয়াতকৈ অধিকো দিব পাৰিব।
- পলিচীৰ মাজতে যদি মৃত্যু হয়, তেন্তে পৰিয়ালে প্ৰিমিয়াম দিব নালাগে। প্ৰতিবছৰে লাভ কৰিব ১ লাখ টকা। সম্পূৰ্ণ হোৱাৰ পিছত নমিনিয়ে ২৭ লাখ টকা লাভ কৰিব।
- পলিচী কম বা অধিক প্ৰিমিয়ামতো কৰিব পাৰব।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|