প্ৰতিষ্ঠানৰ ফালৰ পৰা ৩৮,৯২৬টা পদৰ বাবে প্ৰকাশ কৰা হৈছে।
প্ৰতিষ্ঠানৰ ফালৰ পৰা ৩৮,৯২৬টা পদৰ বাবে প্ৰকাশ কৰা হৈছে।
শেহতীয়াকৈ, ভাৰতীয় ডাক বিভাগে এক জাননী যোগে জনাইছে যে, গ্ৰামীণ ডাক সেৱক পদত নিযুক্তিৰ বাবে আৱেদন গ্ৰহণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰে। এই সন্দৰ্ভত অধিক বিৱৰণ জানিবলৈ, প্ৰাৰ্থীসকলে শেহতীয়াকৈ ভাৰতীয় ডাক বিভাগৰ ৱেবছাইট ভিজিট কৰিব পাৰে।
আবেদনৰ তাৰিখঃ
প্ৰকাশিত তথ্য অনুসৰি, আবেদন প্ৰক্ৰিয়া ২ মে'ৰ পৰা আৰম্ভ হৈছিল। প্ৰাৰ্থীসকলে ৫ জুন, ২০২২ৰ ভিতৰত আবেদন পত্ৰ দাখিল কৰিব লাগিব। আপুনি অনলাইন আবেদন কৰিব লাগিব। এই ক্ষেত্ৰত, প্ৰাৰ্থীসকলে সংস্থাৰ অফিচিয়েল ৱেবছাইটত আবেদন পত্ৰ লাভ কৰিব। এই সন্দৰ্ভত সময়সীমাৰ যিকোনো পৰিৱৰ্তন প্ৰাৰ্থীসকলক এখন জাননীৰ জৰিয়তে জনোৱা হ'ব।
প্ৰতিষ্ঠানৰ ফালৰ পৰা ৩৮,৯২৬টা পদৰ বাবে প্ৰকাশ কৰা হৈছে।
আবেদনৰ প্ৰক্ৰিয়াঃ
প্ৰথমতে, অফিচিয়েল ৱেবছাইট indiapostgdsonline.gov.in ত ভিজিট কৰক।
তাৰ পিছত আপোনাৰ নাম পঞ্জীয়ন কৰিবলৈ Start Registrationত লিংকত ক্লিক কৰক।
আৱেদন মাচুল দাখিল কৰিব লাগিব।
আবেদনখন পূৰণ কৰিব লাগিব।
ভৱিষ্যতৰ বাবে প্ৰপত্ৰখনৰ এটা প্ৰিণ্ট আউট ৰাখিব।
প্ৰাৰ্থীৰ যোগ্যতাঃ
ভাৰতৰ নাগৰিক হব লাগিব। লগতে দশম শ্ৰেণী(গণিত আৰু ইংৰাজী বিষয় সহ) উত্তীৰ্ণ হব লাগিব।
বয়সৰ সীমাঃ
১৮ বছৰৰ পৰা ৪০ বছৰৰ ভিতৰত।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|