ভাল খবৰ! ২০২১ত এইসকল কৰ্মচাৰীৰ ৭.৭ শতাংশ বৃদ্ধি হ'ব দৰমহা, আটাইতকৈ বেছি লাভান্বিত হ'ব এইসকল কৰ্মচাৰী

News18 Assam | News18-Assam
Updated:March 22, 2021, 3:05 PM IST
ভাল খবৰ! ২০২১ত এইসকল কৰ্মচাৰীৰ ৭.৭ শতাংশ বৃদ্ধি হ'ব দৰমহা, আটাইতকৈ বেছি লাভান্বিত হ'ব এইসকল কৰ্মচাৰী
২০২০ চনত ভাৰতীয় কোম্পানীসমূহে কৰ্মচাৰীসকলৰ দৰমহা গড় ৬.৪ শতাংশ বৃদ্ধি কৰিছিল।

২০২০ চনত ভাৰতীয় কোম্পানীসমূহে কৰ্মচাৰীসকলৰ দৰমহা গড় ৬.৪ শতাংশ বৃদ্ধি কৰিছিল।

  • Share this:
ভাৰতীয় কোম্পানীত কাম কৰি থকা কৰ্মচাৰীসকললৈ সুখবৰ কঢ়িয়াই আনিছে ২০২১ বৰ্ষই। কিয়নো এই বৰ্ষতে কৰ্মচাৰীৰ দৰমহা গড়ে ৭.৭ শতাংশ বৃদ্ধি কৰিব ভাৰতীয় কোম্পানীসমূহে। লগতে কামত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা কৰ্মচাৰীৰ দৰমহা ৬০ শতাংশ বৃদ্ধিৰো সম্ভাৱনা আছে। অন নামৰ এটা কোম্পানী দৰমহা বৃদ্ধিৰ ওপৰত কৰা এক জৰীপ প্ৰকাশ কৰিছে এই কথা। মঙলবাৰে প্ৰকাশ কৰা হৈছিল এই জৰীপৰ প্ৰতিবেদন।

প্ৰতিবেদনত প্ৰকাশ পাইছে যে জাপান, আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন, ছিংগাপুৰ, জাৰ্মানী আৰু ব্ৰিটেইনৰ দৰে মুখ্য অৰ্থব্যৱস্থাতকৈ ভাৰতীয় কোম্পানীসমূহে তেওঁলোকৰ কৰ্মচাৰীৰ দৰমহা অধিক বৃদ্ধি কৰিব। এই দেশসমূহত কৰ্মচাৰীসকলৰ দৰমহাৰ গড় বৃদ্ধি ৩.১ ৰ পৰা ৫.৫ শতাংশ ভিতৰত বুলি অনুমান কৰা হৈছে। ২০২০ চনত ভাৰতীয় কোম্পানীসমূহে কৰ্মচাৰীসকলৰ দৰমহা গড় ৬.৪ শতাংশ বৃদ্ধি কৰিছিল।

ই-বাণিজ্য আৰু ভেন্সাৰ কেপিটেল ক্ষেত্ৰৰ কোম্পানীসমূহৰ বেতন ১০.১ শতাংশলৈকে বৃদ্ধি হ'ব। ইয়াৰ পিছতে তথ্য প্ৰযুক্তি কোম্পানীসমূগে গড় ৯.৭ শতাংশ, আই টি কোম্পানীসমূহে ৮.৮ শতাংশ আৰু মনোৰঞ্জন আৰু গেমিং কোম্পানীসমূহে ৮.১ শতাংশ দৰমহা বৃদ্ধি কৰিব। ইপিনে এই বছৰতে ৰাসায়নিক আৰু ফাৰ্মা কোম্পানীসমূহেও তেওঁলোকৰ কৰ্মচাৰীসকলক ৮ শতাংশ হাৰত  দৰমহা বৃদ্ধি কৰিব পাৰে।

এই জৰীপৰ বাবে প্ৰায় ১,২০০টা কৰ্পৰেট হাউছৰ পৰা তথ্য সংগ্ৰহ কৰা হৈছিল। প্ৰতিবেদনত কোৱা হৈছে যে পেছাদাৰী সেৱাৰ ক্ষেত্ৰত দৰমহা ৭.৯ শতাংশ বৃদ্ধি হ'ব পাৰে। তাৰ বিপৰীতে বিত্তীয় প্ৰতিষ্ঠানসমূহে এই বছৰ তেওঁলোকৰ কৰ্মচাৰীৰ দৰমহা ৬.৫ শতাংশলৈকে বৃদ্ধি কৰিব পাৰে।

এই খণ্ডসমূহ সৰ্বনিম্ন হাৰত বৃদ্ধি পাব দৰমহা -

অৱশ্যে কিছুমান এনে খণ্ডও আছে যিবোৰ কোৰোণা ভাইৰাছৰ বাবে বহু ক্ষতিৰ সন্মুখীন হ'বলগীয়া হৈছে। এই খণ্ডসমূহে তেওঁলোকৰ দৰমহা গড় ৫.৫ ৰ পৰা ৫.৮ শতাংশ বৃদ্ধি কৰিব পাৰে। এই খণ্ডসমূহৰ ভিতৰত আছে হস্পিটেলটি, আন্তঃগাঁথনি, খুচুৰা আৰু ইঞ্জিনিয়াৰিং সেৱা।

এই বৰ্ষত অধিকাংশ প্ৰতিষ্ঠানৰেই পৰিস্থিতি উন্নত হ'বলৈ লৈছে -

জৰীপ প্ৰতিবেদনত প্ৰকাশ পাইছে যে ৯৩.৫ শতাংশ প্ৰতিষ্ঠানে এই বছৰ ইতিবাচক ব্যৱসায় কৰিব বুলি আশা কৰা হৈছে আৰু তেওঁলোকৰ কৰ্মচাৰীৰ দৰমহা বৃদ্ধি কৰাৰ স্থিতিত থাকিব। আন ৬.৫ শতাংশ প্ৰতিষ্ঠানে অনুমান কৰিছে যে এই বছৰতো তেওঁলোকৰ ব্যৱসায়ে ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম নহ'ব আৰু কৰ্মচাৰীৰ দৰমহাৰ গড় বৃদ্ধি বজাই ৰখাটো তেওঁলোকৰ বাবে প্ৰত্যাহ্বানজনক হ'ব। প্ৰায় ৬০ শতাংশ প্ৰতিষ্ঠানে বিশ্বাস কৰিছিল যে তেওঁলোকৰ স্থিতি উন্নত হৈছে আৰু ২০২১ চনত তেওঁলোকে তেওঁলোকৰ কৰ্মচাৰীসকলক ৯.১ শতাংশলৈকে দৰমহা বৃদ্ধি কৰিব পাৰে।

নিয়োগৰ সুযোগ বাঢ়িব -

এই জৰীপে দেখুৱাইছে যে অৰ্থনৈতিক পৰিস্থিতিৰ উন্নতিৰ বাবে প্ৰায় সকলো মুখ্য খণ্ডৰ বাবে ব্যৱসায়িক দৃষ্টিভংগী ইতিবাচক। সেয়েহে এই বছৰ তেওঁলোকে এটা ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হ'ব আৰু ই নতুন নিয়োগৰ পথ মুকলি কৰিব।
Published by: Sanjay Kumar Das
First published: February 24, 2021, 1:23 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি