ভুৱা চাকৰিৰ পৰা সাধাৰণ ৰাইজক ৰক্ষা কৰাৰ উদ্দ্যেশ্যৰে অইল মাৰ্কেটিং কোম্পানী ইণ্ডিয়ান অইল(Indian Oil)য়ে সতৰ্কতা জাৰি কৰি টুইটত লিখিছে যে কিছুমান লোকে আৰু এজেঞ্চীয়ে ইণ্ডিয়ান অইলৰ নাম লৈ ভুৱা চাকৰি দিয়াৰ মিছা দাবী কৰি আছে। সাধাৰণ জনতা তেওঁলোকৰ কথাত মান্তি নহ’ব। ইণ্ডিয়ান অইলে ক’লে যে ভুৱা এজেঞ্চী বা বহু লোকে কোম্পানীৰ নামত চাকৰি দিয়াৰ বাবদ ধন সৰকাই আছে। ইয়াৰ বাবে ভুৱা ই–মেইল/ছচিয়েল মিডিয়া মেছেজৰ সহায় লয়।
কোম্পানীৰ অনুসৰি, সাধাৰণ জনতাৰ জ্ঞাতাৰ্থে জনাও যে ইণ্ডিয়ান অইলৰ সকলো খালী পদ প্ৰধান বাতৰিকাকত আৰু Employment Newsত Detailed Job Advertisingj জৰিয়তে বিজ্ঞাপন দিয়া হয়। ইয়াত শিক্ষাগত অৰ্হতা, বয়সৰ সীমা, অভিজ্ঞতা, প্ৰয়োজন, ৰিজাৰ্ভ কেটেগৰীৰ বাবে বয়সৰ সীমাত ৰেহাই দিয়া হয় লগতে যোগ্যতাৰ বিশ্লেষণ আৰু Selection processo উল্লেখ কৰা হয়।
ইয়াৰোপৰি খালী পদ আৰু সেই সন্দৰ্ভত সকলো কথা সবিস্তাৰে ইণ্ডিয়ান অইলৰ অফিচিয়েল ৱেবছাইটত www.iocl.comত প্ৰকাশ কৰা হয়। Executive বা Non Executive যিকোনো পোষ্টৰ বাবে Recruitment সন্দৰ্ভত ইণ্ডিয়ান অইলে কোনোধৰণৰ এজেঞ্চী বা লোকক Outsource নকৰে।
Published by: Dulu Medhi
FIRST PUBLISHED : July 18, 2019, 12:23 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।