আপুনি যেতিয়াই ইচ্ছা কৰে আহিব পাৰে আৰু মোক লগ কৰিব পাৰে...আপুনি আপোনাৰ যিকোনো কথা ব্যক্ত কৰিব পাৰে...লাগিলে সেয়া মোৰ অনুকূলেই হওক বা সমালোচনাত্মক...প্ৰাক্তন প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধী (Indira Gandhi)ৰ এখন ব্যক্তিগত চিঠিত লিখা আছিল এনে কিছুমান বাক্য।
শেহতীয়াকৈ ইন্দিৰা গান্ধীৰ এই চিঠিখন (Indira Gandhi's Letter) ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। ১৯৭৩ চনতে ভাৰতৰ এগৰাকী বিখ্যাত লোকলৈ লৌহ মানৱী (Iron Lady) ইন্দিৰা গান্ধীয়ে লিখিছিল চিঠিখন। চিঠিখনত এটা পাৰফিউম (Perfume) আৰু ব্যক্তিগৰাকীলৈ অপাৰ অনুগ্ৰহ প্ৰকাশ পাইছিল এই চিঠিখনত।
চিঠিখনৰ মূল পাঠ এনেধৰণৰ-"মই এই পাৰ্ফিউমটো পাই খুবেই ৰোমাঞ্চিত হৈ পৰিছোঁ...বহুত বহুত ধন্যবাদ! মই সাধাৰণতে পাৰ্ফিউম ব্যৱহাৰ নকৰোঁ...এই সৌন্দৰ্যৰ দুনীয়াখনৰ পৰা মই ইমানেই আঁতৰত যে এইবোৰৰ বিষয়ে মই বিশেষ একো নাজানোঁৱেই। কিন্তু এইবাৰ মই এইটো নিশ্চিতভাৱেই ব্যৱহাৰ কৰিম।"
দ্বিতীয় দফাত তেওঁ লিখিছে, "আপোনাক লগ পাই ভাল লাগিল। যদি কেতিয়াবা মোক লগ পাব বিচাৰে বা আহিব বিচাৰে তেনেহ'লে লিখিত ৰূপত জনাব, যেতিয়া আপুনি কিবা কথা ক'ব বিচাৰে...লাগিলে সেয়া মোৰ অনুকুলেই হওক বা সমালোচনাত্মকেই হওক...আপোনাক আৰু Thellyলৈ শুভকামনা...Yours sincerely, Indira Gandhi.
ইন্দীৰা গান্ধীৰ এই ব্যক্তিগত চিঠিখন টুইটাৰত ছেয়াৰ কৰিছে প্ৰখ্যাত উদ্যোগপতি হৰ্ষ গোৱেংকা (Harsh Goenka)ই।
হয়, ভাৰতৰ উদ্যোগ জগতৰ পিতৃ পুৰুষ জে আৰ ডি টাটা (JRD Tata)লৈ লৌহ মানৱী ইন্দিৰা গান্ধীয়ে লিখিছিল এই চিঠিখন। চিঠিখন ছেয়াৰ কৰাৰ লগে লগে ইমানেই আলোচিত হৈছে যে ইন্দিৰা গান্ধী আৰু জে আৰ ডি টাটাৰ প্ৰসংশাত সকলো পঞ্চমুখ হৈ পৰিছে। চিঠিখনত জে আৰ ডি টাটালৈ ইন্দিৰা গান্ধীৰ অপাৰ শ্ৰদ্ধা আৰু আন্তৰিকতা প্ৰকাশ পাইছে। লগতে প্ৰকাশ পাইছে ইন্দিৰাৰ দৰে এগৰাকী সৰ্ব শক্তিমান মহিলাৰ অতি সাধাৰণ জীৱনৰ কথাও।
Published by: Manjumoni Borah
FIRST PUBLISHED : July 22, 2021, 17:54 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|