உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Infertility In Young Couples: কম বয়সীয়া দম্পতীৰ বন্ধ্যাত্বৰ কাৰণ আৰু চিকিৎসাৰ উপায়

    Infertility In Young Couples: কম বয়সীয়া দম্পতীৰ বন্ধ্যাত্বৰ কাৰণ আৰু চিকিৎসাৰ উপায়

    Infertility In Young Couples: পৃথিৱীত বন্ধ্যাত্ব (Infertility)ৰ সমস্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে। বৰ্তমান প্ৰতি ৫ৰ ভিতৰত ১ ভাৰতীয় দম্পতীয়ে এই সমস্যাত ভুগে। বন্ধ্যাত্বৰ ঘটনা বৃদ্ধি পৰিৱেশ, জীৱনশৈলী আৰু বিভিন্ন ৰোগৰ (Infertility in young couples) সৈতে গভীৰভাৱে সম্পৰ্কিত।

    Infertility In Young Couples: পৃথিৱীত বন্ধ্যাত্ব (Infertility)ৰ সমস্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে। বৰ্তমান প্ৰতি ৫ৰ ভিতৰত ১ ভাৰতীয় দম্পতীয়ে এই সমস্যাত ভুগে। বন্ধ্যাত্বৰ ঘটনা বৃদ্ধি পৰিৱেশ, জীৱনশৈলী আৰু বিভিন্ন ৰোগৰ (Infertility in young couples) সৈতে গভীৰভাৱে সম্পৰ্কিত।

    Infertility In Young Couples: পৃথিৱীত বন্ধ্যাত্ব (Infertility)ৰ সমস্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে। বৰ্তমান প্ৰতি ৫ৰ ভিতৰত ১ ভাৰতীয় দম্পতীয়ে এই সমস্যাত ভুগে। বন্ধ্যাত্বৰ ঘটনা বৃদ্ধি পৰিৱেশ, জীৱনশৈলী আৰু বিভিন্ন ৰোগৰ (Infertility in young couples) সৈতে গভীৰভাৱে সম্পৰ্কিত।

    • Share this:
    পৃথিৱীত বন্ধ্যাত্ব (Infertility)ৰ সমস্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে। বৰ্তমান প্ৰতি ৫ৰ ভিতৰত ১ ভাৰতীয় দম্পতীয়ে এই সমস্যাত ভুগে। বন্ধ্যাত্বৰ ঘটনা বৃদ্ধি পৰিৱেশ, জীৱনশৈলী আৰু বিভিন্ন ৰোগৰ (Infertility in young couples) সৈতে গভীৰভাৱে সম্পৰ্কিত।

    ইয়াৰ উপৰিও, যুৱ দম্পতী অৰ্থাৎ ২০ৰ পৰা ৩০ বছৰ বয়সৰ লোকসকলৰ ক্ষেত্ৰত বন্ধ্যাত্বই এক গুৰুতৰ ৰূপ লৈছে। পুৰুষ আৰু মহিলা দুয়োৰে ক্ষেত্ৰত বন্ধ্যাত্ব হ'ব পাৰে। চিকিৎসকসকলে কৈছে যে সন্তান জন্ম দিব নোৱাৰা পুৰুষ আৰু মহিলাৰ সংখ্যা সমান। পৰিৱেশ আৰু জীৱনশৈলীৰ কাৰক যেনে ধূমপান, অত্যাধিক সুৰাপান, মেদবহুলতা আৰু পাৰিপাৰ্শ্বিক প্ৰদূষকৰ সংস্পৰ্শলৈ অহা পুৰুষ আৰু মহিলাৰ বন্ধ্যাত্বৰ সৈতে সম্পৰ্কিত, এনেদৰে সঠিক সময়ত এজন বন্ধ্যাত্ব বিশেষজ্ঞৰ পৰামৰ্শৰ প্ৰয়োজন।




    আমি কলকাতাৰ নোভা আইভিএফ ফাৰ্টিলিটি ইষ্ট (Nova IVF Fertility East)ৰ ফার্টিলিটি কনছালটেন্ট (Fertility Constant) ড. অনিন্দিতা সিঙ (Dr. Anindita Singh)ৰ সৈতে কম বয়সীয়া লোকসকলৰ মাজত বন্ধ্যাত্বৰ বিষয়ে কথা পাতিছিলোঁ। তেওঁ কম বয়সীয়া লোকসকলৰ বন্ধ্যাত্বৰ কাৰণ আৰু সমাধানবোৰ বিতংভাৱে বৰ্ণনা কৰিছে। "আমি সদায় বিশ্বাস কৰি আহিছোঁ যে বন্ধ্যাত্ব এনে এক বিষয় যিটো কেৱল বৃদ্ধ দম্পতীৰ ক্ষেত্ৰতহে হ'ব পাৰে বুলি ধাৰণা কৰাটো সঁচা নহয়। বন্ধ্যাত্বৰ সমস্যা জীৱনৰ যিকোনো সময়তে হ'ব পাৰে, আনকি আপুনি কম বয়সীয়া হ'লেও!"

