• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে ঘোষণা কৰা হ'ল ভাৰতীয় দল

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে ঘোষণা কৰা হ'ল ভাৰতীয় দল

ছাউদাম্পটনত ১৮ জুনত অনুষ্ঠিত হ'ব বিশ্ৱ টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল মেচখন

ছাউদাম্পটনত ১৮ জুনত অনুষ্ঠিত হ'ব বিশ্ৱ টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল মেচখন

ছাউদাম্পটনত ১৮ জুনত অনুষ্ঠিত হ'ব বিশ্ৱ টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল মেচখন

  • Share this:

অহা ১৮ জুনত ইংলেণ্ডত অনুষ্ঠিত হ'বলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে ঘোষণা কৰা হ'ল ভাৰতীয় দল। নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে নিৰ্বাচিত দললৈ উভতি আহিছে ৰবীন্দ্ৰ জাদেজা, হনুমা বিহাৰী, মহম্মদ ছামী আৰু উমেশ যাদৱ। আনহাতে চাৰিগৰাকী ষ্টেণ্ডবাই প্লেয়াৰকো নিৰ্বাচন কৰা হৈছে দলটোত।


ঘোষিত দলটো–


বেটছমেনঃ ৰোহিত শৰ্মা, শুভমন গিল, মায়াংক আগৰৱাল, চেতেশ্বৰ পূজাৰা, বিৰাট কোহলি (অধিনায়ক), আজিংক্য ৰাহানে(সহঃ অধিনায়ক), হনুমা বিহাৰী আৰু কে এল ৰাহুল (ফিটনেছ ক্লিয়াৰেন্স সাপেক্ষে)
বলাৰঃ যশপ্ৰীত বুমৰাহ, ঈশান্ত শৰ্মা, মহম্মদ ছামী, মহম্মদ চিৰাজ, শাৰ্দুল ঠাকুৰ, উমেশ যাদৱ, অক্ষৰ পেটেল।
অলৰাউণ্ডাৰঃ ৰবীন্দ্ৰ জাদেজা, ৱাশ্বিংটন সুন্দৰ, ৰবিচন্দ্ৰন অশ্বিন
উইকেটকিপাৰঃ ঋষভ পন্ত আৰু ঋদ্ধিমান সাহা (ফিটনেছ ক্লিয়াৰেন্স সাপেক্ষে)।
ষ্টেণ্ডবাই খেলুৱৈঃ অভিমন্যু ঈশ্বৰণ, প্ৰসিদ্ধ কৃষ্ণ, আবেশ খান আৰু অৰ্জন নাগৱাছৱালা।


এই দলৰ পৰা বাদ পৰিল হাৰ্দিক পাণ্ডিয়া, কুলদীপ যাদৱ, নৱদীপ ছাইনী আৰু টি নটৰাজন। এই সম্পৰ্কে বিচিচিআয়ে কোনো কাৰণ জনোৱা নাই যদিও পাণ্ডিয়া ফিটনেছৰ সমস্যাত আছে বুলি জানিব পৰা গৈছে।


উল্লেখ্য, ইংলেণ্ডৰ ছাউদাম্পটনত অনুষ্ঠিত হ'ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল মেচখন। নিউজিলেণ্ডৰ বিৰুদ্ধে খিতাপ সংঘৰ্ষৰ এই যুঁজৰ পিছতে ৪ আগষ্টৰ পৰা অনুষ্ঠিতব্য ইংলেণ্ড টেষ্ট শৃংখলাও একেটা দলেই খেলিব।

Published by:Gautam Barman
First published: