আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। প্ৰতি বছৰে ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (International Yoga Day) পালন কৰা হয়।
আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। প্ৰতি বছৰে ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (International Yoga Day) পালন কৰা হয়।
International Yoga Day 2021: যোগাসনে (Yoga) শাৰীৰিক আৰু মানসিক সমস্যা আঁতৰ কৰি আমাৰ শৰীৰ স্বাস্থ্যৱান কৰি ৰাখে। যোগে শৰীৰৰ নানা সমস্যা তথা ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শৰীৰৰ ওজন হ্ৰাস কৰাৰ লগতে শক্তিশালী হ'বৰ বাবেও যোগাসন কৰিব পাৰি। যোগৰ এইসমূহ লাভালাভৰ বিষয়ে সাধাৰণ জনতাক অৱগত কৰাৰ লগতে এইসম্বন্ধে সচেতন হোৱাৰ উদ্দেশ্যে প্ৰতি বছৰে ২১ জুনত আন্তঃৰাষ্ট্ৰীয়যোগ দিৱস (International Yoga Day) পালন কৰা হয়। আজি আন্তঃৰাষ্ট্ৰীয়যোগ দিৱস। যোগ দিৱসৰ দিনটোত আপোনাৰ শৰীৰৰ পৰা কিদৰে এলাহ অথবা নিস্তেভ ভাৱ আঁতৰ কৰিব সেই বিষয়েই জানো আহক।
অৱশ্যে আপুনি যদি দৈনিক যোগাভ্যাস কৰে তেন্তে শৰীৰৰ এলাহ ভাৱ আঁতৰি যোৱাৰ লগতে মানসিক শান্তি অনুভৱ কৰিব। যোগাভ্যাসে কেৱল শৰীৰক স্বাস্থ্যৱান কৰি ৰখাই নহয় মনটো সুখী কৰে। আজি এই প্ৰতিবেদনৰ জৰিয়তে আপোনাক কিছুমান যোগাসনৰ বিষয়ে ক'ম যাৰ নিয়মীয়া অনুশীলনে আপোনাৰ শৰীৰৰ অলসতা দূৰ কৰি শক্তিৰে পৰিপূৰ্ণ কৰিব।
বক্ৰাসন
বক্ৰাসন মজিয়াত বহি কৰা হয়। এই আসনৰ সময়ত আপোনাৰ মেৰুদণ্ড সম্পূৰ্ণ পোন হৈ থাকিব লাগিব। এনে কৰিবলৈ প্ৰথমে আপোনাৰ দুয়োখন ভৰি সন্মুখত প্ৰসাৰিত কৰি বহক আৰু মূৰ-মেৰুদণ্ড চিধাকৈ ৰাখক। আপোনাৰ দুয়োখন হাত আপোনাৰ চকুৰ সন্মুখত ৰাখক। হাতৰ আঙুলিবোৰ যোগ দি আপোনাৰ উশাহ ভিতৰলৈ লৈ সোঁফালে যাওক আৰু উশাহ এৰি দি পূৰ্বৰ ভঙ্গীলৈ ঘূৰি আহক। এতিয়া বাওঁফালেও একেদৰেই কৰিব লাগিব। এইটো ৩ৰ পৰা ৫ বাৰ কৰক।
পৱন মুক্তাসন
পৱনমুক্তি ক্ৰিয়া অনুশীলন কৰাটো অতি সহজ। প্ৰথমে মাটিত শুই থাকক আৰু নিশ্চিত কৰক যে দুয়োখন ভৰি চিধাকৈ আছে আৰু হাতবোৰ ভৰিৰ কাষতে ৰখা হৈছে। দীঘল উশাহ এটা লওঁক আৰু ইয়াক এৰি দিয়ক আৰু আপোনাৰ আঁঠু বুকুৰ ফালে আনি আপোনাৰ পেটৰ ওপৰত উৰুৰে হেঁচি দিয়ক। হাতেৰে ভৰিৰ চাৰিওফালে ধৰি ৰাখক যেন আপুনি আপোনাৰ আঁঠুকেইটা সাবটি আছে।
সুপ্ত মৎস্যেন্দ্ৰাসন
এই আসন কৰাটো অত্যন্ত সহজ। এইটো কৰিবলৈ প্ৰথমে মাটিত শুই দিয়ক। দুয়োখন হাত ১৮০ ডিগ্ৰী কোণত বা কান্ধত ৰাখক। এতিয়া সোঁ ভৰিখন আঁঠুলৈ বেঁকা কৰক আৰু ওপৰলৈ উঠাওক আৰু বাওঁ আঁঠুৰ ওপৰত উঠাই দিয়ক। এতিয়া উশাহ এৰি সোঁ কঁকালটো দাঙক আৰু পিছফালটো বাওঁফালে বেঁকা কৰক আৰু সোঁ আঁঠুটো তললৈ মাটিলৈ স্থানান্তৰ কৰক। ইয়াৰ মাজতে, আপোনাৰ দুয়োখন হাত আপোনাৰ ঠাইত থাকিব লাগে। আপোনাৰ মূৰটো বাওঁফালে থাকিব। বাওঁ ভৰিৰ সৈতে আপুনি এইটোৱেই কৰিব লাগিব। আপুনি এই কাৰ্য ৩ৰ পৰা ৫ বাৰ কৰিব পাৰে। ই আপোনাৰ পিঠি, নিতম্ব, মেৰুদণ্ড আৰু কঁকালৰ হাঁড় আৰু পেশী শক্তিশালী কৰিব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|