    কম বয়সীয়া মহিলাৰ বন্ধ্যাত্বৰ কাৰণ (Causes Of Infertility In Young Women): যদিও এইটো সত্য যে বয়সৰ সৈতে সন্তান ধাৰণৰ ক্ষমতা হ্ৰাস হয়, নিম্নলিখিত কাৰণবোৰৰ বাবে ২০ আৰু ৩০ বছৰ বয়সৰ মহিলাসকলেও সমস্যাৰ সন্মুখীন হ'ব পাৰে :

    ১) গাইনোকোলজিকেল অৱস্থা (Gynaecological Conditions): পলিচিষ্টিক ডিম্বাশয় লক্ষণত ভুগি থকা মহিলাসকলে প্ৰজনন সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। ডিম্বাশয়ৰ সংৰক্ষণ অকালতে সৰি পৰিব পাৰে, ফেলোপিয়ান টিউব অৱৰোধ, জৰায়ুৰ গহ্বৰৰ অস্বাভাৱিকতা যেনে পলিপ বা ফাইব্ৰইডৰ ফলতো প্ৰজনন সমস্যা হয়।

    ২) লাইফষ্টাইল ফেক্টৰ (Lifestyle Factors): ধূমপান বা অতিৰিক্ত ওজন বা কম ওজনৰ দৰে সমস্যাবোৰ বয়স নির্বিশেষে মহিলাৰ বন্ধ্যাত্বৰ কাৰণ হ'ব পাৰে।

    ৩) জেনেটিক অস্বাভাৱিকতা (Genetic Abnormalities): যদি কোনো মহিলাৰ জেনেটিক অস্বাভাৱিকতা থাকে বা পৰিয়ালৰ অন্যান্য মহিলা অকাল মেনোপোজ, এণ্ডোমেট্রিওছিছ ইত্যাদিৰ দৰে সমস্যাৰ ইতিহাস থাকে থাকে, তেন্তে ২০ বছৰ বয়সতো প্রজননৰ সমস্যা হ'ব পাৰে।

    ৪) অব্যক্ত বন্ধ্যাত্ব (Unexplained Infertility): কেতিয়াবা বন্ধ্যাত্বৰ কোনো স্পষ্ট কাৰণ চিনাক্ত কৰিব নোৱাৰি, এনে ক্ষেত্ৰত ইয়াক অব্যক্ত বন্ধ্যাত্ব বুলি কোৱা হয়।

    যুৱতীসকলৰ বন্ধ্যাত্বৰ লক্ষণ: এগৰাকী মহিলাৰ অস্বাভাৱিক, অনিয়মীয়া বা বেদনাদায়ক ঋতুস্ৰাৱ হ'লে বন্ধ্যাত্বত ভুগিব পাৰে। ঋতুস্ৰাৱৰ সম্পূৰ্ণ অনুপস্থিতি আৰু ডাঙৰ লক্ষণ হ'ব পাৰে। আন কিছুমান লক্ষণ আছে যাক এগৰাকী মহিলাই চোৱা উচিত সেইবোৰ হৈছে ব্রণ, যৌন সক্ৰিয়তাৰ পৰিৱৰ্তন, চুলি সৰা আৰু ওজন বৃদ্ধিৰ দৰে সমস্যা। বন্ধ্যাত্বৰ অন্যান্য লক্ষণবোৰৰ ভিতৰত আছে যৌনাঙ্গত বিষ আৰু বগা স্ৰাৱ যেনে স্তনৰ পৰা গাখীৰ ওলাই থকা।

    যুৱকৰ বন্ধ্যাত্বৰ কাৰণ: যুৱকসকলৰ শুক্ৰাণুৰ সংখ্যা কম হ'লে বা শুক্ৰাণুৰ গতিশীলতা কম হ'লে বন্ধ্যাত্বৰ সমস্যা হ'ব পাৰে। কিছুমান পুৰুষৰ অস্বাভাৱিক শুক্ৰাণু বা তেওঁলোকৰ শুক্ৰাণুৰ নলী অৱৰুদ্ধ হৈ পৰিলে বন্ধ্যাত্বৰ সমস্যা হ'ব পাৰে। অণ্ডকোষ বা কিছুমান ৰাসায়নিক পদাৰ্থৰ আঘাতৰ ফলত শুক্ৰাণুৰ সংখ্যা অস্থায়ীভাৱে হ্ৰাস হ'ব পাৰে।

