
Go For Gold: লাভলীনা বৰগোঁহাইক শুভেচ্ছা জনোৱা তথা আত্মবিশ্বাস বৃদ্ধি কৰি তোলাৰ বাবে শুৱালকুছিৰ লুইতৰ পাৰত গামোচাৰে এনেদৰে খোদিত হ'ল লাভলীনাৰ নাম।
Go For Gold: লাভলীনা বৰগোঁহাইক শুভেচ্ছা জনোৱা তথা আত্মবিশ্বাস বৃদ্ধি কৰি তোলাৰ বাবে শুৱালকুছিৰ লুইতৰ পাৰত গামোচাৰে এনেদৰে খোদিত হ'ল লাভলীনাৰ নাম।
আজি টকিঅ' অলিম্পিকৰ বক্সিং ৰিঙত নামিব অসম কন্যা লাভলীনা বৰগোঁহাই। সমগ্ৰ দেশবাসীৰ প্ৰাৰ্থনা ফাইনেল পাওক লাভলীনা। ছেমি ফাইনেলৰ পূৰ্বে লাভলীনালৈ শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয় আৰু স্প'ৰ্টছ একাডেমী অৱ শুৱালকুছিৰ তৰফৰ পৰা শুভেচ্ছা বাৰ্তা।
লাভলীনা বৰগোঁহাইক শুভেচ্ছা জনোৱা তথা আত্মবিশ্বাস বৃদ্ধি কৰি তোলাৰ বাবে শুৱালকুছিৰ লুইতৰ পাৰত গামোচাৰে এনেদৰে খোদিত হ'ল লাভলীনাৰ নাম। শুৱালকুছি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু স্প'ৰ্টছ একাডেমী অৱ শুৱালকুছিৰ খেলুৱৈসকলৰ আশা অসম তনয়াই অলিম্পিকত লাভ কৰক পূৰ্ণ সফলতা।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|