বতৰ বিজ্ঞান কেন্দ্ৰৰ জাননীঃ প্ৰচণ্ড গৰমে দহিব দেশৰ ১৪ খন চহৰ

৫০ৰ পৰা ৪৫ ডিগ্ৰী চেলছিয়াছৰ ঘৰ অতিক্ৰম কৰিব এইবাৰ গৰমে!

news18assam
Updated:June 1, 2019, 2:18 PM IST
বতৰ বিজ্ঞান কেন্দ্ৰৰ জাননীঃ প্ৰচণ্ড গৰমে দহিব দেশৰ ১৪ খন চহৰ
৫০ৰ পৰা ৪৫ ডিগ্ৰী চেলছিয়াছৰ ঘৰ অতিক্ৰম কৰিব এইবাৰ গৰমে!
news18assam
Updated: June 1, 2019, 2:18 PM IST
এইবাৰ প্ৰচণ্ড গৰমৰ কবলত পৰিব ভাৰতবৰ্ষ। Indian Meteorological Department ৰ তথ্যত প্ৰকাশ পাইছে এই কথা। গৰমে এইবাৰ অতিক্ৰম কৰিব ৪৫ ডিগ্ৰী চেলছিয়াছৰ ঘৰ! বিভাগটোৰ তথ্য অনুসৰি উত্তৰ ভাৰতৰ দিল্লী, উত্তৰ প্ৰদেশ, পঞ্জাব, চণ্ডিগড়, মধ্যপ্ৰদেশ,বিহাৰ, ৰাজস্থানৰ বিভিন্ন এলেকাত এইবাৰ গৰমে দহিব জনসাধাৰণক।



সেইদৰে শুকুৰবাৰে জম্মু–কাশ্মীৰ, দিল্লী, হিমাচল প্ৰদেশ,ৰাজস্থান প্ৰচণ্ড গৰমৰ কবলত পৰা পৰিলক্ষিত হৈছে। শুকুৰবাৰৰ দিনটোত দেশৰ ৰাজধানী দিল্লীত গৰমে সৰ্বাধিক ৪৭ ডিগ্ৰী চেলছিয়াছৰ ঘৰ অতিক্ৰম কৰাৰ বিপৰীতে, ৰাজস্থানৰ শ্ৰীগংগানগৰত গৰমে ৫০ ডিগ্ৰীৰ ঘৰ পাৰ কৰে। কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ অসম, মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰা আৰু কৰ্ণাটকত এইবাৰ অতিমাত্ৰা বৰষুণ হোৱাৰহে সম্ভাৱনা আছে।

শুকুৰবাৰৰ দিনটোত নতুন দিল্লীৰ কেইবাখনো চহৰত গৰমে ৪৭ ডিগ্ৰী চেলছিয়াছৰ ঘৰ অতিক্ৰম কৰিছে।শুকুৰবাৰৰ দিনটোত অতিমাত্ৰা গৰমৰ কবলত পৰে নোয়দা,গাজিয়াবাদ,গুৰুগ্ৰাম,ফৰিদাবাদ চহৰ। সেইদৰে বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে আগন্তুক ১০ দিনলৈ গৰম হ্ৰাস পোৱাৰ কোনো সম্ভাৱনা নাই।
আৰু চাওক পৰৱৰ্তী বাতৰি