• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • টীম ইণ্ডিয়াৰ সৈতে ইংলেণ্ডলৈ যাব লগা ভাৰতীয় বলাৰ প্ৰসিদ্ধ কৃষ্ণা কোৰোণা পজিটিভ

টীম ইণ্ডিয়াৰ সৈতে ইংলেণ্ডলৈ যাব লগা ভাৰতীয় বলাৰ প্ৰসিদ্ধ কৃষ্ণা কোৰোণা পজিটিভ

ৰবি শাস্ত্ৰীৰ নেতৃত্বত ২০ জনীয়া ভাৰতীয় দলটো ২৫ মে'ত মুম্বাইত একত্ৰিত হ'ব আৰু ইয়াত প্ৰস্তুত কৰা বায়ো–বাবলত ৮ দিন থাকিব।

  • Share this:

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত অংশ লোৱাৰ সপোন পূৰণ নহ'ব পাৰে ভাৰতীয় পেচাৰ প্ৰসিদ্ধ কৃষ্ণাৰ। আই পি এলত কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ খেলা ভাৰতীয় পেচাৰ কৃষ্ণা আক্ৰান্ত হৈছে কোৰোণাত। কৃষ্ণাক ইতিমধ্যে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ আৰু ইংলেণ্ড টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দলৰ সৈতে ষ্টেণ্ড বাই খেলুৱৈ হিচাপে সংযুক্ত কৰা হৈছিল।

এতিয়া কৃষ্ণা ২৫ মে'ৰ আগতে কোৰোণা নিগেটিভ হ'লেহে তেওঁ ভাৰতীয় দলৰ সৈতে বায়ো–বাবলত প্ৰৱেশ কৰিবলৈ সক্ষম হ'ব। উল্লেখ্য, প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ নেতৃত্বত ২০ জনীয়া ভাৰতীয় দলটো ২৫ মে'ত মুম্বাইত একত্ৰিত হ'ব আৰু ইয়াত প্ৰস্তুত কৰা বায়ো–বাবলত ৮ দিন থাকিব।

এই সময়ছোৱাত সকলো সদস্যই দুইৰ পৰা তিনিবাৰ কোৰোণা পৰীক্ষা কৰাব লাগিব। দলটো ২ জুনত ইংলেণ্ডলৈ ৰাওনা হ'ব আৰু তাত উপস্থিত হোৱাৰ পিছত ১০ দিনৰ বাবে কোৱাৰেণ্টিনত থাকিব লাগিব। ইয়াৰ পিছত ১৮ জুনত ছাউদাম্পটনত নিউজিলেণ্ডৰ বিৰুদ্ধে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত অংশ ল'ব দলটোৱে।

Published by:Gautam Barman
First published: