গ্ৰীষ্মকালীন বন্ধত মাত্ৰ ৯৯৯ টকাতে কৰক বিমান যাত্ৰা, টিকট বুকিঙৰ প্ৰক্ৰিয়া

ইণ্ডিগ’ই গ্ৰীষ্মকালীন বন্ধত ফুৰিবলৈ যোৱা লোকসকলৰ বাবে লৈ আহিছে আকৰ্ষণীয় অফাৰ। এই অফাৰৰ জৰিয়তে ঘৰুৱা বিমান(Domestic Routes)ৰ টিকটৰ মূল্য ৯৯৯ টকাৰ পৰা আৰম্ভ।

Dulu Medhi | news18assam
Updated:May 14, 2019, 6:33 PM IST
গ্ৰীষ্মকালীন বন্ধত মাত্ৰ ৯৯৯ টকাতে কৰক বিমান যাত্ৰা, টিকট বুকিঙৰ প্ৰক্ৰিয়া
ইণ্ডিগ’ই গ্ৰীষ্মকালীন বন্ধত ফুৰিবলৈ যোৱা লোকসকলৰ বাবে লৈ আহিছে আকৰ্ষণীয় অফাৰ। এই অফাৰৰ জৰিয়তে ঘৰুৱা বিমান(Domestic Routes)ৰ টিকটৰ মূল্য ৯৯৯ টকাৰ পৰা আৰম্ভ।
Dulu Medhi | news18assam
Updated: May 14, 2019, 6:33 PM IST
নূন্যতম মূল্যৰ এয়াৰলাইন ইণ্ডিগ’ই গ্ৰীষ্মকালীন বন্ধৰ দিনত ফুৰিবলৈ যোৱা লোকসকলৰ বাবে লৈ আহিছে আকৰ্ষণীয় অফাৰ। এই অফাৰৰ জৰিয়তে ঘৰুৱা বিমান(Domestic Routes)ৰ টিকটৰ মূল্য ৯৯৯ টকাৰ পৰা আৰম্ভ। আনহাতে, আন্তঃৰাষ্ট্ৰীয় বিমান(International Roots)ৰ টিকটৰ মূল্য ৩৪৯৯ টকাৰ পৰা আৰম্ভ। নূন্যতম মূল্যৰ লগতে এয়াৰলাইন প্ৰী–পেড এক্সেছ লাগেজ তথা প্ৰী–পেড এক্সপ্ৰেছ চেক–ইন সেৱাত ৩০ শতাংশলৈ ৰেহাই দিয়া হ’ব। ইয়াৰোপৰি মোবাইলেৰে টিকট বুকিং কৰিলে ১০০০লৈ ঘূৰাই পাব টকা। এই অফাৰ ‘নন ট্ৰাঞ্চফাৰেবল’। গ্ৰুপ বুকিঙতো এই অফাৰ উপলব্ধ নহ’ব।

কেতিয়া কৰিব টিকট বুকিং?
১৪ৰ পৰা ১৬ মে’লৈ কৰিব পাৰিব টিকট বুকিং। ঘৰুৱা বিমান(Domestic Routes)ৰ মূল্য ৯৯৯ টকাৰ পৰা আৰু আন্তঃৰাষ্ট্ৰীয় বিমান(International Roots)ৰ ৩,৪৯৯ টকাৰ পৰা আৰম্ভ। ইয়াৰ জৰিয়তে ১০ লাখ আসন ৰাখি থোৱা হৈছে তথা ২৯ মে’ৰ পৰা ২৮ ছেপ্টেম্বৰলৈ যাত্ৰাৰ বাবে টিকট বুকিং কৰিব পাৰিব।

১,০০০ হাজাৰ টকা কেছবেক
ইয়াৰোপৰি, ডিজি বেংক ডেবিট কাৰ্ডৰ জৰিয়তে ধন পৰিশোধ কৰিলে ১০ শতাংশলৈ পাব ৰেহাই। ইয়াৰ বাবে প্ৰায় ৪,০০০ টকা লেনদেন কৰিব লাগিব। মোবাইলেৰে ধন পৰিশোধ কৰিলে ১,০০০ টকা পাব ঘূৰাই।



এনেকৈ কৰক বুকিং
আপুনি বিচাৰিলে www.goindigo.in ত গৈ বুকিং কৰিব পাৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি