আশ্বৰ্যকৰ ! ভাৰতত আছে কোটিপতি ভিক্ষাৰী ! যাৰ আছে বিলাসী ফ্লেটৰ লগতে অগাধ সা-সম্পত্তি, জানক ভাৰতৰ পাঁচগৰাকী কোটিপতি ভিক্ষাৰীৰ বিষয়ে

News18 Assam | News18-Assam
Updated:March 22, 2021, 3:21 PM IST
আশ্বৰ্যকৰ ! ভাৰতত আছে কোটিপতি ভিক্ষাৰী ! যাৰ আছে বিলাসী ফ্লেটৰ লগতে অগাধ সা-সম্পত্তি, জানক ভাৰতৰ পাঁচগৰাকী কোটিপতি ভিক্ষাৰীৰ বিষয়ে
ভাৰতৰ ধনী ভিক্ষাৰী: আচৰিত যেন লাগিলেও সঁচা। ভিন্ন অঞ্চলত ভিক্ষা খুজি গোটাইছে কোটিৰ ঘৰত ধন। আছে বিলাসী এপাৰ্টমেন্টৰ লগতে অগাধ সা-সম্পত্তি।

ভাৰতৰ ধনী ভিক্ষাৰী: আচৰিত যেন লাগিলেও সঁচা। ভিন্ন অঞ্চলত ভিক্ষা খুজি গোটাইছে কোটিৰ ঘৰত ধন। আছে বিলাসী এপাৰ্টমেন্টৰ লগতে অগাধ সা-সম্পত্তি।

  • Share this:
পৃথিৱীৰ প্ৰতিগৰাকী ব্যক্তিয়ে তেওঁৰ পৰিয়ালৰ সৈতে নিজৰ জীৱনটো চলাই নিবলৈ চাকৰি কৰে বা যিকোনো কাম কৰে । এগৰাকী ব্যক্তিয়ে কিমান উপাৰ্জন কৰে সেয়া তেওঁৰ জীৱনশৈলীৰ পৰাই জানিব পৰা যায়। কিন্ত বৰ্তমান সমাজত এনে এটা শাখা আছে, যাৰ জীৱনশৈলীয়ে কিন্তু তেওঁৰ উপাৰ্জনৰ উমানেই দিব নোৱাৰিব আপোনাক অথচ তেওঁলোকক কিন্তু ভিক্ষাৰীৰ এই শাৰীত পৰে । আমাৰ চৌদিশে এনে কিছুমান ভিক্ষাৰীও আছে , যাৰ উপাৰ্জনে আপোনাক আচৰিত কৰি তুলিব আৰু এইটো সম্ভৱ যে, তেওঁলোকৰ উপাৰ্জন আপোনাৰ তুলনাত বহুত বেছি ।

আচৰিত যেন লগা এই সত্যৰ বিষয়ে আপুনিও জানি লওক। ভাৰতৰ পাঁচজন ধনী ভিক্ষাৰীৰ বিষয়ে জানক যাৰ কেৱল এপাৰ্টমেণ্টেই নহয়, এক বৃহত্ পৰিমাণৰ বেংক বেলেঞ্চো আছে । যদিও তেওঁলোকক ৰাস্তাত ভিক্ষা খুজি থকা দেখিবলৈ পোৱা যায় ।

এখন আলোচনীত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, আটাইতকৈ ধনী পাঁচগৰাকী ভিক্ষাৰীৰ তালিকাৰ প্ৰথম নামটো হৈছে ভাৰত জৈন, যিয়ে মুম্বাইৰ পাৰেল অঞ্চলত ভিক্ষা খুজি থকা দেখিবলৈ পোৱা যায় । মায়ানগৰী মুম্বাইত তেওঁৰ দুটাকৈ ফ্লেট আছে আৰু যাৰ আনুমানিক মূল্য হৈছে ১৪০ লাখ টকা । অৰ্থাত্ ১ কোটি ৪০ লাখ টকাৰ সম্পত্তি তেওঁৰ ইয়াৰ পৰাই আহিছে । প্ৰতিবেদনত কোৱা অনুসৰি, ভাৰত জৈনে প্ৰতি মাহে প্ৰায় ৭৫ হাজাৰ টকা ভিক্ষা খুজিয়েই উপাৰ্জন কৰে ।

ধনী ভিক্ষাৰীসকলৰ তালিকাত দ্বিতীয় স্থানত আছে কলকাতাৰ লক্ষ্মী । লক্ষ্মীয়ে ১৬ বছৰ বয়সৰ পৰাই কলকাতাত ভিক্ষা খুজিবলা আৰম্ভ কৰিছিল । ১৯৬৪ চনৰ পৰা তেওঁ ভিক্ষা খুজিয়েই লাখ লাখ সম্পত্তি সংগ্ৰহ কৰিছে লক্ষ্মীয়ে । আজিৰ দিনত লক্ষ্মীয়ে প্ৰতিদিনে ভিক্ষা কৰি ১ হাজাৰ টকা উপাৰ্জন কৰে।

এই ধনী ভিক্ষাৰীৰ তালিকাৰ তৃতীয় স্থানত আছে মুম্বাইৰ বাসিন্দা গীতা । প্ৰতিবেদন অনুসৰি, মুম্বাইৰ মাংগাৰ ৰোডৰ ওচৰত ভিক্ষা খুজে গীতাই আৰু ভিক্ষা খুজিয়েই সংগ্ৰহ কৰা ধনেৰেই এটা ফ্লেট ক্ৰয় কৰিছে গীতাই । প্ৰতিদিনে ভিক্ষা খুজি গীতাই প্ৰায় ১৫০০ টকা উপাৰ্জন কৰে। সেই অনুসৰি গীতাৰ মাহিলী উপাৰ্জন প্ৰায় ৪৫ হাজাৰ টকা ।

চতুৰ্থ স্থানত আছে চন্দ্ৰ আজাদৰ নাম । ২০১৯ চনত এক ৰেল দুৰ্ঘটনাত চন্দ্ৰ আজাদৰ মৃত্যু হৈছিল আৰু আৰক্ষীৰ তদন্তত তেওঁৰ সম্পত্তিৰ তথ্য লাভ কৰা হৈছিল । চন্দ্ৰ আজাদৰ বেংক একাউণ্টত ৮.৫০ লাখ টকা আৰু নগদ ১.৫ লাখ টকা থকাৰ খবৰ পোহৰলৈ আহিছিল ।

ইপিনে বিহাৰৰ ৰাজধানী পাটনাৰ প্লেটফৰ্মত ভিক্ষা খুজা পাপু আছে ধনী ভিক্ষাৰীৰ এই তালিকাৰ পঞ্চম স্থানত । পাপুৱে এটা দুৰ্ঘটনাত তেওঁৰ ভৰি হেৰুৱাইছিল যাৰ পিছত তেওঁ ৰেল ষ্টেচনত ভিক্ষা খুজা আৰম্ভ কৰিছিল । সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, পাপুৰ প্ৰায় ১.২৫ কোটি টকাৰ সম্পত্তি আছে।
First published: March 2, 2021, 11:50 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি