T20 World Cup: টি-২০ বিশ্বকাপৰ বাবে ভাৰতলৈ আহিব পাৰিব পাকিস্তানী দল ! ভিছা প্ৰদানৰ বাবে সাজু হৈছে ভাৰত চৰকাৰ ...

News18 Assam | News18-Assam
Updated:April 17, 2021, 11:15 PM IST
T20 World Cup: টি-২০ বিশ্বকাপৰ বাবে ভাৰতলৈ আহিব পাৰিব পাকিস্তানী দল ! ভিছা প্ৰদানৰ বাবে সাজু হৈছে ভাৰত চৰকাৰ ...
ভাৰতত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপ (T20 World Cup) ত অংশগ্ৰহণৰ পথ প্ৰশস্ত হ’ল পাকিস্তানী দলৰ । ভাৰত চৰকাৰে পাকিস্তানী খেলুৱৈ আৰু সংবাদ মাধ্যমক ভিছা প্ৰদান কৰিবলৈ সন্মতি হৈছে ।

ভাৰতত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপ (T20 World Cup) ত অংশগ্ৰহণৰ পথ প্ৰশস্ত হ’ল পাকিস্তানী দলৰ । ভাৰত চৰকাৰে পাকিস্তানী খেলুৱৈ আৰু সংবাদ মাধ্যমক ভিছা প্ৰদান কৰিবলৈ সন্মতি হৈছে ।

  • Share this:
চলিত বৰ্ষৰ অক্টোবৰ-নৱেম্বৰত ভাৰতত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপ (T20 World Cup) ত অংশগ্ৰহণ কৰিব পাৰিব পাকিস্তানী দলে । শেহতীয়াকৈ পাকিস্তানী খেলুৱৈ আৰু সংবাদ মাধ্যমক ভিছা প্ৰদান কৰিবলৈ সন্মতি হৈছে ভাৰত চৰকাৰ । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড (BCCI) য়ে শুকুৰবাৰে অনুষ্ঠিত এক ভাৰ্চুৱেল বৈঠকৰ জৰিয়তে শীৰ্ষ পৰিষদক (Apex Council)ক অৱগত কৰে এই কথা । ব'ৰ্ডৰ মতে, পাকিস্তানী খেলুৱৈসকলৰ ভিছাৰ ক্ষেত্ৰত তেওঁলোকে চৰকাৰৰ পৰা সেউজ সংকেত লাভ কৰিছে । অৱশ্যে অনুৰাগীসকলৰ ওপৰত এতিয়ালৈকে কোনো চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই । সোনকালেই সংশ্লিষ্ট মন্ত্ৰালয়ে এই বিষয়েও সিদ্ধান্ত গ্ৰহণ কৰিব ।

বৈঠকত উপস্থিত থকা (BCCI) ৰ এগৰাকী বিষয়াই সংবাদ সংস্থাক কয় যে, যিহেতু টি-২০ বিশ্বকাপ(T20 World Cup) এটা আইচিচি অনুষ্ঠান, ইয়াৰ পৰিপ্ৰেক্ষিততে চৰকাৰে পাকিস্তানী খেলুৱৈ আৰু সংবাদ মাধ্যমৰ বাবে ভিছাৰ অনুমোদন জনাইছে। আগন্তুক মাহত এই বিষয়ত অধিক আলোচনা কৰা হ'ব। ইয়াৰ পূৰ্বে, পিচিবিৰ সভাপতি এহছান মানিয়ে এটা আল্টিমেটাম দিছিল যে বিচিচিআইয়ে ৩১ মাৰ্চৰ ভিতৰত পাকিস্তানী দলৰ বাবে ভিছাৰ ক্ষেত্ৰত নিজৰ স্থিতি প্ৰকাশ কৰিব লাগে। ইয়াৰ এদিন পিছতে ১ এপ্ৰিলত, আইচিচিয়ে ব'ৰ্ডৰ এক বৈঠকত এই বিষয়টো নিশ্চিত কৰিছিল যে এই বিবাদ এমাহৰ ভিতৰত সমাধান কৰা হ'ব।

কোৰোণা ভাইৰাছৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয় ৷ বিচিচিআইয়ে প্ৰতিযোগিতাখনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। ব’ৰ্ডে ইয়াৰ বাবে ৯ টা স্থান সাজু ৰাখিবলৈ কৈছে,যদিও এই সন্দৰ্ভত পিছত চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব। বৰ্তমানে প্ৰতিযোগিতাৰ ফাইনেল আহমেদাবাদত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে । লগতে দিল্লী, মুম্বাই, চেন্নাই, বাংগালুৰু, হায়দৰাবাদ, ধৰ্মশালা, কলকাতা আৰু লক্ষ্ণৌও আছে । বৰ্ডৰ বিষয়াজনে লগতে জনায় যে স্থান সংক্ষিপ্তৰূপত তালিকাভুক্ত কৰা হৈছে। পিছৰ পৰ্যায়ত এই বিষয়ে সিদ্ধান্ত লোৱা হ'ব । সম্প্ৰতি চিন্তনীয় বিষয়টো হ’ল অক্টোবৰ-নৱেম্বৰত দেশত কোৰোণা পৰিস্থিতি কেনেকুৱা হ'ব ৷

ইপিনে শীৰ্ষ পৰিষদে লগতে সিদ্ধান্ত লয় যে ভাৰতীয় মহিলা ক্ৰিকেট টীমে ২০২১ৰ শেষত অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিব । ইয়াৰ পিছত নিউজিলেণ্ডো ভ্ৰমণ কৰিব, যি মহিলা এদিনীয়া বিশ্বকাপৰ পূৰ্বে হ'ব।
Published by: Kokil Sarma
First published: April 17, 2021, 11:15 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি