যদি আপুনি কোটিপতি হোৱাৰ সপোন দেখি আছে (How to be a crorepati), তেনেহ’লে আপোনাৰ ওচৰত এটা সোণালী সুযোগ আছে। দেশৰ সৰ্ববৃহৎ তেল কোম্পানী (Oil company)য়ে প্ৰদান কৰিছে এই সুযোগ। দৰাচলতে, আপুনি ইণ্ডিয়ান অইল (Indian Oil) ৰিটেইল আউটলেটত ডিজেল ভৰাই ২ কোটি টকাৰ পৰিমাণ জিকিব পাৰে।
ইণ্ডিয়ান অইলে 'ডিজেল ভৰো, ইনাম জীটো' (Diesel Bharo, Inaam jeeto) নামৰ এটা অ’ফাৰ লৈ আহিছে। ইণ্ডিয়ান অইলৰ অ’ফাৰটো ১৮ বছৰতকৈ অধিক বয়সৰ যিকোনো ভাৰতীয় নাগৰিকে লাভ কৰিব পাৰে। অৰ্থাৎ ১৮ বছৰৰ অধিক বয়সৰ লোকসকলে অংশগ্ৰহণ কৰিব পাৰিব। কিন্তু তেওঁলোক ভাৰতীয় নাগৰিক হ'ব লাগিব।
Indian Oilৰ এই অ’ফাৰটো কি?‘ডিজেল ভৰো, ইনাম জীটো' অ’ফাৰটোৰ অংশ হ'বলৈ, আপুনি ইণ্ডিয়ান অইলৰ এটা ৰিটেইল আউটলেটত কমেও ২৫ লিটাৰ বা অধিক ডিজেল ক্ৰয় কৰিব লাগিব। চৰ্তটো হ'ল যে, ই একেখন বিলত ক্ৰয় কৰিব লাগিব।
ইয়াত SMS কৰক:২৫ লিটাৰ বা ততোধিক ডিজেল ক্ৰয় কৰাৰ পিছত আপুনি লাভ কৰিব একক মুদ্ৰিত বিল। ইয়াত এটা বিল নম্বৰ আৰু ডিলাৰ কোড (Dealer Code) থাকিব। সেই কোডটো 799033333 নম্বৰলৈ SMS যোগে প্ৰেৰণ কৰিব লাগিব।
SMS কেনেদৰে প্ৰেৰণ কৰিব?বাৰ্তাটো প্ৰেৰণ কৰিবলৈ, আপুনি প্ৰথমে ডিলাৰ কোড টাইপ কৰিব লাগিব, তাৰ পিছত স্পেচ দিব লাগিব, তাৰ পিছত বিল নম্বৰ টাইপ কৰিব লাগিব। আৰু শেষত স্থানৰ নাম লিখি 779903333333 নম্বৰলৈ প্ৰেৰণ কৰিব লাগিব।
এই প্ৰক্ৰিয়াটোৰ ওপৰত এবাৰ মন দিয়ক-
SMS DEALER CODE
BILL NUMBER QUANTITY লিখি 77990 33333লৈ প্ৰেৰণ কৰক।
জনাই দিওঁ যে, SMS সুবিধা BSNL / MTNL / VI / এয়াৰটেল /এয়াৰচেল/ জিঅ'কে ধৰি সকলো ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ।
কোন লাভাম্বিত হ’ব?
ইণ্ডিয়ান অইলৰ অ’ফাৰটোৱে কেৱল সেই সকল গ্ৰাহকক লাভান্বিত কৰিব যিসকলে ৰাজ্যিক বা ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত নিৰ্বাচিত ইণ্ডিয়ান অইল ৰিটেইল আউটলেটৰ (Petrol Pump) পৰা একক মুদ্ৰিত বিল/ ই-ৰচিদে ২৫০০ লিটাৰ ডিজেল ক্ৰয় কৰিব।
লাকী ড্ৰ বিজয়ীয়ে লাভ কৰিবলগীয়া পুৰস্কাৰৰ তালিকাঃ
ইণ্ডিয়ান অইলৰ এই বিশেষ প্ৰস্তাৱৰ অধীনত অংশগ্ৰহণ কৰা সকলৰ পৰা লাকী ড্ৰ'ৰ জৰিয়তে অনুষ্ঠানটোৰ বিজয়ী বাচনি কৰা হ'ব। প্ৰচাৰৰ সময়ত লাকী ড্ৰ'ৰ বাবে পুৰস্কাৰবোৰ হৈছে-
- ২,০০,০০০ টকাৰ পৰা ৪ জন মেগা বিজয়ী। এই পৰিমাণটো প্ৰতিজনক দিয়া হ'ব।
- ১৬জন মাহিলী বিজয়ীয়ে প্ৰতি মাহে ৭৫,০০০/- টকা লাভ কৰিব। - এই পৰিমাণটো প্ৰত্যেককে দিয়া হ'ব।
- প্ৰতি পষেকত ৭০জন পষেক বিজয়ী: ২৫,০০০/- টকা - এই পৰিমাণটো প্ৰত্যেককে দিয়া হ'ব।
- প্ৰতি সপ্তাহত ৫০০ সাপ্তাহিক বিজয়ীঃ প্ৰতি সপ্তাহত ১০০০/- টকা - এই পৰিমাণটো প্ৰত্যেককে দিয়া হ'ব।
৩১ জুলাই, ২০২১ লৈ আছে এই অ’ফাৰঃ
ৱেবছাইটত দিয়া তথ্য অনুসৰি, ইণ্ডিয়ান অইলৰ এই অ'ফাৰ ৩১ জুলাই ২০২১ তাৰিখৰ নিশা ১২ বজালৈকে উপলব্ধ। ইণ্ডিয়ান অইলে স্পষ্ট কৰি দিছে যে, যদি কোনো কাৰণত গ্ৰাহকে বিল নম্বৰটো SMS কৰিবলৈ সক্ষম নহয় ইয়াৰ বাবে ইণ্ডিয়ান অইল দায়বদ্ধ নহ'ব। লগতে এইটোও স্পষ্ট কৰি দিছে যে, যদি বিলখন হেৰুৱায় বা ই-ৰচিদ হেৰাই তেন্তে তেওঁলোকৰ পুৰস্কাৰৰ দাবী নাকচ কৰা হ'ব। মূল মুদ্ৰিত বিলবোৰ বাহাল ৰাখিব লাগিব।Published by: Himangshu Bhuyan
FIRST PUBLISHED : April 17, 2021, 15:56 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।