ভাৰতবৰ্ষৰ শীৰ্ষ স্থানৰ মহিলা টেবুল টেনিছ খেলুৱৈ মনিকা বাট্ৰাই টকিঅ অলিম্পিকত অব্যাহত ৰাখিছে নিজৰ জয়যাত্ৰা। ৰিঅ' অলিম্পিক গেমছত অংশগ্ৰহণৰ অভিজ্ঞতা থকা মনিকা বাট্ৰাই টকিঅ অলিম্পিকতো অব্যাহত ৰাখিছে জয়যাত্ৰা।
টকিঅ' মেট্ৰ জিমত অনুষ্ঠিত অলিম্পিক গেমছৰ শনিবাৰে প্ৰথম ৰাউণ্ডৰ খেলত প্ৰতিদ্বন্দ্বী গ্ৰেট বৃটেইনৰ টিন টিন হোক ১১-৭, ১১-৬, ১০-১২ আৰু ১১-৯ ব্যৱধানত পৰাস্ত কৰে। দেওবাৰৰ দ্বিতীয় ৰাউণ্ডৰ খেলতো ভাৰতীয় শীৰ্ষ বাছনিৰ মনিকা বাট্ৰাই ইউক্ৰেইনৰ মাৰ্গেৰিটা পেছোটকাক ৪-১১, ৪-১১, ১১-৭, ১২-১০, ৮-১১, ১১-৫, ১১-৭ ব্যৱধানত হৰুৱাই।
২০২০ চনত ভাৰতবৰ্ষৰ ক্ৰীড়াৰ সৰ্বোচ্চ সম্মান "ৰাজিৱ গান্ধী খেলৰত্ন" পুৰস্কাৰ লাভ কৰিছিল মনিকা বাট্ৰাই। সেয়ে নহয় মনিকা বাট্ৰাই কমনৱেলথ গেমছত দুটা স্বৰ্ণপদক পোৱাৰ লগতে এছিয়ান গেমছত ব্ৰঞ্জৰ পদক আৰু ছাফ গেমছত ভাৰতবৰ্ষৰ হৈ স্বৰ্ণপদক লাভ কৰিছিল। সম্প্ৰতি বিশ্বৰ ৬৩ নম্বৰ ৰেংকিঙৰ মহিলা টেবুল টেনিছ খেলুৱৈ গৰাকীয়ে ২৬ জুলাইৰ তৃতীয় ৰাউণ্ডৰ খেলত অষ্ট্ৰিয়াৰ ছফিয়া পালকানোভাৰ বিৰুদ্ধে খেলিব। ভাৰতীয় টেবুল টেনিছ ফেডাৰেছনে এইবাৰ মনিকা বাট্ৰাৰ জ[ড়িয়তে এটা পদক আশা কৰিছে।
Published by: Manjumoni Borah
FIRST PUBLISHED : July 25, 2021, 19:24 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।