• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • লকডাউনত বৰবাদ! ছচিয়েল মিডিয়া চাঞ্চল্য ৰাণু মণ্ডল আকৌ দুৰ্দশাজনক পৰিস্থিতিত

লকডাউনত বৰবাদ! ছচিয়েল মিডিয়া চাঞ্চল্য ৰাণু মণ্ডল আকৌ দুৰ্দশাজনক পৰিস্থিতিত

ৰাণাঘাট ষ্টেশ্যনত ঘুৰি ফুৰা এই দৰিদ্ৰ মহিলাগৰাকীৰ শুৱলা কণ্ঠক ছচিয়েল মিডিয়াত তুলি ধৰিছিল অতীন্দ্ৰ চক্ৰৱৰ্তী নামৰ এজন ব্যক্তিয়ে।

ৰাণাঘাট ষ্টেশ্যনত ঘুৰি ফুৰা এই দৰিদ্ৰ মহিলাগৰাকীৰ শুৱলা কণ্ঠক ছচিয়েল মিডিয়াত তুলি ধৰিছিল অতীন্দ্ৰ চক্ৰৱৰ্তী নামৰ এজন ব্যক্তিয়ে।

ৰাণাঘাট ষ্টেশ্যনত ঘুৰি ফুৰা এই দৰিদ্ৰ মহিলাগৰাকীৰ শুৱলা কণ্ঠক ছচিয়েল মিডিয়াত তুলি ধৰিছিল অতীন্দ্ৰ চক্ৰৱৰ্তী নামৰ এজন ব্যক্তিয়ে।

  • Share this:
কলকাতাঃ ৰাণাঘাট ষ্টেশ্যনত লতা মংগেশকাৰৰ গান গাই ৰাতিটোৰ ভিতৰতে তাৰকাৰ শাৰীলৈ উন্নীত হৈছিল ৰাণু মণ্ডল। ছচিয়েল মিডিয়াত দ্ৰুত গতিত ভাইৰেল হৈছিল ৰাণু। কেৱল সিমানেই নহয়, গান গাবলৈ মায়ানগৰীৰ পৰা আমন্ত্ৰণো পাইছিল ৰাণুৱে। ৰাণাঘাট ষ্টেশ্যনৰ পৰা আৰম্ভ হৈছিল তেওঁৰ যাত্ৰা। লতাৰ গান গাই ৰীতিমতে তাৰকাৰ সন্মান লাভ কৰিছিল ৰাণুৱে। হিমেশ ৰেশমিয়াৰ সৈতে গাই গাই জনপ্ৰিয়তাৰ তুংগত উপনীত হৈছিল ৰাণু। কিন্তু এতিয়া ক’ত এই ৰাণু মণ্ডল ?

২০১৯ বৰ্ষত হিমেশ ৰেশমিয়াৰ সৈতে তিনিটা গান ৰেকৰ্ড কৰিছিল ৰাণু মণ্ডলে।  কিন্তু বৰ্তমান তেওঁৰ কথা কোনোৱে গম নাপায়। সূত্ৰমতে কিছুদিন জনপ্ৰিয়তাৰ পিছতে ৰাণুৰ জীৱনলৈ আকৌ নামি আহিছে অন্ধকাৰ। কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ কাৰণে সকলোৱে আৰ্থিক সমস্যাৰ মাজেৰে যাব লগীয়া হৈছে। এই মুহূৰ্তত ৰাণুৰ হাতত কামো নাই, খাবলৈও নাই।

হঠাৎ পোৱা জনপ্ৰিয়তাৰ কাৰণে একাধিক উপলক্ষ্যত ৰাণুৰ অহংকাৰ ফুটি উঠাৰ কাৰণে সমালোচনাৰো পাত্ৰ হৈছিল তেওঁ। বিভিন্নজনৰ মতে ৰাণুৰ ব্যৱহাৰ অতি বেয়া। কিন্তু এই মুহূর্তত ৰাণাঘাটৰ এই সুকণ্ঠী দৰিদ্ৰ মহিলাগৰাকীৰ অৱস্থা ভাল নহয়। পুৰণা ঘৰ এৰি নতুন ঘৰলৈ গৈছিল ৰাণু। কিন্তু হাতত কাম নথকাৰ কাৰণে আকৌ পুৰণা ঠাইলৈ উভতি আহিবলগীয়া হৈছে ৰাণুৱে। বলিউডতো বিশেষ সুবিধা ল’ব নোৱাৰিলে ৰাণুৱে সেইকাৰণে এতিয়া অতি দুৰ্দশাক্লিষ্ট জীৱনলৈ ঘুৰি যাবলগীয়া হৈছে ছচিয়েল মিডিয়াত চাঞ্চল্যৰ সৃষ্টি কৰা গায়িকাগৰাকীয়ে।
First published: