ইণ্টাৰনেট কৰ্তনৰ ফলত প্ৰতি ঘণ্টাত লোকচান হ’ল প্ৰায় ২.৪৫ কোটি টকা

News18 Assam | News18-Assam
Updated:December 29, 2019, 9:40 AM IST
ইণ্টাৰনেট কৰ্তনৰ ফলত প্ৰতি ঘণ্টাত লোকচান হ’ল প্ৰায় ২.৪৫ কোটি টকা
Source-Google

নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদত দেশৰ বিভিন্ন প্ৰান্তত বন্ধ কৰি দিয়া হৈছিল ইণ্টাৰনেট সেৱা

  • Share this:
নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদত দেশৰ বিভিন্ন প্ৰান্তত বন্ধ কৰি দিয়া হৈছিল ইণ্টাৰনেট সেৱা। অসমত প্ৰায় ১০ দিন কৰ্তন কৰা হৈছিল ইণ্টাৰনেট সেৱা। যাৰ ফলত দেশৰ টেলিকম প্ৰতিষ্ঠান ব্যাপক লোকচানৰ সন্মুখীন হ’ল। ইতিমধ্যে অৰ্থনৈতিক সংকটৰ গৰাহত পৰা ভাৰতৰ বহু কেইটা টেলিকম প্ৰতিষ্ঠান ব্যাপক ৰূপত ক্ষতিৰ সন্মুখীন হয় চৰকাৰৰ ইণ্টাৰনেট কৰ্তনৰ সিদ্ধান্তৰ ফলত। ইণ্টাৰনেট কৰ্তনৰ ফলত প্ৰত্যেক ঘণ্টাত ক্ষতিৰ সন্মুখীন হ’ল প্ৰায় ২.৪৫ কোটি টকা।
আৰু চাওক
পৰৱৰ্তী বাতৰি