এটা খালী প্লাষ্টিক বটলৰ বাবদ যাত্ৰীক ৫ টকাকৈ দিব ভাৰতীয় ৰেল বিভাগে!

ভাৰতীয় ৰেল‍ বিভাগে হাতত লৈছে এক নতুন আচঁনি

News18-Assam
Updated:July 26, 2019, 5:44 PM IST
এটা খালী প্লাষ্টিক বটলৰ বাবদ যাত্ৰীক ৫ টকাকৈ দিব ভাৰতীয় ৰেল বিভাগে!
source- Google
News18-Assam
Updated: July 26, 2019, 5:44 PM IST
বৰ্তমান সময়ত প্লাষ্টিকৰ অবাধ প্ৰচলনে সমগ্ৰ বিশ্বতে বৃদ্ধি কৰিছে পৰিৱেশ প্ৰদূষণ। প্লাষ্টিকৰ ফলত বৃদ্ধি পোৱা পৰিৱেশ প্ৰদূষণ ৰোধ কৰিবলৈ বিশ্বৰ বিভিন্ন দেশে হাতত লৈছে নতুন নতুন পৰিকল্পনা। ভাৰতৰ দৰে এখন জনবহুল দেশত পৰিৱেশ প্ৰদূষণ এক অন্যতম ডাঙৰ সমস্যা।সেই সময়তে ভাৰতীয় ৰেল‍ বিভাগে হাতত লৈছে এক নতুন আচঁনি। এতিয়াৰ পৰা ভাৰতীয় ৰেল বিভাগে ক্ৰয় কৰিব যাত্ৰীয়ে ভ্ৰমণৰ কালত ব্যৱহাৰ কৰা প্লাষ্টিকৰ বটল। প্ৰত্যেকটো খালী প্লাষ্টিক বটলৰ বাবদ ৰেল বিভাগে যাত্ৰীক দিব ৫ টকাকৈ।

Source-Google


ৰেল বিভাগে এই নতুন আচঁনি দেশৰ কিছু কিছু প্ৰান্তত ইতিমধ্যে আৰম্ভ কৰিছে। পূৰ্ব মধ্য ৰেলৱে’ৰ চাৰিওটা ষ্টেচনত প্লাষ্টিকৰ বটল ক্ৰয় কৰিবলৈ বেণ্ডিঙ মেচিন স্থাপন কৰিছে ভাৰতীয় ৰেল বিভাগে।সেইদৰে এতিয়া লাহে লাহে সফল হোৱাৰ পথত অগ্ৰসৰ হৈছে ৰেল বিভাগৰ এই নতুন প্ৰচেষ্টা। দেশৰ জনসাধাৰণকো এতিয়া আকৰ্ষিত কৰিছে এই নতুন আঁচনি খনে। ৰেল বিভাগে এই খালী প্লাষ্টিক বটল সমূহৰ পৰা টি–চাৰ্ট, টুপি প্ৰস্তুত কৰিছে।

 

 
আৰু চাওক পৰৱৰ্তী বাতৰি