    পুৰুষৰ বন্ধ্যাত্বৰ লক্ষণ: পুৰুষৰ বন্ধ্যাত্ব মহিলাতকৈ অধিক জটিল। চুলিৰ বিকাশৰ পৰিৱৰ্তন আৰু যৌন আকাংক্ষাৰ পৰিৱৰ্তনৰ দৰে সামান্য পাৰ্থক্যৰ ফলত পুৰুষৰ ক্ষেত্ৰত সাম্ভাব্য বন্ধ্যাত্বৰ লক্ষণ দেখা দিব পাৰে। উত্থান আৰু স্খলনৰ সমস্যাত ভুগি থকা যুৱকসকলে ভৱিষ্যতে প্ৰজনন সমস্যাৰ সন্মুখীন হ'ব পাৰে। ইয়াৰ উপৰি সৰু আৰু কঠিন অণ্ডকোষ বা অণ্ডকোষত বিষ আৰু ফুলাটোও বন্ধ্যাত্বৰ লক্ষণ হ'ব পাৰে।

    বন্ধ্যাত্বৰ বাবে চিকিৎসকৰ ওচৰলৈ যোৱাৰ বাবে বয়স কোনো সীমা নাই: বন্ধ্যাত্বৰ ক্ষেত্ৰত বয়সৰ কোনো সীমা নাই, সেয়ে যিমানেই কময় বয়স নহওক গৰ্ভধাৰণ নকৰিলে পুৰুষ-মহিলা উভয়ে চিকিৎসকৰ ওচৰলৈ যোৱাটোৱেই উত্তম। বয়স আছে বুলি ৰৈ থাকিলে সমস্যা জটিল হৈ উঠিব পাৰে।

    চিকিৎসাৰ পদ্ধতি:

    মহিলাৰ বন্ধ্যাত্ব: বন্ধ্যাত্বৰ কাৰণ জনাৰ পিছত চিকিৎসা আৰম্ভ হয়। বন্ধ্যাত্বৰ পৰীক্ষাবোৰ হ'ল- কণী নিষিক্তকৰণ পৰীক্ষা, হিষ্টেৰোচুলোপোগ্ৰাফী, হৰমন পৰীক্ষা ইত্যাদি। ডিম্বাশয়, ইয়াৰ নলী আৰু জৰায়ুৰ সমস্যা চাবলৈ লেপাৰোস্কোপী আছে। ইয়াৰ উপৰিও ষ্টেম চেল থেৰাপী আৰম্ভ কৰা হৈছে।

    পুৰুষৰ বন্ধ্যাত্ব: পুৰুষৰ বন্ধ্যাত্ব চিনাক্ত কৰিবলৈ, বীৰ্য পৰীক্ষা, টেষ্টিকুলাৰ বায়োপ্ছী, স্ক্ৰোটেল আল্ট্ৰাচাউণ্ড, আনুবংশিক পৰীক্ষা আৰু স্খলনৰ পিছত প্ৰস্ৰাৱৰ প্ৰস্ৰাৱ পৰীক্ষা কৰিব লাগিব। যদি শুক্ৰাণু উৎপাদনসম্পৰ্কীয় কোনো সমস্যা আছে, তেন্তে ইয়াৰ কাৰণ প্ৰথমে বিচাৰি উলিয়াব লাগে। যদি দেখা যায় যে শুক্ৰাণু গঠন হৈছে কিন্তু কোনো বাধাৰ বাবে ওলাই আহিব নোৱাৰে, তেনেহ'লে অৱৰোধটো অস্ত্ৰোপচাৰৰ দ্বাৰা ঠিক কৰা হয়। ঔষধৰ সহায়ত, শুক্ৰাণুৰ সংক্ৰমণ নাইকিয়া কৰিব পাৰি। প্ৰস্ৰাৱ ধৰি ৰাখিলে ইয়াৰ পৰা সংক্ৰমণ আৰু শুক্ৰাণুৰ সমস্যা হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়।

    আইভিএফ (IVF): এই প্ৰক্ৰিয়াটোৱে নিষিক্তকৰণ, ভ্ৰূণৰ পৰিপক্কতা, ৰোপণ, গৰ্ভধাৰণত সহায় কৰে।



    Published by:Manjumoni Borah
    First published: