মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »১২ লাখ টকাৰ গাড়ী লাভ কৰাৰ সুবিধা প্ৰদান কৰি আছে ইণ্ডিয়ান অইলে, কৰিব লাগিব এইখিনি কাম

১২ লাখ টকাৰ গাড়ী লাভ কৰাৰ সুবিধা প্ৰদান কৰি আছে ইণ্ডিয়ান অইলে, কৰিব লাগিব এইখিনি কাম

ক্ৰিকেটৰ বতৰত তেল কোম্পানী ইণ্ডিয়ান অইল কৰপ’ৰেচনে(IOC)–এ গ্ৰাহকৰ বাবে লৈ আহিছে এই অফাৰ। অফাৰৰ জৰিয়তে মন পচন্দৰ টীমক উৎসাহ জগাওক আৰু বিলাসী বাহন নিজৰ কৰি লওক।

ক্ৰিকেটৰ বতৰত তেল কোম্পানী ইণ্ডিয়ান অইল কৰপ’ৰেচনে(IOC)–এ গ্ৰাহকৰ বাবে লৈ আহিছে এই অফাৰ। অফাৰৰ জৰিয়তে মন পচন্দৰ টীমক উৎসাহ জগাওক আৰু বিলাসী বাহন নিজৰ কৰি লওক।

ক্ৰিকেটৰ বতৰত তেল কোম্পানী ইণ্ডিয়ান অইল কৰপ’ৰেচনে(IOC)–এ গ্ৰাহকৰ বাবে লৈ আহিছে এই অফাৰ। অফাৰৰ জৰিয়তে মন পচন্দৰ টীমক উৎসাহ জগাওক আৰু বিলাসী বাহন নিজৰ কৰি লওক।

  • Share this:
যদি আপুনি ক্ৰিকেট প্ৰেমী তেন্তে এই খবৰটো আপোনাৰ বাবেও। ক্ৰিকেটৰ বতৰত তেল কোম্পানী ইণ্ডিয়ান অইল কোৰপ’ৰেচনে(IOC)–এ গ্ৰাহকৰ বাবে লৈ আহিছে এই অফাৰ। অফাৰৰ জৰিয়তে মন পচন্দৰ টীমক উৎসাহ জগাওক আৰু বিলাসী বাহন নিজৰ কৰি লওক। এই অফাৰ ২০১৯ৰ ১ জুনৰ পৰা আৰম্ভ হৈছে আৰু ২০১৯ৰ ১৪ জুলাই অফাৰৰ অন্তিম তাৰিখ। জানো আহক এই অফাৰৰ বিষয়ে।

অফাৰটো কি?
ইণ্ডিয়ান অইলৰ ক্ৰিকেট কাৰ–নিৱাল ২০১৯ অফাৰ। ইয়াৰ অধীনত গ্ৰাহকে ইণ্ডিয়ান অইলৰ পেট্ৰ’ল পাম্পত গাড়ী বা বাইকত তেল ভৰাব লাগিব। এই অফাৰ প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে। এই অফাৰ ২০১৯ৰ ১ জুনৰ পৰা আৰম্ভ হৈছে আৰু ২০১৯ৰ ১৪ জুলাই অফাৰৰ অন্তিম তাৰিখ।



কি কৰিব আপুনি?
ইণ্ডিয়ান অইলৰ টুইট অনুসৰি, অফাৰ লাভৰ বাবে গ্ৰাহকে ইণ্ডিয়ান অইলৰ পেট্ৰ’ল পাম্পৰ পৰা গাড়ীত ১০০০ টকা আৰু বাইক–তিনি চকীয়া বাহনত ৩০০ টকাৰ তেল ভৰাব লাগিব। উল্লেখ কৰা মূল্যতকৈ কম মূল্যৰ তেল ভৰালে এই অফাৰ উপভোগ কৰিব নোৱাৰিব। তেল ক্ৰয়ৰ পিছত গ্ৰাহকে এই নম্বৰ 7710540400ত SMS প্ৰেৰণ কৰিব লাগিব। ইয়াৰ বাবে মেছেজ বক্সত টাইপ কৰিব লাগিব ‘Dealer Code Bill Number Bill Amount’ আৰু প্ৰেৰণ কৰিব লাগিব 9222222084 এই নম্বৰত। ইয়াত ডীলাৰ কোড ৬টা সংখ্যাৰ ইণ্ডিয়ান অইল পেট্ৰ’ল পাম্পৰ ইউনিক কোড আৰু পেট্ৰ’ল/ডিজেল/চাৰ্ভো ক্ৰয় কৰাৰ পিছত লাভ কৰা নম্বৰটোৱে হ’ব বিলৰ নম্বৰ। ইউনিক ডীলাৰ কোড প্ৰতিটো ইণ্ডিয়ান অইলৰ পেট্ৰ’ল পাম্পত লিখিত ৰূপত থাকে। যদি পেট্ৰ’ল পাম্পত ডীলাৰ কোড লিখা নাথাকে গ্ৰাহকে এটেডেণ্টৰ সহায় ল’ব পাৰে।

SMS সুবিধা প্ৰতিটো ছাৰ্ভিচ প্ৰভাইডাৰৰ জৰিয়তে উপলব্ধ
SMS সুবিধা প্ৰতিটো ছাৰ্ভিচ প্ৰভাইডাৰ যেনে
BSNL/MTNL/Vodafone/Airtel/Aircel/Reliance/Ideaৰ জৰিয়তে উপলব্ধ। মেছেজ নাপালে ইয়াৰ বাবে জগৰীয়া নহয় ইণ্ডিয়ান অইল।

বাম্পাৰ লাকী ড্ৰৰ পুৰস্কাৰ
>> প্ৰথম পুৰস্কাৰ- ১২ লাখ টকাৰ প্ৰীমিয়াম ছেডান গাড়ী/এছইউভি–১
>> দ্বিতীয় পুৰস্কাৰ– ৫ লাখ টকাৰ গাড়ী– ৪
>> তৃতীয় পুৰস্কাৰ– বাইক– ১৬
>> চতুৰ্থ পুৰস্কাৰ– স্মাৰ্টফোন– ২০০
>> পঞ্চম পুৰস্কাৰ– অটোগ্ৰাফ থকা বেট– ১০০

বাম্পাৰ লাকী ড্ৰৰ উপৰিও, এই অফাৰৰ জৰিয়তে ৫০০ টকাৰ ২০০০ ফিউল কোপনো ঘোষণা কৰা হ’ব।

এইসকলে অংশগ্ৰহণ কৰিব নোৱাৰিব এই অফাৰত
ইণ্ডিয়ান অইলৰ কৰ্মচাৰী আৰু তেওঁৰ পৰিয়ালৰ সদস্য, ইণ্ডিয়ান অইল ডিলাৰছ্, বিতৰক(Distributors), অন্য চেনেল পাটনাছ্, ইণ্ডিয়ান অইলৰ এডভেৰাজিং এজেঞ্চীৰ কৰ্মচাৰী, ছাৰ্ভিচ প্ৰভাইডাৰ, ইভেণ্ট মেনেজাৰ এইসকলে অংশ ল’ব নোৱাৰে।


শেহতীয়া বাতৰি